নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ মে’ৰ পৰা চিবিএছইৰ দশম–দ্বাদশ শ্রেণীৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ক’ভিড–১৯সৃষ্ট জটিল পৰিস্থিতিত ব্যাঘাত জন্মা শৈক্ষিক বর্ষৰ লগতে ২০২০ৰ অন্তিম দিনা পৰৱর্তী বর্ষৰ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিলে কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে৷ কেন্দ্রীয় শিক্ষামন্ত্রী ড০ ৰমেশ পোখৰিয়াল ‘নিশাংক’ই আজি সন্ধিয়া ৬ বজাত চি বি এছ ই–২০২১ বর্ষৰ পৰীক্ষাৰ দিন ঘোষণা কৰিলে৷ শিক্ষামন্ত্রীগৰাকীয়ে ঘোষণা কৰা অনুসৰি দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা ৪ মে’ত আৰম্ভ হৈ ১০ জুনত সামৰণি পৰিব৷ পৰীক্ষাৰ ফলাফলসমূহ ১৫ জুলাইত ঘোষণা কৰিব৷ আনপিনে ব্যৱহাৰিক পৰীক্ষা ১ মার্চৰ পৰা আৰম্ভ হ’ব৷ শিক্ষা মন্ত্রালয়ৰ ছ’চিয়েল মিডিয়া একাউণ্টত লাইভ ভিডি’যোগে শিক্ষামন্ত্রীগৰাকীয়ে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে৷

উল্লেখ্য যে প্রত্যেক বছৰে চি বি এছ ইৰ পৰীক্ষা ফেব্রুৱাৰীত শেষ হৈ মার্চত সামৰণি পৰে আৰু মে’ত ফলাফল ঘোষণা কৰে৷ কিন্তু ২০২০ বর্ষত মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ পৰিপ্রেক্ষিতত পাঠ্যক্রমসমূহ অনলাইনযোগে সম্পন্ন কৰিব লগা হোৱা বাবে ২০২১ বর্ষৰ পৰীক্ষাৰ তাৰিখ পূর্বৰ নির্ধাৰিত তাৰিখতকৈ কিছু পিছুৱাই দিবলগীয়া হৈছে৷ গুৰুত্বপূর্ণ যে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাসমূহ শ্রেণীকোঠাত বহি দিব লাগিব৷ পাঠদান অনলাইনযোগে হৈছিল যদিও পৰীক্ষা অফলাইনযোগে অনুষ্ঠিত কৰা নহ’ব বুলি কালিয়েই শিক্ষামন্ত্রীগৰাকীয়ে ঘোষণা কৰিছিল৷ মন কৰিবলগীয়া যে চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা কেতিয়া আৰু কি ধৰণে অনুষ্ঠিত কৰা হ’ব, সেই লৈ শিক্ষামন্ত্রীগৰাকীয়ে দেশজুৰি শিক্ষার্থী আৰু শৈক্ষিক প্রতিষ্ঠানৰ মুৰব্বীৰ সৈতে পোনপটীয়াকৈ বার্তালাপ কৰি পৰামর্শ লোৱাৰ অন্তত আজি আনুষ্ঠানিকভাৱে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে৷

You might also like