আজি কৃষক সংগঠনৰ ৰাষ্ট্রজোৰা ‘চাক্কা জাম’
ৰাষ্ট্রীয়–ৰাজ্যিক ঘাইপথত বন্ধ কৰিব সকলো যান–বাহনৰ চলাচল
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ আন্তর্জাতিক পর্যায়ত চর্চিত তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে কৃষক সংগঠনসমূহে চলাই থকা আন্দোলনৰ অংশ হিচাপে আজি ৰাষ্ট্রজোৰা তিনিঘণ্টীয়া চাক্কা জাম কার্যসূচী ৰূপায়ণ কৰিব৷ এই চাক্কা জাম কার্যসূচীৰ পৰা দেশৰ ৰাজধানী নতুন দিল্লীৰ লগতে উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডক আঁতৰাই ৰখা হৈছে৷ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকেইতে কাইলৈৰ চাক্কা জামত উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডক ৰেহাই দিয়াৰ লগতে দিল্লীকো আঁতৰাই ৰখা হৈছে বুলি ঘোষণা কৰিছে৷ কৃষক নেতা টিকেইতে প্রকাশ কৰা অনুসৰি দিল্লীত যিকোনো মুহূর্তত কৃষকসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰিব পাৰে৷ সেইহেতু দিল্লীক এই কার্যসূচীৰ পৰা আঁতৰাই ৰখা হৈছে৷ উল্লেখ্য যে যোৱা ১৬ নৱেম্বৰৰ পৰা নতুন দিল্লী সীমান্তত তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে কৃষক সংগঠনসমূহে প্রতিবাদ চলাই আহিছে৷ যোৱা ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্রেক্টৰ সমদল হিংসালৈ পর্যবসিত হোৱাৰ পাছতেই বিতর্কৰ মাজত সোমাই পৰা কৃষক আন্দোলনক ৰাকেশ টিকেইতে উজ্জীৱিত কৰি নেতৃত্ব দি আহিছে৷
২৬ জানুৱাৰীৰ কৃষকৰ ট্রেক্টৰ সমদলত সংঘটিত হিংসাত্মক কার্যকলাপৰ পৰিপ্রেক্ষিতত কাইলৈৰ চাক্কা জাম কার্যসূচীৰ কৃষক সংগঠনসমূহে নির্দেশনা জাৰি কৰিছে৷ ৪০ প্রতিবাদী কৃষক সংগঠনৰ সন্মিলিত মঞ্চ সংযুক্ত কিষাণ মর্চাৰ নেতা দর্শন পালে আজি চাক্কা জামৰ বাবে গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে৷ এই প্রতিবাদী কার্যসূচীত দেশবাসীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে৷ নির্দেশনা অনুসৰি দিনৰ ১২ বজাৰ পৰা তিনি বজালৈ কেৱল ৰাষ্ট্রীয় আৰু ৰাজ্যিক ঘাইপথসমূহতহে কার্যসূচী চলিব৷ এই কার্যসূচীৰ সময়ত জৰুৰীকালীন–ত্যাৱশ্ সেৱা বিশেষকৈ এম্বুলেঞ্চ, স্কুলবাছ আদি ৰেহাই দিয়া হ’ব৷ প্রতিবাদী কার্যসূচী সম্পূর্ণ শান্তিপূর্ণ আৰু অহিংস হ’ব৷ প্রতিবাদী কৃষকক চৰকাৰী বিষয়া, কর্তৃপক্ষ তথা সাধাৰণ জনতাৰ সৈতে কোনো কাৰণতেই সংঘাতত লিপ্ত নহ’বলৈ নির্দেশনাত উল্লেখ কৰা হৈছে৷ বিয়লি তিনি বজাত এই কার্যসূচী সামৰণি পৰিব৷ উক্ত সময়ছোৱাত এক মিনিট সময় যান–বাহনৰ হর্ন বজাই কৃষকৰ ঐক্যক প্রতিফলিত কৰিব৷ অন্নদাতাৰ প্রতি সহমর্মিতা প্রকাশ কৰি সাধাৰণ লোকক এই কার্যসূচীত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে কৃষক সংগঠনসমূহৰ সন্মিলিত মঞ্চই৷ উল্লেখ্য যে কৃষকৰ চাক্কা জাম কার্যসূচীৰ বাবে সকলো ৰাজ্যতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