টীম ইণ্ডিয়াত মোক্ষম আঘাতঃ প্রথম দুখন টেষ্টৰ পৰা বাহিৰ ৰোহিত–ঈশান্ত
নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া প্রত্যাহ্বানজনক টেষ্ট শৃংখলাৰ পূর্বে মোক্ষম আঘাতৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ সম্পূর্ণৰূপে সুস্থ হৈ নুঠা বাবে দলটোৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মা আৰু অভিজ্ঞ বেগী বলাৰ ঈশান্ত শর্মা প্রথম দুখন টেষ্টৰ পৰা বাহিৰ হৈছে৷ দুয়োগৰাকী তাৰকাক সম্পূর্ণৰূপে সুস্থ হৈ উঠিবলৈ পুনৰ এসপ্তাহৰ প্রয়োজন হ’ব৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমে দাবী কৰা অনুসৰি আই পি এলত হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হোৱা অ’পেনাৰ ৰোহিত শর্মাই ডিচেম্বৰৰ দ্বিতীয় সপ্তাহতহে অষ্ট্রেলিয়ালৈ উৰা মৰাৰ অনুমতি লাভ কৰিব৷
সম্প্রতি বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত নিজকে সুস্থ কৰি তুলিবলৈ আপ্রাণ চেষ্টা কৰি থকা তাৰকাগৰাকীয়ে ডিচেম্বৰৰ দ্বিতীয় সপ্তাহলৈ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে যদিও অষ্ট্রেলিয়াৰ ১৪ দিনৰ কোৱাৰেণ্টাইন নিয়মৰ বাবে তেওঁ প্রথম দুখন টেষ্টত খেলাটো সম্ভৱ নহ’ব৷ উল্লেখ্য যে আই পি এলৰ মাজতে হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হোৱা ৰোহিতে মুম্বাই ইণ্ডিয়ানছৰ হৈ প্লে’ অফ আৰু ফাইনেল মেচ খেলিছিল যদিও টেষ্ট মেচৰ বাবে সুস্থ হৈ উঠিবলৈ তেওঁক এতিয়াও সময়ৰ প্রয়োজন হ’ব৷
ইফালে, আই পি এলতে আঘাতপ্রাপ্ত হৈ বিগত প্রায় এমাহ ধৰি বাংগালুৰুৰ ৰাষ্ট্রীয় ক্রিকেট একাডেমীত অনুশীলন চলাই থকা বেগী বলাৰ ঈশান্তৰ ফিটনেছক লৈ অনিশ্চয়তা এতিয়াও দূৰ হোৱা নাই৷ বি চি চি আইৰ এক সূত্রই সদৰী কৰা অনুসৰি এই মুহূর্তত ঈশান্তে নিশ্চিন্ত মনেৰে ৪–৫ অ’ভাৰ বলিং কৰিব পাৰে যদিও টেষ্ট মেচৰ বাবে তেওঁ এদিনত অতি কমেও ২০ অ’ভাৰ বলিং কৰিব পাৰিব লাগিব৷ তাৰকা দুগৰাকীয়ে ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত সুস্থ হৈ অষ্ট্রেলিয়ালৈ ৰাওনা হ’লেও ১৪ দিনৰ কোৱাৰেণ্টাইনৰ বাবে তেওঁলোকে অতি কমেও ২২ ডিচেম্বৰলৈ অনুশীলনত ভাগ ল’ব নোৱাৰিব৷
উল্লেখ্য যে ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত বহু প্রত্যাশিত টেষ্ট শৃংখলা অহা ১৭ ডিচেম্বৰৰ পৰা এডিলেইডত আৰম্ভ হ’ব৷ ইয়াৰ পিছতে দল দুটাই ২৬ ডিচেম্বৰৰ পৰা মেলব’নত ঐতিহাসিক বক্সিং ডে’ টেষ্টত ভাগ ল’ব৷ ইফালে, ব’ডৰ সূত্রটোৱে জানিবলৈ দিয়া অনুসৰি ৰোহিত আৰু ঈশান্ত টেষ্ট শৃংখলালৈ সুস্থ হৈ নুঠিলে তেওঁলোকৰ স্থানত শ্রেয়াছ আয়াৰ আৰু শার্দূল ঠাকুৰে টেষ্ট দলত সুযোগ পোৱাৰ সম্ভাৱনা আছে৷