নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“পাৰদর্শিতা, যোগ্যতা আৰু ধৈর্যৰ অভাৱ ৰাহুল গান্ধীৰ”- আত্মজীৱনীত এইদৰে লিখিলে বাৰাক ওবামাই

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ “ৰাহুল গান্ধীৰ যোগ্যতা নাই, নাই তেওঁ ধৈর্য”, ৰাহুল গান্ধীৰ সন্দৰ্ভত নতুন গ্ৰন্থত এনেদৰেই উল্লেখ কৰিলে বাৰাক ওবামাই।

মার্কিন যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক ওবামাই তেওঁৰ সদ্য প্রকাশিত “A Promised Land” গ্ৰন্থত ৰাজনৈতিক স্মৃতিচাৰণ কৰিছে। তেওঁ গ্ৰন্থখনত উল্লেখ কৰিছে, মার্কিন যুক্তৰাষ্ট্র আৰু অন্যান্য বহু কেইজন নেতাৰ চৰিত্রগত বৈশিষ্ট্য। ইয়াৰ ভিতৰত ভাৰতৰ ৰাহুল গান্ধী আৰু প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙো আছে।

নিউয়র্ক টাইমছৰ এক প্রতিবেদনত কোৱা হৈছে, বাৰাক ওবামাই ৰাহুল গান্ধীৰ চৰিত্রগত বৈশিষ্ট্য তুলি ধৰি কৈছে, “ৰাহুল এজন ছাত্ৰৰ দৰে। তেওঁ নিজৰ সন্মুখৰ মানুহক প্ৰভাৱিত কৰিবলৈ আপ্রাণ চেষ্টা কৰে। কিন্তু সমস্যা সমাধান কৰিবলৈ ধৈর্য কম।” লগতে ওবামাই ৰাহুল গান্ধীৰ শিক্ষাগত যোগ্যতা কম বুলিও উল্লেখ কৰিছে।

আনহাতে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ সম্পর্কেও উল্লেখ কৰিছে ওবামাই। লিখিছে, মনমোহন সিঙৰ মাজত আছে সততা আৰু নিষ্ঠা।

হোৱাইট হাউছত আঠটা বছৰ কটাইছিল বাৰাক ওবামাই। সেই সময়ছোৱাৰ পৰিস্থিতি, সমস্যা সমাধান কৰা মুহূর্ত সম্পর্কেও বিস্তাৰিত ৰূপত লিখিছে তেওঁ। কোৱা হৈছে ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে এই আত্মজীৱনী লিখিছিল বাৰাক ওবামাই।

You might also like