নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীন বিভাগত কনিষ্ঠ অভিযন্তাৰ ১৮ পদ

অসম চৰকাৰৰ মীন বিভাগত খালী হৈছে কনিষ্ঠ অভিযন্তাৰ ১৮ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অসম লোকসেৱা আয়োগৰ অবৰ সচিবে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, কনিষ্ঠ অভিযন্তাৰ ১৮ পদৰ ভিতৰত অসংৰক্ষিত ৯টা, অ’বিচি/এম’বিচি ৫টা, এছটিপিৰ ১টা, এছটিএইচ ২টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত আৰু এআইচিটিইৰ অধীনস্থ অভিযান্ত্রিক প্রতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিং বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৮,৭০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷

প্রার্থীৰ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ২৮৫.৪০ টকা, এছ চি/এছ টি/অ’বিচি/এম’বিচি শ্রেণীৰ প্রার্থীয়ে ১৮৫.৪০ টকা পৰিশোধ কৰাৰ বিপৰীতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ আৰু দিব্যাংগ প্রার্থীয়ে ৩৫.৪০ টকা অনলাইন মাধ্যমেৰে এ পি এছ চিৰ হকে পৰিশোধ কৰিব লাগিব৷ অনলাইনযোগে মাচুল পৰিশোধ কৰিবলৈ ৱেবছাইটhttps://assamegras.gov.in/helpdesk আৰু হেল্পলাইন নম্বৰ1800-212-11-88-66 সহায় ল’ব পাৰে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এপিএছচিৰ ৱেবছাইটhttps://apscrecruitment.in লগ–ইন কৰিব পাৰিব৷

অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৭ নৱেম্বৰ, ২০২০৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবে ই–মেইল[email protected]/হেল্পলাইন নম্বৰ1800-572-23-43ত যোগাযোগ কৰিব পাৰে৷

You might also like