নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজগড়ত জীৱিকা সখী এক্সপ্রেছ বিতৰণ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক জীৱিকা অভিযানৰ অন্তর্গত জীৱিকা সখীসকললৈ আগবঢ়োৱা হৈছে জীৱিকা সখী এক্সপ্রেছ৷ আজি ৰাজগড়ৰ বিহুতলীত এই আঁচনিৰ অধীনত ৪৫গৰাকী জীৱিকা সখীক আনুষ্ঠানিকভাৱে স্কুটী প্রদান কৰা হয়৷ এই উপলক্ষে ৰাজগড় বিহুতলীত অনুষ্ঠিত এখন সভাত জীৱিকা সখীসকলক স্কুটী বিতৰণ কৰে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷

স্কুটী বিতৰণ কৰি ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে কয় যে জীৱিকা সখীসকলৰ কর্মক্ষেত্রত সহায় হোৱাকৈ আৰু সঠিক সময়ত আত্মসহায়ক গোটসমূহক সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে৷ বিজেপি চৰকাৰৰ দিনত এনেধৰণৰ আঁচনিয়ে ৰাজ্যৰ গ্রামাঞ্চলৰ লগতে নগৰাঞ্চলত উন্নয়নৰ জোৱাৰ তুলিছে৷ অনাগত দিনতো বিজেপি নেতৃত্বাধীন চৰকাৰে জনসাধাৰণৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ প্রতিশ্রুতিবদ্ধ বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷

You might also like