নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ–পশ্চিম গুৱাহাটী পানী যোগান প্রকল্প উদ্বোধন সোণোৱালৰ

গুৱাহাটীক আদর্শ মহানগৰ হিচাপে গঢ় দিব লাগিবঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে জালুকবাৰীৰ সদিলাপুৰত গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ (জিএমডিএ)ৰ দ্বাৰা ৰূপায়িত জে এন এন ইউ আৰ এম–ৰ অর্থ সাহায্যৰে নির্মিত অভিলাষী দক্ষিণ–পশ্চিম গুৱাহাটী পানী যোগান প্রকল্পৰ অন্তর্গতকামাখ্যা বিতৰণ ক্ষেত্রৰ অধীনস্থ চাৰিটা জিলা মিটাৰিং অঞ্চলত (ডিএমএ) প্রথম পর্যায়ৰ কার্যকৰীকৰণৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে প্রথম পর্যায়ত কার্যকৰীকৰণৰ জৰিয়তে এই প্রকল্পৰ অন্তর্গত কামাখ্যা বিতৰণ ক্ষেত্রৰ অধীনস্থ ১, ২, ৩ আৰু ৪নং জিলা মিটাৰিং অঞ্চল, যথাক্রমে ভূতনাথৰ পৰা মালিগাঁও চাৰিআলিলৈ এ টি ৰোডৰ সোঁফালৰ অঞ্চলসমূহ, কালীপুৰ, মালিগাঁও চাৰিআলি, কামাখ্যা কলনী সমগ্র পাণ্ডু অঞ্চল, বৰিপাৰা, কামাখ্যা নগৰ, পাণ্ডৱ নগৰ, আনন্দ নগৰ, শংকৰ নগৰ, জয়মতী নগৰ, সমগ্র আদাবাৰী ইত্যাদি অঞ্চলত প্রতিদিনে ২৪ ঘণ্টাই নিৰৱচ্ছিন্নভাৱে খোৱাপানী উপলব্ধ হ’ব৷ এই প্রকল্প ৰূপায়ণত ৪০৭.৫২ কোটি টকা ব্যয় কৰা হৈছে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে বহুদিনীয়া অপেক্ষাৰ অন্তত দেওবাৰে মহানগৰীত পানী যোগানৰ গুৰুত্বপূর্ণ আঁচনিখনৰ শুভাৰম্ভ হ’ল৷ গেমন ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলক বিশুদ্ধ আৰু সুনিশ্চিত পানী যোগান অব্যাহত ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্রীয়ে৷ গুৱাহাটী মহানগৰীক পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ বাবে নাগৰিকসকলে সামাজিক দায়িবদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ গুৱাহাটীক আধুনিক আৰু আদর্শ মহানগৰ ৰূপে গঢ় দিব লাগিব৷ মহানগৰীৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰিব লাগিব৷ সভাত ভাষণ প্রদান কৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই প্রকল্পটো সফলতাৰে ৰূপায়ণ কৰা বাবে জি এম ডি এৰ বিষয়াসকলক আৰু গেমন ইণ্ডিয়াৰ অভিযন্তাসকলক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে কয় যে এই প্রকল্পটো সম্পূর্ণভাৱে কার্যকৰী হৈ উঠিলে প্রতিদিনে ১০ কোটি লিটাৰ পানী যোগান ধৰাটো সম্ভৱ হৈ উঠিব৷ আজিৰ এই সভাত সাংসদ কুইন ওজা, জি এম ডি এৰ অধ্যক্ষ অশোক সিংহাল, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙেও ভাষণ দিয়ে৷

You might also like