নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বাইপাছেৰে নতুন ৰে’লপথ নির্মাণৰ জৰীপ

এনএফ ৰে’লৱেত ৭৬৮ কোটি টকা ব্যয়েৰে ২৪টা প্রকল্প ৰূপায়ণ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ কামাখ্যা ষ্টেচনৰ পৰা নাৰেংগীলৈ যোৱা ৰে’ললাইনটোৰ বাবে মহানগৰীত যান–জঁটকে ধৰি সর্বসাধাৰণ নাগৰিক বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই সমস্যাৰ পৰা নাগৰিকক সকাহ দিয়াৰ বাবে এনএফ ৰে’লৱেই গুৱাহাটী মহানগৰীৰ বাইপাছেৰে নতুনকৈ ৰে’ললাইন নির্মাণ কৰাৰ বাবে জৰীপ আৰম্ভ কৰিছে৷

এনএফ ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই এই সন্দর্ভত জানিবলৈ দিয়া মতে, ৰে’লৱে কর্তৃপক্ষই মহানগৰীৰ বাইপাছেৰে এটা নতুন ৰে’লপথ নির্মাণ কৰাৰ বাবে এক জৰীপ আৰম্ভ কৰিছে৷

অৱশ্যে এই জৰীপ প্রাৰম্ভিক পর্যায়তে আছে আৰু জৰীপ সম্পূর্ণ হোৱাৰ পিছতহে বাইপাছেৰে ৰে’লপথ নির্মাণ কৰিব পৰা যাব নে নাই, ই কিমান ফলপ্রসূ হ’ব, তাক মূল্যায়ন কৰা হ’ব৷ জৰীপ চলোৱা উচ্চ ক্ষমতাসম্পন্ন কাৰিকৰী বিশেষজ্ঞ সমিতিয়ে যদি অনুমোদন জনায়, তেতিয়া বাইপাছেৰে ৰে’ললাইন নির্মাণৰ বিষয়টো চূড়ান্ত কৰা হ’ব৷ তদুপৰি ৰে’ল পৰিচালনাত দক্ষতা বৃদ্ধিৰ লগতে ৰে’ল সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এন এফ ৰে’লৱে কর্তৃপক্ষই ৭৬৮ কোটি টকা ব্যয়েৰে ২৪টা প্রকল্প ৰূপায়ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷

ইয়াৰে ৬৪৫ কোটি টকা ব্যয়েৰে সাতটা প্রকল্প ৰূপায়ণ কৰা হৈছে আৰু অনাগত দিনত ১২৩ কোটি টকা ব্যয়েৰে ১৭টা প্রকল্প ৰূপায়ণ কৰা হ’ব৷

তেনেদৰে ৰে’লৰ চলাচল সুচল কৰাৰ বাবে নিউ গুৱাহাটী ষ্টেচনত অতিৰিক্ত ৰে’লৱে লাইন নির্মাণৰ আঁচনি গ্রহণ কৰা বুলি মুখ্য জনসম্পর্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷

You might also like