নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোগ নিৰাময়ত বনৌষধিৰ ভূমিকা

-ঘনশ্যাম দাস

বর্তমান শিশুটিৰ পৰা বয়োজ্যেষ্ঠজনলৈকে অধিকাংশৰে মন ফাষ্ট ফুড, জাংক ফুড তথা দোকান–পোহাৰ, হোটেল–ৰেষ্টুৰেণ্ট আদিৰ সহজলভ্য খাদ্যৰ প্রতি আকর্ষিত হৈ পৰিছে৷ ফলস্বৰূপে প্রায় লোকেই কোষ্ঠকাঠিন্যত ভোগা শুনা যায়৷ বিশেষ অনিয়মিত ভোজন, ৰন্ধন প্রণালীত জুতি লগাৰ বাবে অত্যধিক জলা আৰু মছলাৰ ব্যৱহাৰ, সঘনাই চাহ, কফী, অজীর্ণ খাদ্য গ্রহণ, সদায় মাছ–মাংস, কণী ভক্ষণ, অধিক পৰিমাণে ধূমপান তথা বিভিন্ন ধৰণৰ মাদক দ্রব্য সেৱন, শাৰীৰিক পৰিশ্রমৰ অভাৱ, জোৰকৈ শৌচ–প্রস্রাৱ বন্ধ কৰি ৰখা, পানী নিয়মতকৈ বহুত কম কৰি খোৱা, শৰীৰত পানীৰ অভাৱ হোৱা আদি কাৰণসমূহৰ বাবেই উক্ত ৰোগৰ বলি হ’বলগীয়া হয়৷ এই ৰোগত দীর্ঘদিন ধৰি ভুগি থকসকলৰ প্রায় ৮০ শতাংশ লোকেই শেষত অর্শ Piles) ৰোগত আক্রান্ত হোৱা বুলি জনা যায়৷ কিন্তু আমি কিছুমান সহজলভ্য বনৌষধিৰ দ্বাৰা এইবিধ ৰোগৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ কৰিব পাৰোঁ৷ নিশা আহাৰ গ্রহণৰ ৩০–৪০ মিনিটৰ পিছত কুহুমীয়া এগিলাচ গৰম পানীত দুই চামুচ ত্রিফলা চূর্ণ মিহলাই খালে সুফল পোৱা যায়৷ একেৰাহে তিনি–চাৰি মাহ খোৱা উচিত৷ গুৰু আহাৰ গ্রহণৰ পিছত দুটাকৈ কেঁচা বা শুকান শিলিখা খালে কোষ্ঠকাঠিন্য নাশ হয়৷ অমিতাৰ আঞ্জা নিয়মীয়াকৈ খোৱা উচিত৷ কুহুমীয়া গৰম পানীত এচামুচ এৰাতেল মিহলাই ৰাতিৰ আহাৰৰ পিছত খাব লাগে৷ নেমুৰ ৰসৰ সৈতে সৈন্ধৱ লোণ খালে কোষ্ঠকাঠিন্য নাশ হয়৷ তিল এই ৰোগৰ উত্তম আহাৰ৷ কিন্তু মনত ৰখা উচিত যে যিকোনো টান বস্তু, তামোল, নাৰিকল, ঘি, মাংস, কণী, মাখন, অধিক জলা বা মছলা দি ৰন্ধা ব্যঞ্জন আৰু সকলো ধৰণৰ মাদক দ্রব্য সম্পূর্ণভাৱে বর্জনীয়৷
