নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত বিশ্বত নিহত ৪৯ গৰাকী সাংবাদিক

নিউজডেস্ক, ১৮ ডিচেম্বৰঃ চলিত বর্ষটোত বিশ্বজুৰি হত্যা কৰা হৈছে ৪৯গৰাকী সাংবাদিকক ৷

ৰিপ’টার্ছ উইডাউট ব’ডার্ছৰ তৰফৰ পৰা যুগুতোৱা প্রতিবেদনত সদৰী হৈছে এই তথ্য ৷ লক্ষণীয়ভাৱে ১৬ বছৰৰ ভিতৰত প্রথমবাৰলৈ কোনো এটা বর্ষত কমসংখ্যক সাংবাদিক আক্রমণত নিহত হোৱা বুলি সংস্থাটোৱে সদৰী কৰিছে যদিও বিভিন্ন দেশত সাংবাদিক নিগ্রহৰ ঘটনা বৃদ্ধি পাইছে ৷

ফৰাচী সংস্থা আৰএছএফৰ তথ্য অনুসৰি, বিগত দুটা দশকৰ গড় হিচাপে ধৰিলে প্রতিবছৰে বিভিন্ন মহলৰ আক্রমণত ৮০ গৰাকীকৈ সাংবাদিকে প্রাণ হেৰুৱাবলগীয়া হৈছে ৷

You might also like