নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পদুমৰ পাহি পাহি, বিজেপিক ভোট দিম হাঁহি হাঁহি’ – ড০ শর্মাৰ নতুন শ্লোগান

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ বিটিচি পৰিষদীয় নির্বাচনত বিজেপিক ভোট দিলে বিটিচিত ইমান বছৰে চলি থকা অন্যায়, অবিচাৰ সম্পূর্ণৰূপে নির্মূল হ’ব৷ হাগ্রামা মহিলাৰীক ভোট দিয়া মানে দুর্নীতিৰ বজাৰখন চলি থাকিব৷ ইমানদিনে বিটিচিবাসী ৰাইজে দুখত থাকিল৷ অহা ১২ ডিচেম্বৰৰ পৰা বিটিচিবাসী ৰাইজ আৰু দুখত থাকিব নালাগে৷ বিটিচিত আকৌ নতুন প্রভাত হ’ব৷ বিটিচিত নতুন সূৰুযে ভুমুকি মাৰিব৷ পদুম ফুলৰ পাহি পাহি ভোট দিম হাঁহি হাঁহি’৷ –এই ভাষ্য অসম চৰকাৰৰ প্রভাৱশালী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

লগতে পঢ়কঃ ৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল

প্রথম পর্যায়ত অনুষ্ঠিত হ’ব লগা বিটিচি নির্বাচনৰ শনিবাৰে প্রচাৰৰ অন্তিম দিনা তামুলপুৰত দুখনকৈ বিশাল নির্বাচনী সভাত অংশ লৈ মন্ত্রী ড০ শর্মাই এই মন্তব্য কৰে৷ উল্লেখ্য যে  শনিবাৰে ড০ শর্মাই তামুলপুৰ মহকুমাৰ অধীনস্থ ২৮ নম্বৰ গয়বাৰী সমষ্টিৰ প্রার্থী হেমন্ত কুমাৰ ৰাভা আৰু ২৬ নম্বৰ দৰঙাজুলি সমষ্টিৰ প্রার্থী দেৱেন বডোৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ হাজাৰ হাজাৰ জনতাক সম্বোধি মন্ত্রী ড০ শর্মাই কয়– বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ হ’ব৷ বিজেপিৰ চৰকাৰ হ’লে বিটিচিত সকলোৱে সম–ধিকাৰ, সমমর্যাদা লাভ কৰিব৷ সকলোৱে ন্যায় পাব৷ সকলোৰে সমবিকাশ হ’ব৷ বিটিচিলৈ উন্নয়নৰ গংগা নমাই আনিব লাগিব৷ উন্নয়নৰ নতুন দ্বীপলৈ ৰূপান্তৰ কৰিব লাগিব৷

বিটিচিখন নতুন ৰূপত গঢ় দিব লাগিব৷ গয়বাৰী সমষ্টিৰ সদৰ ঘগ্রাচ’কত অনুষ্ঠিত বিশাল নির্বাচনী সভাখনত তেওঁ পুনৰ কয়– অহাবাৰ ডিচেম্বৰত বিটিচিবাসী ৰাইজৰ ভাগ্যৰ পৰিৱর্তন হ’ব৷ নতুন পুৱা আহিব৷ ইতিমধ্যে কালৰাত্রি আঁতৰিছে, এতিয়া নতুন প্রভাত অহাৰ পথত৷ বি পি এফ দলৰ সভাপতি হাগ্রামা মহিলাৰীক তীব্র সমালোচনা কৰি মন্ত্রী ড০ শর্মাই কয়– বি পি এফে ঘৰৰ নামত, চাউলৰ নামত, শৌচালয়ৰ নামত, বৃদ্ধ পেন্সন, বিধৱা পেন্সনৰ নামত ব্যাপক দুর্নীতি কৰিছে৷ হাগ্রামাৰ ভি চি ডি চি আৰু আমাক নালাগে৷ হাতীয়ে ইমান খাব নোৱাৰে, হাগ্রামাৰ ভি চি ডি চিয়ে যিমান খাইছে৷ সেয়েহে হাগ্রামাৰ ভি চি ডি চিক ব্রহ্মপুত্রত উটুৱাই দিব লাগিব৷ ভি চি ডি চিৰ পৰিৱর্তে আমি বিটিচিত পঞ্চায়তীৰাজ ব্যৱস্থা প্রৱর্তন কৰিম৷

নাচি–বাগি প্রচাৰ চলোৱা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আকৌ কয় যে বিটিচিবাসীক ইমানদিনে হত্যা, গুলী–বাৰুদ আদিয়ে আক্রান্ত কৰি থৈছিল৷ কিন্তু নৰেন্দ্র মোদীৰ শাসনকালৰ পৰাই বিটিচিত বন্দুকৰ পৰিৱর্তে গান আহিল৷ হত্যা–সন্ত্রাসবাদ বন্ধ হ’ল৷ শান্তি আহিল৷ বন্দুকৰ পৰা গানলৈ পৰিৱর্তন কৰি দিলে নৰেন্দ্র মোদীয়ে৷ এতিয়া শান্তিৰ সুযোগ লৈ আমি বিকাশ আনিব লাগিব৷ বিকাশ আনিবলৈ দিল্লী–দিছপুৰত থকাৰ দৰে বিটিচিতো বিজেপি চৰকাৰ থাকিব লাগিব৷

শনিবাৰে অনুষ্ঠিত দুয়োখন সভাত ভাগ লৈ মন্ত্রী ড০ শর্মাই তামুলপুৰত এখন চিকিৎসা মহাবিদ্যালয়, তামুলপুৰ মহকুমাক জিলালৈ উন্নীতকৰণ, তামুলপুৰত এখন ডিগ্রী কলেজ, পাগলাদিয়া নৈৰ ওপৰত দলং, ১০ কোটি টকা ব্যয় সাপেক্ষে তামুলপুৰত এখন ষ্টেডিয়াম নির্মাণ কৰাৰ প্রতিশ্রুতি দিয়ে৷ ইফালে দৰঙাজুলি সমষ্টিৰ বাঙালী অধ্যুষিত অঞ্চল আঙাৰকাটাত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ প্রতিশ্রুতি দিয়ে মন্ত্রী ড০ শর্মাই৷

You might also like