নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ‘গৃহবন্দী’ কৰি ৰখা হৈছে। তেওঁ যোৱাকালি দিল্লীত প্রতিবাদ কৰা কৃষকসকলক লগ কৰিবলৈ গৈছিল। তাৰ পিছত দিল্লী আৰক্ষীয়ে তেওঁৰ ঘৰটোৰ সন্মুখত বেৰিকেড তৈয়াৰ কৰে। দলটোৰ নেতাকৰ্মীসকলকটো বাদেই, দিল্লীৰ দলীয় নেতাসকলকো তেওঁক দেখা কৰিবলৈ দিয়া হোৱা নাই। মঙলবাৰে এই অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টিয়ে।
এক টুইটত দলটোৰ ফালৰ পৰা কোৱা হৈছে- যোৱাকালি কৃষকসকলক লগ কৰাৰ পিছৰ পৰা কেজৰিৱালক দিল্লী আৰক্ষীয়ে “গৃহবন্দী” কৰি ৰাখিছে।
অৱশ্যে আম আদমি পাৰ্টিৰ এই অভিযোগ দিল্লী আৰক্ষীয়ে খাৰিজ কৰিছে। দিল্লী আৰক্ষীৰ ডি চি পি (উত্তৰ) এণ্টো এলফন্সোৱে কয় – “মুখ্যমন্ত্ৰীক গৃহবন্দী কৰা হোৱা নাছিল। নিয়ম অনুসৰিয়ে কেজৰিৱালৰ গৃহত আৰক্ষী মোতায়েন কৰা হৈছে। যাতে আপৰ সৈতে আন ৰাজনৈতিক দলৰ সংঘৰ্ষ নহয়।”
It is a general deployment to avoid any clash between AAP and any other party. CM has not been put under house arrest: Anto Alphonse, DCP North, Delhi https://t.co/pc4WJAxZek
— ANI (@ANI) December 8, 2020