কেতিয়াবা আকৌ অনিয়মীয়াকৈ অধিক খাদ্য গ্রহণ তথা গুৰুপাকী খাদ্য জধে–মধে খোৱাৰ বাবেও পেটৰ বিষ আৰু পেট কামোৰ হয়৷ এয়া অসহ্যকৰ হৈ পৰে৷ ইয়াৰ পৰা তাৎক্ষণিকভাৱে পৰিত্রাণ পোৱাৰ উপায় নিজৰ ঘৰৰ বাৰীত বা ঘৰৰ ওচৰে–পাঁজৰে থকা সহজলভ্য বনৌষধিৰে লাভ কৰিব পাৰি৷ নিমখৰ সৈতে কেঁচা নহৰুৰ কেইফোটমান খালে উপকাৰ পোৱা যায়৷ নৰসিংহ আৰু ভেদাইলতাৰ আঞ্জা এই ৰোগৰ উত্তম মহৌষধ৷ পদিনা শাকে অতি শীঘ্রেই পেটৰ কামোৰণি নিৰাময় কৰে৷ নিমখৰ সৈতে আদা খালে এই ৰোগ সোনকালে নিৰাময় হয়৷ কিন্তু টেঙা–জলা জাতীয় খাদ্য, যিকোনো বিজলুৱা খাদ্য, তামোল, মাদক দ্রব্য আদি অতিকে অপকাৰী৷
উল্লেখ্য যে সচৰাচৰ শিশুৰ পৰা বয়সস্থ, বয়োজ্যেষ্ঠজনলৈকে সকলোৱে হঠাতে কেইবিধমান সাধাৰণ ৰোগত আক্রান্ত হৈ পৰে৷ অৱশ্যে গ্রীষ্ম, বর্ষা, শীত আৰু বসন্ত কালত এনে ৰোগৰ প্রাদুর্ভাৱ বেছিকৈ হোৱা দেখা যায়৷ এনে কেইবিধমান অসুখ হ’ল– কাহ, পানী লগা, টনচিল, মাত ভঙা, মূৰৰ বিষ, গা বিষ আদি৷ কিন্তু এনে ৰোগৰ পৰা আৰোগ্য লাভৰ অতি সহজ উপায় নিচেই কাষতে পোৱা যায়৷ উদাহৰণস্বৰূপে যেতিয়া কাহ, পানী লগা হয়, তেতিয়া কেইফোটামান নহৰু খাটি সৰিয়হ তেলত ভাজি গৰমে গৰমে খাই অৱশিষ্টখিনি ভজা গৰম তেলেৰে সৈতে বুকু–পিঠি, হাত–ভৰিৰ তলুৱা, কাণৰ লটি আৰু নাকৰ বাহিৰ–ভিতৰ ভালদৰে মালিচ কৰিব লাগে৷ এনেদৰে পুৱা আৰু সন্ধিয়া দিনে দুবাৰকৈ ৩–৪ দিন কৰিলে সুফল পোৱা যায়৷ লগতে জালুক বা আদা দি বনোৱা ৰঙা চাহ, তুলসী পাতৰ ৰসৰ সৈতে মৌ সেৱন কৰিলে ৰোগ নিৰাময়ত পৰম মহৌষধৰ কাম কৰে৷ লং, পদিনা, বাদাম, কেঁচা হালধি উত্তম আহাৰ৷ আনহাতে বিজলুৱা জাতীয় আহাৰ, মিঠা, ঘি, দৈ, ক্রীম, গাখীৰ আৰু সকলো ধৰণৰ মাদক দ্রব্য বর্জনীয়৷
আন এক বেমাৰ হ’ল মাত ভঙা৷ পানী লগাৰ সময়তে বেছিকৈ ঠাণ্ডা খালে আৰু ৰাতি টোপনি নহ’লে মাত বন্ধ হৈ যাব পাৰে৷ মাত ওলালেও অস্পষ্ট বা ভঙা ভঙা হয়৷ লগতে ডিঙিৰ বিষো হ’ব পাৰে৷ এনে অৱস্থাত কেঁচা হালধিৰ ৰস গৰম কৰি তাত অকণমান চেনি মিহলাই প্রতিদিনে ২–৩ বাৰকৈ কেইদিনমান খালে সুফল পোৱা যায়৷ বগৰী গছৰ পাত বিশুদ্ধ ঘিউৰে ভাজি সৈন্ধৱ নিমখেৰে খালে মাত সোনকালে ওলায়৷ লগতে ব্রাহ্মী শাক, দোৰোণ শাক, ত্রিফলা চূর্ণ, সৰিয়হ তেল সুখাদ্য৷ ঠাণ্ডা দ্রব্য, নাৰিকল, ভোল, ভেণ্ডি, কোমোৰা, মাছ, মাংস, কণী আদি অপকাৰী৷
