নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচাৰ প্ৰক্ৰিয়াৰ মাজতে যৌন অভিসাৰত লিপ্ত অধিবক্তা

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ  ক’ৰোনাৰ বাবে এতিয়াও বহু দেশত ঘৰৰ পৰা কাম চলি আছে বা চলাই থকা হৈছে। এই ক্ষেত্ৰত ভিডিঅ’ কনফাৰেন্সৰ যোগেদিও বিভিন্ন কাৰ্যালয়ৰ কামকাজ চলি আছে। এনে এক সময়তে এগৰাকী অধিবক্তাই কৰা এক আচৰিত ঘটনাই সকলোৰে চকু কপালত তুলিছে।

পেৰুৰ এক আদালতত গোচৰৰ শুনানি চলি আছিল ভিডিঅ’ কনফাৰেন্সৰ যোগেদি। কিন্তু অধিবক্তাজনে যৌন অভিসাৰত লিপ্ত হৈ থকা অৱস্থাৰ পৰা অংশ লয় ভিডিঅ’ কনফাৰেন্সত। প্ৰথম অৱস্থাত অকল মুখায়ব ওলাই থকা অধিবক্তাৰ অসাৱধানবসত নগ্ন শৰীৰো প্ৰদৰ্শন হয় কনফাৰেন্সত। ইয়াৰ পৰিণতি কি হ’ব পাৰে বৰ্ণনা কৰাৰ প্ৰয়োজন নাই।

বহুতৰ মতে এইটো এক হাস্যকৰ ঘটনা। কিন্তু এতিয়া অধিবক্তা জনক ন্যায়ালয়ৰ কাৰ্যক্ৰমণিকাৰ পৰা আতঁৰাই ৰাখিছে আদালতে। বাৰ এছচিয়েচনে ঘটনাটোক নিন্দা কৰিছে।

You might also like