নিয়মীয়া বার্তা, ২২ জানুৱাৰীঃ মহানগৰীৰ হাতীগাঁৱৰ মাদাৰ বৃদ্ধাৱাসৰ ফেচবুক পেজ হেকাৰৰ কবলত পৰিছে৷ দুষ্টচক্রই বৃদ্ধাৱাসৰ ফেচবুক পেজ হেক কৰি এখন আপত্তিজনক ফটোগ্রাফ আপলোড কৰি সমগ্র আৱাসীকে ধৰি সচেতন মহলক লজ্জানত কৰিছে৷ ইতিমধ্যে মাদাৰ বৃদ্ধাৱাসৰ তৰফৰ পৰা হাতীগাঁও থানাত এজাহাৰ দাখিল কৰাত ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