নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ দিনাই চুবুৰীয়া ৰাষ্ট্র চীন আৰু পাকিস্তানক সকীয়নি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ পাকিস্তান সীমান্তৱর্তী পঞ্জাবৰ জয়ছালমেৰৰ লংগেৱালা প’ষ্টত বায়ুসেনা জোৱানৰ সৈতে দীপাৱলী উদ্যাপন কৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ স্বার্থত প্রতিৱেশী ৰাষ্ট্রৰ যিকোনো কার্যকলাপক ভাৰতীয় সেনাই প্রতিহত কৰিব পাৰে বুলি সেনাৰ বীৰত্ব আৰু সাহসক প্রশংসা কৰে৷
লাডাখৰ এল এ চিত চীনা সৈন্যৰ সৈতে ভাৰতীয় সেনাৰ উত্তেজনা অব্যাহত থকাৰ সময়তে প্রধানমন্ত্রী মোদীয়ে সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰি দিয়া ভাষণত কয়– সম্প্রসাৰণবাদ বিকৃত মানসিকতাৰ পৰিচয়৷ ই ১৮শ শতিকাৰ মানসিকতাক উদঙাই দিয়ে৷ দেশৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্রত কোনো আপোচ কৰা নহয়৷ চীনক এইদৰে সকীয়নি দি প্রধানমন্ত্রী মোদীয়ে জম্মু–কাশ্মীৰত যুদ্ধবিৰতি উলংঘনকাৰী চিৰবৈৰী পাকিস্তানকো সকীয়নি দিয়ে৷ প্রধানমন্ত্রী মোদীয়ে কয় যে যদি কোনোবাই প্রৰোচিত কৰে, তেতিয়াহ’লে ভাৰতে যথোচিত প্রত্যুত্তৰ দিয়ে৷ সন্ত্রাসবাদীৰ ঘৰত সোমাই দেশৰ সেনাই প্রত্যাক্রমণ কৰিছে৷ দেশৰ সেনা জোৱানৰ বীৰত্ব আৰু সাহসক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে পৃথিৱীৰ কোনো শক্তিয়েই আমাৰ সীমান্ত সুৰক্ষা কৰাত জোৱানক প্রতিহত কৰিব নোৱাৰে৷ ভাৰতে ইতিমধ্যে নিজৰ শক্তি দেখুৱাইছে৷ পৃথিৱীয়ে জানে যে দেশৰ স্বার্থৰ ক্ষেত্রত এক বিন্দুও ভাৰতে আপোচ নকৰে৷ সেনা জোৱানৰ বীৰত্বক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুঁজৰ প্রসংগ উল্লেখ কৰি এই যুঁজ দেশৰ স্থল, নৌ আৰু বায়ুসেনাৰ এক সমন্বয়ৰ উদাহৰণ বুলি আখ্যা দিয়ে৷ এই যুঁজত কিদৰে ভাৰতে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল, তাক সোঁৱৰণ কৰি প্রধানমন্ত্রীগৰাকীয়ে শ্বহীদ ব্রিগেডিয়াৰ কুলদীপ সিং চন্দ্রপুৰীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দীপাৱলীৰ দিনাই দেশৰ সাহসী সেনাক চেল্যুট জনাবৰ বাবে এগছিকৈ বন্তি প্রজ্বলনৰ আহ্বান জনাই প্রধানমন্ত্রী মোদীয়ে যুদ্ধৰ লগতে ক’ভিড–১৯ কালতো সেনাৰ অৱদানক ভূয়সী প্রশংসা কৰে৷ দেশৰ সেনাক শক্তিশালী কৰিবলৈ ক’ৰোনা কালতে ৰাফেল যুদ্ধবিমান ভাৰতলৈ অনাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ জোৱানৰ বলিদানে সেৱাৰ সংবেদনশীলতা আৰু দেশৰ শৃংখলাক প্রতিফলিত কৰে বুলি কয়৷ সীমান্তত সেনা জোৱানে নিজৰ জীৱন তুচ্ছ কৰি কর্তব্য সমাপন কৰাৰ বাবে দেশবাসীয়ে দীপাৱলী, হোলী আনন্দ–উলাহেৰে উদ্যাপন কৰিবলৈ সক্ষম হৈছে বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷
লংগেৱালাৰ বায়ুসেনা বাহিনীৰ শিবিৰত জোৱানক দীপাৱলীৰ শুভেচ্ছা ভাষণ প্রদান কৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে টেংকত উঠি সীমান্তৰ কিছু অঞ্চল পৰিদর্শন কৰে৷ ইয়াৰ পাছতেই মোদীয়ে জোৱানৰ মাজত মিঠাই বিতৰণ কৰি তেওঁলোকৰ সৈতে হাত মিলাই বার্তালাপ কৰে৷ তাৎপর্যপূর্ণ যে দীপাৱলী সেনা জোৱানৰ সৈতে তেওঁ কিয় উদ্যাপন কৰে, সেই সন্দর্ভত জনতাই প্রশ্ণ সোধাৰ প্রসংগৰে প্রধানমন্ত্রী মোদীয়ে কয় যে দীপাৱলীৰ উৎসৱত কিদৰে তেওঁ নিজৰ লোকৰ সৈতে আঁতৰত থাকিব পাৰে, সেই কাৰণেই তেওঁ দীপাৱলীত সেনা জোৱানৰ সৈতে উদ্যাপন কৰে৷ এই উপলক্ষে প্রধানমন্ত্রীগৰাকীয়্ সেনা জোৱানৰ সাহসী মাতৃ, ভগ্ণী আৰু সন্তানৰ ত্যাগক চেল্যুট জনায়৷ ভাষণৰ শেষত প্রধানমন্ত্রী মোদীয়ে সেনাৰ সৈতে একেলগে ভাৰত মাতা কী জয় ধ্বনি দিয়ে৷
লংগেৱালা প’ষ্টত প্রধানমন্ত্রীৰ সৈতে সংগ দিয়ে চি ডি এছ জেনেৰেল বিপিন ৰাৱাট, সেনাবাহিনীৰ মুৰব্বী এম এম নাৰৱানে, বি এছ এফৰ সঞ্চালক ৰাকেশ আস্থানাই৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ২০১৪ চনত প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰা মোদীয়ে প্রথম বর্ষতে চিয়াচেন হিম প্রৱাহত কর্মৰত জোৱানৰ সৈতে দীপাৱলী উদ্যাপন কৰিছিল৷ তেতিয়াৰে পৰা প্রত্যেক বছৰে প্রধানমন্ত্রী মোদীয়ে সীমান্তত কর্মৰত জোৱানৰ সৈতে দীপাৱলী উদ্যাপন কৰি আহিছে৷ এইবেলি লংগেৱালা যুদ্ধ হিচাপে জনাজাত পঞ্জাবৰ জয়ছালমেৰৰ লংগেৱালাত দীপাৱলী উদ্যাপন কৰে প্রধানমন্ত্রী মোদীয়ে৷