কৃষি আইনৰ বিৰোধ কৰি এনডিএ ত্যাগ কৰিলে আৰএলপিয়ে
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদ জনাই বিজেপিৰ সহযোগী ৰাষ্ট্রীয় লোকতান্ত্রিক পার্টী (আৰএলপি)য়ে এনডিএৰ সৈতে সম্পর্ক ছেদ কৰিছে৷ উল্লেখনীয় যে ৰাজস্থান বিধানসভাত তিনিগৰাকী বিধায়ক তথা আৰএলপি এনডিএৰ অন্যতম সংযোগী আছিল৷
হনুমান বেনিৱাল নেতৃত্বাধীন আৰএলপি হৈছে এনডিএৰ পৰা কৃষি আইনৰ বিৰোধ কৰি আঁতৰি যোৱা দ্বিতীয়টো ৰাজনৈতিক দল৷ ইয়াৰ পূর্বে শিৰোমণি আকালি দলে কৃষি আইনৰ প্রতিবাদ জনাই এনডিএ ত্যাগ কৰিছিল৷ অৱশ্যে ৰাজস্থানৰ নাগাউৰ সমষ্টিৰ সাংসদ আৰ এল পিৰ নেতাগৰাকীয়ে ঘোষণা কৰিছে যে তেওঁ এন ডি এৰ পৰা আঁতৰি গ’লেও কংগ্রেছৰ সৈতে মিত্রতা নকৰে৷
কালি চাহজাহানপুৰত এক কৃষক সমাৱেশত অংশগ্রহণ কৰি বেনিৱালে কেন্দ্রৰ কৃষি আইন কৃষকবিৰোধী বুলি অভিহিত কৰে৷ ইফালে, দিল্লীৰ সীমান্তত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে আগন্তুক ২৯ ডিচেম্বৰত কেন্দ্রক আলোচনা অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে৷