নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ভাৰতৰ অর্থনৈতিক বৃদ্ধিৰ হাৰ অভাৱনীয়ভাৱে লেহেমীয়া হোৱা বিষয়টোত উদ্বেগ প্রকাৰ কৰিছে আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)এ ৷ ভাৰত চৰকাৰক আইএমএফৰ তৰফৰ পৰা অর্থনৈতিক বৃদ্ধিৰ হাৰ অৱনমিত হোৱা বিষয়টো সন্দর্ভত গুৰুত্ব প্রদান কৰি এইক্ষেত্রত যথাযথ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে আন্তর্জাতিক বিত্তীয় সংস্থাটোৱে ৷ অর্থনৈতিক বৃদ্ধিৰ হাৰ পুনৰ দ্রুততৰ কৰিবলৈ যথাসম্ভৱ সকলো ব্যৱস্থা গ্রহণ কৰিবলৈ কেন্দ্রীয় চৰকাৰক আইএমএফে আহ্বান জনাই কৈছে যে গোলকীয় অর্থনৈতিক বৃদ্ধিৰ ক্ষেত্রত ভাৰতীয় অর্থনীতিৰ প্রভাৱো আছে ৷
গোলকীয় বৃদ্ধিৰ ক্ষেত্রত ভাৰতীয় অর্থনীতিকো ইঞ্জিন হিচাপে গণ্য কৰা হয় বুলি আইএমএফৰ এছিয়া প্রশান্ত মহাসাগৰীয় দেশৰ বিভাগৰ বিষয়ববীয়া ৰণিল ছালগাড’ৱে উল্লেখ কৰিছে ৷ উল্লেখনীয় যে কেবা নিযুত লোকক দাৰিদ্র্যমুক্ত কৰাৰ পাছত ভাৰতৰ অর্থনৈতিক বৃদ্ধিৰ হাৰ এতিয়া লক্ষণীয়ভাৱে অৱনমিত হোৱা বুলি আইএমএফৰ বিষয়াগৰাকীয়ে উল্লেখ কৰিছে ৷ এই অৱনমন অব্যাহত থাকিলে গোলকীয় অর্থনীতিত ইয়াৰ প্রতিকূল প্রভাৱ পৰিব বুলিও ভাৰত চৰকাৰক সতর্কবাণী কৰিছে ৰণিল ছালগাড’ৱে ৷