নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনলৈ সমর্থন আৰু চৰকাৰৰ প্রতিক্রিয়া

অষ্টাদশী পৰিৱেশকর্মী গ্রেটা থুনবার্গৰ বিৰুদ্ধে চৰকাৰে গোচৰ ৰুজু কৰাক লৈ মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ থুনবার্গৰ লগতে কেৰিবিয়ান পপ গায়িকা ৰিহানা আৰু আন কেইবাজনো বিদেশী চেলিব্রিটীয়ে নতুন দিল্লীৰ লগতে দেশৰ বিভিন্ন স্থানত অব্যাহত থকা কৃষক আন্দোলনলৈ মুকলিভাৱে সমর্থন জনোৱাৰ পিছতে বৈদেশিক মন্ত্রালয় আৰু গৃহ মন্ত্রালয়ৰ লগতে বিজেপি নেতাসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ এনে প্রতিক্রিয়াৰ সাৰাংশ হ’ল– ভাৰতীয়ৰ মাজত বিভাজন ঘটোৱাৰ বাবে বিদেশত পৰিকল্পিত ষড়যন্ত্র চলিছে৷ একাংশ এন আৰ আয়ে ব্যাপক ধন ব্যয় কৰি বিদেশী চেলিব্রিটীৰ দ্বাৰা এনেধৰণৰ প্রতিক্রিয়া প্রকাশ কৰোৱাইছে৷ থুনবার্গে টুইটাৰত উপর্যুপৰি নিজৰ স্থিতি স্পষ্ট কৰি আন্দোলনকাৰী কৃষকলৈ সমর্থন আগবঢ়োৱাৰ লগতে টুলকিটৰ জৰিয়তে আন্দোলনলৈ সমর্থন গোটোৱাৰ এক অভিযানো আৰম্ভ কৰিছে৷ ভাৰত চৰকাৰৰ প্রতিক্রিয়াৰ পাছত নিজৰ স্থিতিত অটল থকাৰ কথা ঘোষণা কৰি থুনবার্গে আনকি ভাৰতীয় দূতাবাসসমূহত ধর্ণা দিবলৈ সমর্থকসকলক আহ্বান জনাইছে৷ অৱশ্যে দিল্লী আৰক্ষীয়ে জনোৱা মতে থুনবার্গৰ বিৰুদ্ধে প্রত্যক্ষভাৱে কোনো গোচৰ ৰুজু কৰা হোৱা নাই৷ বৰঞ্চ টুইটাৰত টুলকিটৰ জৰিয়তে চলোৱা প্রচাৰৰ বিৰুদ্ধেহে গোচৰ দিয়া হৈছে৷ আৰক্ষীৰ মতে বিদেশৰ ভূমিত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্র চলোৱা বিষয়টো ইয়াৰ দ্বাৰাই প্রমাণিত হয়৷ ভাৰত চৰকাৰৰ এনে প্রতিক্রিয়াক লৈ সচেতন লোকে বিপৰীত প্রতিক্রিয়া প্রকাশ কৰাও পৰিলক্ষিত হৈছে৷ উদাহৰণস্বৰূপে ইতিহাসবিদ ৰামচন্দ্র গুহই যুক্তি প্রদর্শন কৰিছে যে ভাৰতীয় সমাজ ইমান থুনুকা নহয় যে কোনো পপ গায়িকা বা পৰিৱেশকর্মীৰ এটা টুইটত বিভাজিত হ’ব৷ একাংশই এই বুলিও যুক্তি প্রদর্শন কৰিছে যে কৃষক আন্দোলনে কেন্দ্রীয় চৰকাৰক যে ভয়ংকৰ সমস্যাত পেলাইছে সেই কথাই এনে উগ্র প্রতিক্রিয়াৰ পৰা স্পষ্ট হৈছে৷ উল্লেখ কৰা প্রয়োজন যে ৰিহানাৰ টুইটাৰ ফল’ৱাৰৰ সংখ্যা হ’ল ১০২ নিযুতৰো অধিক৷ সেইদৰে বলীউডৰ চেলিব্রিটী, ক্রিকেট তাৰকা আদিয়েও থুনবার্গ আৰু ৰিহানাৰ টুইটক লৈ প্রকাশ কৰা প্রতিক্রিয়াই বহুতকে আচৰিত কৰি তুলিছে৷ ইয়াৰ বিপৰীতে বিজেপিৰ সমর্থকসকলে চেলিব্রিটীসকলৰ পক্ষ লৈ যুক্তি প্রদর্শন কৰিছে যে দেশৰ স্বার্থত সকলোৱেই মাত মাতিব পাৰে৷ অর্থাৎ নেচন ফার্ষ্ট– সবাতোকৈ আগত স্বদেশ৷ ইয়াত নিশ্চয় কাৰো দ্বিমত নাই৷ কিন্তু চেলিব্রিটীসকলে দেশৰ প্রতিটো সমস্যাৰ বিষয়ে মাত মতাৰ সলনি উদাসীন হৈ থকাৰ কাৰণ কি?
