সন্তানক আদৰিবলৈ উৎকণ্ঠিত বিৰাট কোহলি
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রত্যাহ্বানজনক দিবা–নৈশ টেষ্টলৈ সাজু হোৱাৰ সময়তে সন্তানক আদৰিবলৈ উৎকণ্ঠাৰে দিন অতিবাহিত কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ প্রথম টেষ্টৰ পিছতে পিতৃত্বকালীন ছুটী লৈ স্বদেশলৈ উভতিবলগীয়া তাৰকাগৰাকীয়ে আজি এক সংবাদ মেলত কয় যে দেশৰ হৈ খেলাৰ দায়িত্ব পালন কৰিবলৈ তেওঁ সংকল্পবদ্ধ যদিও সন্তানক আদৰাৰ আনন্দময় ক্ষণ কোনো মূল্যৰ বিনিময়ত তেওঁ হেৰুৱাব নিবিচাৰে৷ শৃংখলাৰ মাজতে পিতৃত্বকালীন ছুটী লোৱাৰ সিদ্ধান্তক লৈ তেওঁ একেবাৰে স্পষ্ট বুলিও কোহলিয়ে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে কোহলিয়ে স্বদেশলৈ উভতি অহাৰ সিদ্ধান্তক অধিকাংশ ক্রিকেট অনুৰাগীয়ে আদৰণি জনাইছে যদিও ভাৰতৰ একাংশ প্রাক্তন ক্রিকেটাৰে ইয়াক লৈ প্রশ্ণ উত্থাপন কৰা দেখা গৈছে৷