নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রসংঘৰ পৰৱর্তী সচিবপ্রধান পদত প্রার্থিত্ব আগবঢ়াইছে প্রবাসী ভাৰতীয় এগৰাকী মহিলাই৷ ৰাষ্ট্রসংঘৰ উন্নয়ন কার্যসূচী (ইউ এন ডি পি) অডিট কো–র্ডিনেটৰ হিচাপে কর্মৰত প্রবাসী ভাৰতীয় ৩৪ বছৰীয়া অ’ৰোৰা আকাংক্ষাই অনলাইনযোগে প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ চলিত বর্ষৰ ৩১ ডিচেম্বৰত ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছৰ কার্যকাল সামৰণি পৰিব আৰু ২০২২ চনৰ এক জানুৱাৰীৰ পৰা পৰৱর্তী সচিবপ্রধানৰ পাঁচ বছৰীয়া কার্যকাল আৰম্ভ হ’ব৷
বিশ্বৰ শীর্ষ কূটনীতিক ৰাষ্ট্রসংঘৰ সচিবপ্রধানৰ পদত নিজকে প্রার্থী হিচাপে আগবঢ়াই অ’ৰোৰা আকাংক্ষাই দুই মিনিট ৩০ ছেকেণ্ডৰ ভিডি’ প্রচাৰ ফুটেজ অনলাইনত প্রচাৰ কৰিছে৷ ভিডি’টোত আকাংক্ষাই ৰাষ্ট্রসংঘৰ কার্যালয়ত প্রৱেশ কৰি তাৰ ভিতৰত নিজৰ কণ্ঠৰে কৈছে– ৭৫ বছৰে বিশ্বক দিয়া প্রতিশ্রুতি ৰাষ্ট্রসংঘই পূর্ণ কৰা নাই৷ শৰণার্থী সুৰক্ষিত নহয়, মানৱীয় সাহায্য নূ্যনতম, প্রযুক্তি আৰু উদ্ভাৱন পিছুৱাই গৈছে৷ প্রগতিক নেতৃত্ব দিবলৈ এটা যোগ্য ৰাষ্ট্রসংঘ বিচাৰোঁ৷
মন কৰিবলগীয়া যে বর্তমানৰ সচিবপ্রধান গুটেৰেছে দ্বিতীয়টো কার্যকালৰ বাবে ইতিমধ্যে ইচ্ছা প্রকাশ কৰিছে৷ এনে সময়তে ভাৰতীয় মূলৰ মহিলা আকাংক্ষাই নিজকে প্রক্ষেপ কৰি প্রচাৰ আৰম্ভ কৰাটো তাৎপর্যপূর্ণ৷ ভিডি’টোত আকাংক্ষাই পুনৰ কৈছে–‘এয়াই সময়, ৰাষ্ট্রসংঘই ৰাজনীতিকক সেৱা কৰা বন্ধ কৰাৰ আৰু জনতাৰ সেৱা আৰম্ভ কৰাৰ৷’ মন কৰিবলগীয়া যে য়র্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী সম্পূর্ণ কৰাৰ পাছত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা আকাংক্ষাই পাব্লিক এডমিনিষ্ট্রেচনত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে৷
ৰাষ্ট্রসংঘৰ সচিবপ্রধান পদত নিজকে প্রার্থিত্ব আগবঢ়াই আকাংক্ষাই প্রচাৰ অভিযান চলালেও ৰাষ্ট্রসংঘই আনুষ্ঠানিকভাৱে একো প্রকাশ কৰা নাই৷ কিয়নো সেই পদবীৰ বাবে ৰাষ্ট্রসংঘৰ সদস্য ৰাষ্ট্রইহে প্রার্থিত্ব আগবঢ়াব পাৰে৷ এনে ক্ষেত্রত প্রবাসী ভাৰতীয় নাগৰিক তথা কানাডাৰ পাছপ’টপ্রাপ্ত আকাংক্ষাই প্রার্থিত্ব আগবঢ়াই প্রচাৰ চলোৱাটো ব্যাপক চর্চিত হৈছে৷