মানুহৰ সচৰাচৰ হোৱা আনবিধ অসুখ হ’ল টনচিল৷ এইবিধ অসুখত সকলো ঋতুত আক্রান্ত হ’ব পাৰে যদিও শীতকালত আক্রান্তৰ হাৰ বেছি হয়৷ এয়া হৈছে ডিঙিৰ ৰোগ, মানুহৰ ডিঙিত টনচিল নামৰ গ্রন্থিবিধ থাকেই৷ যেতিয়া এই গ্রন্থি বৃদ্ধি পায় তেতিয়া ডিঙি বা গলৰ বিষ হয়৷ বিশেষকৈ ডিঙিত অত্যধিক ঠাণ্ডা লাগিলে টনচিল গ্রন্থি বৃদ্ধি পায়৷ ফলত আহাৰ গ্রহণত অসুবিধা আহি পৰে৷ এনে অৱস্থাকে টনচিল হোৱা বুলি কোৱা হয়৷ ইয়াৰ পৰা সকাহ পাবলৈ দোৰোণ শাক পৰম উপকাৰী৷ গৰম পানীত সামান্য পটাছ মিহলাই মুখ কুলুকুলু কৰিলে সুফল পোৱা যায়৷ নেমু আৰু আদাৰ ৰস উপকাৰী৷ গৰম পানী, গৰম আহাৰ সুপথ্য৷ ডিঙিত কেতিয়াও ঠাণ্ডা লগাব নালাগে৷ মাদক দ্রব্য, গুৰুপাকী আহাৰ, টান বস্তু খোৱাটো অতিকে হানিকাৰক৷
মূৰৰ বিষ বা মূৰৰ কামোৰণিত ভুগিলে অতি সহজে বন দৰবেৰে আৰোগ্য লাভ কৰিব পাৰি৷ ছালকুঁৱৰীৰ পাত মিহিকৈ বটি কুমত প্রলেপ দিলে ভাল ফল পোৱা যায়৷ দোৰোণ শাক হাতেৰে মোহাৰি শুঙিলে বিষ আঁতৰে৷ বকুল ফুলৰ গোন্ধ ল’লে বিষ নাশ হয়৷
পৰিশেষত উনুকিয়াব খুজিছোঁ যে আমাৰ সেউজ প্রকৃতিত মুক্তভাৱে সিঁচৰতি হৈ থকা সহজলভ্য গছ–গছনি, তৰু–লতা, ফল–ফুল, শিপা আদিৰ বিভিন্ন ঔষধি উপাদানসমূহৰ দ্বাৰা আমাৰ শৰীৰৰ নানা ৰোগ–ব্যাধি নিৰাময় আৰু প্রতিৰোধ কৰিব পাৰি৷ দৰাচলতে এনে বিভিন্ন প্রাকৃতিক সম্পদ ঔষধি গুণেৰে সমৃদ্ধ হৈ আছে৷ সেয়েহে এনে আয়ুর্বেদীয় বনৌষধে মানৱ দেহৰ নানা দুৰাৰোগ্য ৰোগ নিৰাময় কৰাৰ লগতে দেহৰ প্রয়োজনীয় খনিজ দ্রব্য আৰু ভিটামিনৰ অভাৱ পূৰণ কৰি ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়৷ আনহাতে এনে ভেষজ দ্রব্যৰ নাথাকে কোনো পার্শ্ব প্রতিক্রিয়া৷
ফোন: ৯৯৫৭৮–২৭৭৯৪

You might also like