নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰতে প্রথমবাৰলৈ ৰোহিতৰ ১০ টাকৈ শতৰান

-প্ৰণৱ জ্যোতি মহন্ত

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ আজিৰে পৰা বিশাখাপট্টনমত অনুষ্ঠিত হৈছে ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় এদিনীয়া ।

বুধবাৰে ভাৰতীয় দলৰ অপেনাৰ বেটছমেন তথা হিটমেন ৰোহিতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কেৰিয়াৰৰ ২৮ সংখ্যক শতক অৰ্জন কৰে ।

২০১৯ বৰ্ষত ৰোহিতে এই পৰ্যন্ত ১০ টাকৈ শতকীয় ইনিংছ খেলিছে । ইয়াৰে টেষ্ট মেচত ৩ টা আৰু এদিনীয়াত ৭ টা শতক অৰ্জন কৰিছে ৰোহিতে ।

ইপিনে একে বৰ্ষতে ১০ টাকৈ শতক অৰ্জন কৰা ৩২ বছৰীয়া খেলুৱৈগৰাকীৰ এয়াই তেওঁৰ কেৰিয়াৰত প্ৰথম । যাৰ পিছতে ৰোহিতে একে বৰ্ষতে শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাৰ চতুৰ্থ স্থানলৈ উন্নীত হয় । য’ত এই তালিকাৰ শীৰ্ষত ১৯৯৮ চনত ৯ টাকৈ শতকেৰে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ থকাৰ বিপৰীতে ২০০০ চনত ৭ টা শতকেৰে সৌৰভ গাংগুলী দ্বিতীয় স্থানত আছে ।

উল্লেখ্য যে প্ৰথম যুটিতেই সুন্দৰ আৰম্ভণি কৰা ভাৰতীয় দলটোৰ হৈ অপেনাৰদ্বয় ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুল দুয়োজনেই শতক অৰ্জন কৰে ।

You might also like