নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ২০২০ বর্ষৰ অন্তিমটো চন্দ্রগ্রহণ অহা ৩০ নৱেম্বৰত বিশ্ববাসীয়ে প্রত্যক্ষ কৰিব৷ ‘কার্তিক পূর্ণিমা’ৰ দিনাই নিশা ১.০৪ বজাৰ পৰা চন্দ্রগ্রহণ আৰম্ভ হৈ পুৱা ৫.২২ বজাত সামৰণি পৰিব৷ এনে পৰিপ্রেক্ষিতত সমগ্র দেশতে চন্দ্রগ্রহণটি প্রত্যক্ষ কৰা নাযাব৷
অৱশ্যে উত্তৰ প্রদেশ, বিহাৰ, অসম আৰু উত্তৰাখণ্ডৰ কিছু কিছু অঞ্চলৰ পৰা এই চন্দ্রগ্রহণ ৰাজ্যবাসীয়ে প্রত্যক্ষ কৰিব৷
তাৎপর্যপূর্ণ যে চলিত বর্ষটোত চাৰিটাকৈ চন্দ্রগ্রহণ হ’ব৷ অহা ৩০ নৱেম্বৰত বছৰটোৰ অন্তিম তথা চতুর্থ চন্দ্রগ্রহণ৷ ইয়াৰ পূর্বে ১০ জানুৱাৰী, ৫ জুন আৰু ৪ জুলাইত চন্দ্রগ্রহণ হৈ গৈছে৷ জ্যোতির্বিজ্ঞানে প্রকাশ কৰা মতে ভাৰতৰ লগতে বছৰটোৰ অন্তিমটো চন্দ্রগ্রহণ ইউৰোপ, এছিয়া, অষ্ট্রেলিয়া, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্রশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰৰ সমীপৱর্তী স্থানসমূহৰ পৰা স্পষ্টকৈ এই চন্দ্রগ্রহণ দেখা যাব৷ কিন্তু উক্ত দিনা যদি আকাশ ফৰকাল নাথাকে কিম্বা বতৰ বেয়া হয়, তেতিয়াহ’লে চন্দ্রগ্রহণ প্রত্যক্ষ কৰাৰ পৰা বঞ্চিত হ’ব পাৰে বিশ্বৰ বিভিন্ন প্রান্তৰ লোক সকলে৷ অন্তিমটো চন্দ্রগ্রহণৰ উপছায়া বুলি জনা যায়৷