অভিনেত্রী কংগনাক চমন মুম্বাই আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ টুইটাৰত সাম্প্রদায়িক সংহতি বিনষ্ট কৰাৰ অভিযোগত ৰাষ্ট্রদ্রোহৰ গোচৰ ৰুজু হোৱা অভিনেত্রী কংগনা ৰানাৱত আৰু তেওঁৰ ভগ্ণী ৰংগুলী ছাণ্ডেলক মুম্বাই আৰক্ষীয়ে চমন জাৰি কৰিছে৷
বোম্বে উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে ভগ্ণীসহ কংগনা ৰানাৱতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত আজি মুম্বাই আৰক্ষীয়ে চমন জাৰি কৰি অহা ২৬ আৰু ২৭ অক্টোবৰত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