জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ব্যর্থতাঃ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত আজাৰাৰ জৱে পাটগাঁওবাসী
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মহানগৰীৰ আজাৰা ৰাজহ চক্রৰ অন্তর্গত জৱে পাটগাঁৱৰ ৰাইজে মহানগৰীত থাকিও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ’ব লগা হোৱা ঘটনাই চৰকাৰৰ ব্যর্থতা উদঙাই দিছে ৷
জানিব পৰা মতে, প্রায় পোন্ধৰ বছৰ পূর্বে গুৱাহাটী উন্নয়ন নিগমৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগে পাটগাঁৱত এটা পানী যোগান প্রকল্প নির্মাণ কৰে ৷ প্রকল্পটো নির্মাণৰ পিছত ইয়াৰ পৰা বৃহত্তৰ অঞ্চলটোৰ সকলো বাসিন্দাই বিশুদ্ধ খোৱাপানী লাভ কৰে৷ প্রায় চাৰি–পাঁচ বছৰ পানী যোগান ধৰাৰ পিছত লাহে লাহে বাসিন্দাসকলে বিশুদ্ধ খোৱাপানী নোপোৱা হয়৷ ৰাইজৰ অভিযোগ অনুসৰি খোৱাপানী যোগান ধৰা পানী পৰিবাহী পাইপবোৰ কম গভীৰতাত পোতা বাবে বহু ঠাইত ভাগি–ছিগি গৈছে ৷
তদুপৰি পানী যোগান প্রকল্পৰ যন্ত্রপাতিবোৰ প্রায়ে বিকল হৈ থকাত পানী উঠাব নোৱাৰা হয়৷ তদুপৰি কিছু বছৰ পূর্বে জৱে গাঁৱৰ প্রৱেশ পথত কালমনি নৈৰ ওপৰত থকা কাঠৰ দলংখনৰ ঠাইত এখন পকী দলং নির্মাণ কৰা হয় ৷ পকী দলংখন নির্মাণৰ সময়ত এক্সকেভেটৰৰ সহায়ত মাটি খান্দোতে পানী পৰিবাহী পাইপসমূহো ভাঙি চূৰমাৰ কৰি পেলোৱাত পানী যোগান সম্পূর্ণৰূপে বন্ধ হৈ পৰে ৷ অঞ্চলবাসীৰ ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগক পানী যোগান প্রকল্পটো পুনৰ কার্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে দাবী জনাই আহিছে যদিও বিভাগীয় বিষয়াই আশ্বাস দিয়াৰ বাহিৰে কোনো কার্যব্যৱস্থা গ্রহণ কৰা নাই৷