নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ ৰূপী দানৱ, ‘নৰভক্ষণকাৰী’ অংকৰ শিক্ষকক আটক

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ  আজৱ এই পৃথিৱী। মানুহে মানুহক ভক্ষণ কৰাৰ দৰে খবৰে তেনে এক চিন্তাই মনলৈ আনে। জাৰ্মানীৰ উত্তৰ বাৰ্লিনৰ এখন উদ্যানত পোৱা গৈছে দুমাহ ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী ব্যক্তিৰ হাড়। এয়া এগৰাকী ভুক্তভোগীৰে হাড় বুলি নিশ্চিত হৈছে জাৰ্মান আৰক্ষী। কিন্তু হাড় উদ্ধাৰৰ ঘটনাৰ নেপথ্যৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য।

বিবিচিৰ এক প্ৰতিবেদন মতে, হাড়ৰ অৱশেষলৈ লক্ষ্য কৰি জাৰ্মান আৰক্ষীয়ে সন্দেহ কৰিছে যে ব্যক্তিগৰাকী যৌন ক্ষুধাজনিত হত্যা আৰু কেনিবলিজম অৰ্থাত নৰভক্ষণৰ বলি হৈছে। আৰক্ষীয়ে ইতিমধ্যে স্নিফাৰ ডগৰ সহায়ত এজন লোকক আটক কৰিছে। আটকাধীন লোকগৰাকী এগৰাকী ৪১ বছৰীয়া অংকৰ শিক্ষক। যোৱা ৮ ছেপ্টেম্বৰৰ মাজনিশা হত্যাৰ বলি হোৱা লোকগৰাকী আটক কৰা অংকৰ শিক্ষকগৰাকীৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল।

ইয়াৰ পিছত বাৰ্লিনৰ এখন উদ্য়ানত যোৱা ৮ নৱেম্বৰত এই হাড় দেখা পাইছিল উদ্যানত ঘূৰা-পকা কৰা লোকে। ফৰেনছিক বিশেষজ্ঞসকলে নিৰ্ধাৰণ কৰে যে হাড়বোৰ দুমাহ আগতে সন্ধানহীন হোৱা ৪৪ বছৰীয়া লোকগৰাকীৰ। জাৰ্মান সংবাদ মাধ্যমে দেশীয় আইনজনিত কাৰণ দুয়োগৰাকী ব্যক্তিৰ নাম প্ৰকাশ কৰা নাই।

এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনায় যে লোকগৰাকী নৰভক্ষণকাৰীৰ বলি হোৱা বুলি স্পষ্ট প্ৰমাণ পোৱা গৈছে। সম্প্ৰতি এই ঘটনাই জাৰ্মানজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। ২০০৬ চনত জাৰ্মানীত ঘটা তেনে এক লোমহৰ্ষক কেনিবলিজমৰ ঘটনালৈ মনত পেলাই দিছে সকলো জাৰ্মানবাসীকে।

You might also like