নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ বিৰুদ্ধে প্রথম দুই টেষ্টলৈ দল ঘোষণাঃ কোহলি–পাণ্ডিয়া–ঈশান্তৰ প্রত্যাৱর্তন

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ  ইংলেণ্ডৰ বিৰুদ্ধে অহা মাহত খেলিবলগীয়া টেষ্ট শৃংখলাৰ প্রথম দুখন মেচৰ বাবে ভাৰতীয় দল আজি ঘোষণা কৰা হৈছে৷ চেতন শর্মা নেতৃত্বাধীন ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে ঘোষণা কৰা এই দলটোলৈ প্রত্যাৱর্তন ঘটিছে নিয়মীয়া অধিনায়ক বিৰাট কোহলি, তাৰকা বেগী বলাৰ ঈশান্ত শর্মা আৰু অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ৷ উল্লেখ্য যে পিতৃত্বকালীন ছুটীৰ বাবে অধিনায়ক কোহলিয়ে অষ্ট্রেলিয়াৰ বিৰুদ্ধে প্রথম টেষ্ট খেলিয়ে দেশলৈ উভতিছিল৷

ইফালে, আঘাতৰ বাবে অষ্ট্রেলিয়া ভ্রমণৰ টেষ্ট দলত অন্তর্ভুক্ত হোৱা নাছিল হার্দিক আৰু ঈশান্ত৷ আঘাতৰ বাবে ব্রিছবেন টেষ্টত অংশ ল’ব নোৱাৰা বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনো দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ স্পীন সহায়ক উইকেটৰ প্রতি লক্ষ্য ৰাখি নির্বাচক মণ্ডলীয়ে অশ্বিন, কুলদীপ যাদৱ আৰু ৱাশ্বিংটন সুন্দৰৰ সৈতে অক্ষৰ পেটেলকো দলত অন্তর্ভুক্ত কৰিছে৷

অষ্ট্রেলিয়াৰ বিৰুদ্ধে চমকপ্রদ প্রদর্শন দাঙি ধৰা মহম্মদ চিৰাজ, ছার্দুল ঠাকুৰেও  ঘোষিত দলটোত স্থান পাইছে৷ উল্লেখ্য যে ভাৰতে অহা ৫ ফেব্রুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে প্রথমখন টেষ্ট খেলিব৷

দলটোঃ কোহলি (অধিনায়ক), ৰাহানে, ৰোহিত, শুভমন, মায়ংক, পূজাৰা, ঋদ্ধিমান, হার্দিক, কে এল ৰাহুল, পণ্ট, বুমৰাহ, ঈশান্ত, চিৰাজ, ছার্দুল, অশ্বিন, কুলদীপ, ৱাশ্বিংটন আৰু অক্ষৰ পেটেল৷

You might also like