নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজন শিল্পীৰ অনন্য প্ৰতিভা; বটলৰ ভিতৰত সাজি উলিয়ালে এটা গিৰ্জা

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ ভুবনেশ্বৰ ভিত্তিক ক্ষুদ্র শিল্পী এল ঈশ্বৰ ৰাও-এ বৰদিনৰ প্ৰাকক্ষণত তৈয়াৰ কৰিছে এটা বটলৰ ভিতৰত গিৰ্জা ।

খুড়দা জিলাৰ জাটনি গাঁৱৰ বাসিন্দা ৰাওৱে তেওঁৰ সৃষ্টিশীল কৰ্মৰ দ্বাৰা ব্যতিক্ৰমভাৱে মানুহক “মেৰি খ্ৰীষ্টমাছ” ৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

উল্লেখ্য যে ৮ ইঞ্চি উচ্চতা আৰু ৬ ইঞ্চি প্রস্থৰ এই গির্জাটো তৈয়াৰ কৰোতে ৰাওক সময়ৰ প্ৰয়োজন হৈছিল ৭ দিন ।

You might also like