নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদেই পাকিস্তানৰ ৰাষ্ট্রীয় নীতিঃ ৰাজনাথ সিং

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ ভাৰতৰ বিৰুদ্ধে সন্ত্রাসবাদক উৎসাহ যোগোৱা পাকিস্তানক আক্রমণাত্মক বক্তব্যৰে সমালোচনা কৰিছে ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ এক অনুষ্ঠানত সেনাক উদ্দেশ্যি প্রতিৰক্ষামন্ত্রীজনে কয় যে সমুখ যুঁজত চাৰিবাৰকৈ পৰাজয়বৰণ কৰা সত্ত্বেও পাকিস্তানে সন্ত্রাসবাদক ৰাষ্ট্রীয় নীতি হিচাপে গ্রহণ কৰি ভাৰতৰ বিৰুদ্ধাচৰণ কৰাৰ দুঃসাহস কৰি আহিছে৷ ‘ভাৰতৰ পশ্চিম দিশে আছে প্রতিকূল প্রতিৱেশী দেশ পাকিস্তান– যি সন্ত্রাসবাদক ৰাষ্ট্রীয় নীতি হিচাপে জ্ঞান কৰে৷ যাৰ বাবেই আপোনালোকে প্রতি মুহূর্ততে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সষ্টম হৈ থাকিব লাগিব ৷’–ইণ্ডিয়ান মিলিটাৰী একাডেমীত জেণ্টলমেন কেডেটসকলক উদ্দেশ্যি প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয় এইদৰে৷ তেওঁ আৰু কয়– আমাৰ চৰকাৰে সন্ত্রাসবাদৰ বিৰুদ্ধে বহু শক্তিশালী ষ্ট্রেটেজী গ্রহণ কৰিছে আৰু ই ভাল ফলাফলো দিছে ৷ কিন্তু আমি সদায় সতর্ক হৈ থাকিব লাগিব, কাৰণ পাকিস্তানৰ সন্ত্রাসবাদী কার্যকলাপ অত্যন্ত শক্তিশালী৷ ৰাজনাথ সিঙে লগতে কয়– ‘ইতিহাসে প্রমাণ কৰে যে ভাৰতে কেতিয়াও বিদেশী ৰাষ্ট্রক আক্রমণ কৰা নাই বা দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে৷ কিন্তু পাকিস্তানে সদায় তাকেই কৰি আহিছে ৷’

You might also like