নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ দেশত ক্রমান্বয়ে শক্তিশালী সাংগঠনিক স্থিতি গঢ়ি তুলিবলৈ সক্ষম হোৱা বিশ্বখ্যাত জেহাদী সংগঠন আল–কায়দাই ৰক্তাক্ত কৰিব পশ্চিমবংগ৷ চোৰাংচোৱা সংস্থা আইবিআয়ে লাভ কৰা তথ্য মতে আল–কায়দাই শ্লিপাৰ চেলৰ জৰিয়তে পশ্চিমবংগত ভয়াৱহ সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰিব৷ যোৱা ৫ নৱেম্বৰত আইবিয়ে লাভ কৰা এই তথ্যৰ পিছতেই নিৰাপত্তা বাহিনীক সন্ত্রাসবাদী আক্রমণক লৈ সতর্ক কৰি দিছে৷ বিদেশী সন্ত্রাসবাদীৰ সহায়ত পশ্চিমবংগত আক্রমণ সংঘটিত কৰি আল–কায়দাই ৰাজ্যখনত সাম্প্রদায়িক সংঘর্ষ বিয়পোৱাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷
উল্লেখ্য যে পাকিস্তানস্থিত আল–কায়দাই ইতিমধ্যে অনলাইনযোগে বংগৰ স্থানীয় মুছলিম যুৱকক জেহাদী সংগঠনটোৰ প্রতি আকর্ষিত কৰিবলৈ সক্ষম হৈছে আৰু অনলাইনযোগে নিযুক্তি দি আছে৷ নিয়াই গ্রেপ্তাৰ কৰা আল–কায়দা সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত বংগত জেহাদী সংগঠনটোৱে শক্তিশালী সাংগঠনিক ভেটি গঢ়ি তোলাটো নিশ্চিত কৰিছে৷ পাকিস্তানৰ কৰাচী আৰু পেছোৱাৰৰ পৰা অনলাইনযোগে কট্টৰ মুছলিম যুৱকক ভাৰতবিৰোধী কার্যকলাপৰ বাবে উৎসাহিত কৰি আহিছে৷