নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচাং অভয়াৰণ্যত গঢ়ি উঠিছে অবৈধ বসতি

নিয়মীয়া বার্তা, ২৪ নৱেম্বৰঃ আমচাং অভয়াৰণ্যত অব্যাহত আছে বেদখলকাৰীৰ হাতোৰা৷ অসম চৰকাৰৰ বন বিভাগৰ নির্লিপ্ততাৰ সুযোগ গ্রহণ কৰি একাংশ অসাধু লোকে আমচাং অভয়াৰণ্যৰ ভূমিত অবৈধভাৱে বসতি স্থাপন কৰা পৰিলক্ষিত হৈছে৷ বনাঞ্চলৰ ভূমি বেদখল কৰি বসতি স্থাপন কৰাৰ লগতে অসাধু লোকে আমচাং অভয়াৰণ্যৰ বনজ সম্পদ ধ্বংস কৰাত লিপ্ত হৈছে৷

বন বিভাগৰ চকুৰ সন্মুখতে আমচাং অভয়াৰণ্যৰ ভূমিত একাংশ সন্দেহযুক্ত লোকে বসতি স্থাপন কৰি বন ধ্বংস কার্যত লিপ্ত হৈছে যদিও এই ক্ষেত্রত বন বিভাগে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ অভয়াৰণ্য ধ্বংস কৰি সন্দেহযুক্ত লোকে আমচাঙৰ ভূমিত কৃষি কার্য চলাই আছে যদিও এই ক্ষেত্রত বিভাগীয় কর্তৃপক্ষই মৌনতা অৱলম্বন কৰা দেখা গৈছে৷

উল্লেখ্য যে বন ধ্বংসৰ পৰিণতিত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে প্রায়ে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত উপদ্রৱ চলাই আহিছে৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ আক্রমণত ইতিমধ্যে কেইবাজনো লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ তদুপৰি আমচাঙৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্রমণত কেইবাজনো লোক ইতিমধ্যে আহত হোৱাৰ সমান্তৰালকৈ প্রায়েই বিনিদ্রৰজনী পাৰ কৰিবলগীয়া হৈছে৷

বনজ সম্পদ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰৰ বন বিভাগে আৰক্ষী প্রশাসনৰ সহযোগত আমচাং অভয়াৰণ্যত অবৈধভাৱে গঢ়ি উঠা এনে বেদখলকাৰী ইতিপূর্বে উচ্ছেদ কৰিছিল যদিও পুনৰ আমচাং অভয়াৰণ্যত বেদখলকাৰীয়ে বসতি স্থাপন কৰিছে৷ উল্লেখ্য যে একাংশ বেদখলকাৰী পূব বতাহঘূলি অঞ্চলৰ পৰা বিপদসংকুলভাৱে শক্তি বিভাগৰ নির্দেশনাক উলংঘা কৰি বিদ্যুতৰ তাঁৰ টানি বন্যপ্রাণীলৈ ভয়াৱহ বিপদ মাতি আনিছে৷

এই ক্ষেত্রত শক্তিবিতৰণ কোম্পানী কর্তৃপক্ষই চকু মুদা কুলিৰ ভাও জুৰিছে৷ মনকৰিবলগীয়া কথা এই যে বেদখলকাৰীয়ে বিদ্যুতৰ তাঁৰ টানি অনা অঞ্চলটোত প্রায়েই বনৰীয়া হাতীয়ে অহা–যোৱা কৰি থাকে৷ যদিহে এই ক্ষেত্রত বিদ্যুৎ বিতৰণ কোম্পানীয়ে বিহিত ব্যৱস্থা গ্রহণ নকৰে, তেন্তে যিকোনো সময়ত বনৰীয়া হাতী বিদ্যুৎস্পৃষ্ট হোৱাৰ সম্ভাৱনাই দেখা দিছে৷

You might also like