নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জাহাজ’ লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব অসম জাতীয় পৰিষদ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ অসম জাতীয় পৰিষদে ঘোষণা কৰিলে নিজ দলৰ প্ৰতীক চিহ্ন ৷ দেওবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে দলটোৰ নেতৃত্বই ৷ ‘জাহাজ’ হ’ব নৱগঠিত ৰাজনৈতিক দলটোৰ প্ৰতীক ৷ নিৰ্বাচন আয়োগে আৱণ্টন দিছে এই প্ৰতীকক ৷

উল্লেখ্য যে এইবেলি ২০২১ ৰ বিধানসভা নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব দলটোৱে ৷

লুৰিণজ্যোতি গগৈ কয়, “এই প্ৰতীকটোৰ সৈতে অসমৰ ব্ৰহ্মপুত্ৰ সভ্যতা জড়িত। ব্ৰহ্মপুত্ৰ নদীৰ জৰিয়তে অসমৰ যি অৰ্থনৈতিক ভেটি গঢ় লৈ উঠিছিল, যাৰবাবে অসমৰ জিডিপি ভাৰতৰ ভিতৰতে প্ৰথম স্থানত আছিল। ব্ৰহ্মপুত্ৰ নদীত চলি থকা জাহাজে অসমৰ মানুহৰ বাবে সভ্যতা, সংস্কৃতি, দুয়োপাৰৰ মানুহৰ মাজত সমন্বয় ব্যাখ্যা কৰিব।”

You might also like