নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডিলেইডৰ দিবা–নৈশ টেষ্টলৈ সাজু ভাৰত

অষ্ট্রেলিয়া ‘এ’ৰ বিৰুদ্ধে প্রস্তুতি মেচ ড্রঃ সুন্দৰ প্রদর্শনেৰে আত্মবিশ্বাস বৃদ্ধি

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ অষ্ট্রেলিয়া ‘এ’ দলৰ বিৰুদ্ধে তিনিদিনীয়া দিবা–নৈশ প্রস্তুতি মেচত সুন্দৰ প্রদর্শনেৰে প্রথম টেষ্টলৈ সাজু হৈ উঠিছে টীম ইণ্ডিয়া৷ ছিডনীত আজি সামৰণি পৰা গুলপীয়া বলৰ প্রস্তুতি মেচখন অমীমাংসিতভাৱে সামৰণি পৰে যদিও ভাৰতে এই মেচখনৰ পৰা কেইবাটাও ইতিবাচক দিশ লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ উদীয়মান তাৰকা শুভমন গিল, মায়ংক আগৰৱাল, হনুমা বিহাৰী আৰু ঋষভ পণ্টৰ দর্শনীয় বেটিং আৰু মহম্মদ ছামি, যশপ্রীত বুমৰাহৰ চমকপ্রদ বলিঙে আত্মবিশ্বাস বৃদ্ধি কৰিছে আলহী দলটোৰ৷ উল্লেখ্য যে হনুমা বিহাৰী আৰু ঋষভ পণ্টৰ অপৰাজিত শতক আৰু শুভমন গিল তথা মায়ংক আগৰৱালৰ দায়িত্বপূর্ণ অর্ধশতকৰ সহায়ত ভাৰতে কালি অষ্ট্রেলিয়া ‘এ’ৰ বিৰুদ্ধে ৩৮৬ ৰানৰ বৃহৎ স্ক’ৰ থিয় কৰায়৷ অষ্ট্রেলিয়া ‘এ’ৰ বিৰুদ্ধে প্রথম ইনিংছত ৮৬ ৰানৰ অগ্রগতি লাভ কৰি থকা ভাৰতে আজি ৩৮৬/৪ ৰানতে ইনিংছ সমাপ্তি ঘোষণা কৰি ঘৰুৱা দলটোক বেটিঙৰ সুযোগ দিয়ে৷ ৪৭৩ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ অষ্ট্রেলিয়া ‘এ’ দলটোৱে দ্বিতীয় ইনিংছত মাত্র ২৫ ৰানৰ ভিতৰতে তিনিটাকৈ উইকেট হেৰুৱাই পৰাজয়ৰ আশংকাত ভোগে যদিও প্রতিভাৱান বেটছমেন বেন মেকডাৰম’ট আৰু জেক ৱাইল্ডাৰমাথৰ আকর্ষণীয় শতকৰ সহায়ত ঘৰুৱা দলটোৱে আজি তৃতীয় দিনা চাৰি উইকেট হেৰুৱাই ৩০৭ ৰান সংগ্রহ কৰি দলটোৰ পৰাজয় ৰোধ কৰিবলৈ সক্ষম হয়৷ মেকডাৰম’টে ১০৭ আৰু ৱাইল্ডাৰমাথে ১১১ ৰানত অপৰাজিত হৈ থকাৰ সময়তে মেচখন ড্র হিচাপে পৰিসমাপ্তি ঘটে৷ অধিনায়ক এলেক্স কেৰীয়ে ৫৮ ৰান সংগ্রহ কৰে৷ ভাৰতৰ হৈ মহম্মদ ছামিয়ে দুটা, মহম্মদ ছিৰাজ আৰু হনুমা বিহাৰীয়ে এটাকৈ উইকেট দখল কৰে৷ উল্লেখ্য যে প্রথম ইনিংছত ছামি আৰু নৱদ্বীপ ছাইনীয়ে তিনিটা আৰু বুমৰাহে দুটা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ দিবা–নৈশ প্রস্তুতি মেচখনৰ প্রদর্শনৰ ভিত্তিত ভাৰতে এতিয়া অহা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রথম টেষ্টত আত্মবিশ্বাসেৰে মূল একাদশ গঠন কৰিব পাৰিব৷ মেচখনৰ দুয়োটা ইনিংছতে দায়িত্বপূর্ণ বেটিং প্রদর্শন দাঙি ধৰা শুভমন গিলে মায়ংক আগৰৱালৰ সৈতে অ’পেনাৰৰ দায়িত্ব লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈছে৷ একেদৰে হনুমা বিহাৰীয়ে স্বাভাৱিক ছন্দ লাভ কৰাটো দলৰ বাবে ইতিবাচক হিচাপে চিহ্ণিত হৈছে৷ ঋষভ পণ্টেও প্রস্তুতি মেচত দুর্দান্ত বেটিঙেৰে ভাৰতীয় দলত স্থান লাভ কৰাৰ প্রবল দাবীদাৰ হৈ উঠিছে৷

You might also like