Air India ৰ বিমানত সকলো মহিলা পাইলট; উৰিব দীৰ্ঘতম বিমান পথত
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ বিমানৰ ককপিট-ক্ৰিউ সকলো কেৱল মহিলা। এটা অসাধাৰণযেন ঘটনা। ভাৰতীয়সকলৰ বাবে ই এক মহান কৃৰ্তিত্ব।
প্ৰথমবাৰলৈ এজনো পুৰুষ পাইলট অবিহনে মহিলা পাইলটৰ এটা দল বিশ্বৰ আটাইতকৈ দীঘল বিমান পথত উৰিবলৈ সাজু হৈ উঠিছে। অসামৰিক বিমান পৰিচালন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে বিমানত থকা মহিলা পাইলটৰ এই দলটোৱে শনিবাৰে আমেৰিকাৰ চান ফ্ৰান্সিস্কো চিটিৰ পৰা বাংগালুৰুলৈ উৰা মাৰিব। এয়াৰলাইনজৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এয়াৰ ইণ্ডিয়াৰ বিমানখন শনিবাৰে উত্তৰ মেৰুলৈ উৰা মাৰিব,আৰু এলান্টিক পথৰে বাংগালুৰুলৈ আহিব।
উল্লেখ্য যে বোয়িং 777-200 LR বিমানত VT ALGৰ ককপিট-ক্ৰিউ(Cockpit Crew) ত আছে কেপ্টেইন জয়া আগৰৱালা, কেপ্টেইন পাপাগাৰী থাংমাই, কেপ্টেইন আকাংক্ষা ছোনাভাৰী আৰু কেপ্টেইন শিবানী মানহাছ। প্ৰায় ১৭ ঘণ্টাৰ এই ঐতিহাসিক দীঘল বিমানৰ অংশ হ’ব তেওঁলোক। ইপিনে এই যাত্ৰা হ’ব ভাৰতীয় বিমান সংস্থাৰ বাবে আটাইতকৈ দীঘল যাত্ৰা (commercial flight)।
Air India’s woman power flies high around the world.
Historic inaugural flight between Bengaluru & San Francisco will be operated by an all women cockpit crew comprising Capt Zoya Aggarwal, Cpt Papagari Thanmai, Capt Akansha Sonaware & Capt Shivani Manhas. @MoCA_GoI @airindiain pic.twitter.com/q9ilNqDva7
— India In Medan (@indiainmedan) January 9, 2021