চৰকাৰে# IndiaTogether আৰুIndiaAgainstPropoganda নামৰ দুটা হেশ্বটেগেৰে ‘বিদেশী ষড়যন্ত্র’ৰ বিৰুদ্ধে সমর্থন গোটোৱাৰ এক অভিযান আৰম্ভ কৰিছে৷ বিৰাট কোহলি, শচীন তেণ্ডুলকাৰৰ দৰে ক্রিকেট তাৰকা আৰু অক্ষয় কুমাৰ, অজয় দেৱগণৰ দৰে চিত্রতাৰকাই এই অভিযানত অংশ লৈছে৷ চৰকাৰৰ ভাষ্য হ’ল– কৃষক আন্দোলন দেশৰ আভ্যন্তৰীণ বিষয় আৰু বিদেশী লোকে ইয়াত হস্তক্ষেপ কৰাটো দুর্ভাগ্যজনক৷ চৰকাৰৰ মতে তিনি কৃষক আইনক লৈ মুষ্টিমেয় একাংশ খেতিয়কেহে প্রতিবাদ কৰিছে৷ এই তিনিওখন আইন কৃষকৰ উন্নয়নৰ কথা চিন্তা কৰিহে প্রণয়ন কৰা হৈছে৷ আলোচনাৰ মাজেৰে ভাৰত চৰকাৰে এই সমস্যাৰ সমাধান কৰিব৷ আত্মপক্ষ সমর্থন কৰিবলৈ গৈ বিদেশ মন্ত্রালয়ে এই বুলিও মন্তব্য কৰিছে যে সংসদত বিতর্কৰ পিছতহে আইনকেইখন প্রণয়ন কৰা হৈছে, যিটো প্রকৃততে সত্য নহয়৷ সি যি কি নহওক, চৰকাৰৰ বাবে আটাইতকৈ চিন্তনীয় কথাটো হৈছে– আন্দোলনকাৰী কৃষকসকল বিতর্কিত কৃষি আইনকেইখন বাতিল নকৰা পর্যন্ত ক্ষান্ত হোৱাৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাই৷ দিল্লী, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডক বাদ দি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকেইতে কাইলৈ দেশজুৰি ‘চক্কা জাম’ৰ আহ্বান জনাইছে৷ বিদেশী ‘ষড়যন্ত্রকাৰী’ৰ মন্তব্যক লৈ প্রতিক্রিয়া প্রকাশ কৰি আৰু সমর্থন আদায়ৰ চেষ্টা চলাই সময় নষ্ট কৰাৰ সলনি কেন্দ্রীয় চৰকাৰে কৃষকৰ সৈতে আন্তৰিকতাৰে আলোচনা কৰি এই সমস্যা সমাধানৰ চেষ্টাহে কৰিব লাগে৷ কৃষি আইনক আমেৰিকাই সমর্থন কৰিলেই কৃষকে স্বীকাৰ কৰি নোলোৱা পর্যন্ত এই বিতর্কিত আইনকেইখন প্রকৃতার্থত গ্রহণযোগ্য হৈ নুঠিব৷ তদুপৰি আমেৰিকাই এইবুলিও নতুন দিল্লীলৈ বার্তা প্রেৰণ কৰিছে যে শান্তিপূর্ণ আন্দোলন গণতন্ত্রৰ অন্যতম শক্তি৷

You might also like