নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দেশজুৰি সাধাৰণ ধর্মঘট

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিকবিৰোধী নীতিৰ বিৰুদ্ধে আজি দেশজোৰা সাধাৰণ ধর্মঘটৰ আহ্বান জনোৱা হৈছে৷ কেন্দ্রীয় ট্রেড ইউনিয়নসমূহৰ লগতে বিভিন্ন ফেডাৰেচনে এই ধর্মঘটৰ আহ্বান জনাইছে৷ অসমতো সাধাৰণ ধর্মঘটৰ প্রতি কেইবাটাও শ্রমিক সংগঠনে সমর্থন আগবঢ়াইছে৷

ইতিমধ্যে অসমৰ মটৰ শ্রমিক তথা বিভিন্ন পৰিবহণ সংস্থাসমূহে এই ধর্মঘটৰ প্রতি পূর্ণ সমর্থন আগবঢ়াইছে৷ ইয়াৰ ফলত ৰাজহুৱা পৰিবহণ ব্যৱস্থা আজি ৰাজ্যজুৰি সম্পূর্ণ অচল হৈ পৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে আজি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অন্ত্যেষ্টিক্রিয়ালৈ অহা যাত্রীৰ ক্ষেত্রত ৰাজহুৱা পৰিবহণ সেৱাত কোনো ধৰণৰ বাধা নাথাকিব বুলি সদৰী কৰিছে শ্রমিক নেতা বীৰেন শর্মাই৷

অল ইণ্ডিয়া ৰোড ট্রেন্সপ’ট ৱর্কার্ছ ফেডাৰেচনৰ ৰাজ্যিক কমিটী, কো–র্ডিনেচন কমিটী অৱ কেব অপাৰেটর্ছ, অসম পেট্র’লিয়াম মজদুৰ ইউনিয়ন, নর্থ–ইষ্ট হেভী গুডছ কেৰিয়াৰ ট্রাক অনার্ছ এণ্ড ড্রাইভাৰ ৱেলফেয়াৰ এছ’চিয়েচন আদি সংগঠনেও এই ধর্মঘটলৈ সমর্থন জনোৱাৰ লগতে মটৰ শ্রমিকসকলক কর্মবিৰতি পালন কৰি চৰকাৰৰ জনবিৰোধী নীতিৰ প্রতিবাদ কৰিবলৈ আহ্বান জনাইছে৷ অৱশ্যে আজিৰ বন্ধৰ সময়ছোৱাত গাখীৰ, পানী, বিদ্যুৎ যোগান, চিকিৎসা সেৱা আৰু বিভিন্ন বিদ্যালয়–মহাবিদ্যালয় পৰীক্ষাৰ লগত জড়িতসকলক ৰেহাই দিয়া হৈছে৷ তদুপৰি আন কেইবাটাও ৰাজ্যৰ শ্রমিক সংগঠনে এই বন্ধলৈ সমর্থন আগবঢ়াইছে৷

উল্লেখ্য যে সাধাৰণ ধর্মঘট সফল কৰিবলৈ ট্রেড ইউনিয়নসমসূহৰ তৰফৰ পৰা বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে৷ বিশেষকৈ মাইকযোগে তেওঁলোকে ৰাইজক সাধাৰণ ধর্মঘট সন্দর্ভত সজাগ কৰা পৰিলক্ষিত হৈছে৷ দেশজোৰা এই সাধাৰণ ধর্মঘটলৈ বিভিন্ন ৰাজ্যত বিভিন্ন কেন্দ্রীয় আৰু ৰাজ্যিক কর্মচাৰী সংস্থা, সৰু–বৰ উদ্যোগৰ কর্মচাৰী আদিয়েও সমর্থন আগবঢ়াইছে৷ দেশজোৰা এই সাধাৰণ ধর্মঘটলৈ চাৰিটা বাওঁপন্থী ছাত্র সংগঠন ক্রমে এআইডিএছ’, এছ এফ আই, এআইএছএফ আৰু আইছাই সমর্থন জনাইছে৷

You might also like