সপোনৰ বাইক কাৱাছাকি নিনজা-৩০০ কিনিবলৈ আগ্ৰহী নেকি?
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ স্পৰ্টছ বাইক নিৰ্মাণ কোম্পানী কাৱাছাকিয়ে ভাৰতত মুকলি কৰিলে নিনজা-৩০০। ভাৰত ষ্টেজ-৬ নিনজা-৩০০ৰ চিচি ২৯৬ আৰু ইয়াৰ এক্স শ্ব’ ৰুম মূল্য ৩.১৮ লাখ।
এই মূল্য ২০১৯ৰ ডিচেম্বৰত বন্ধ কৰা বি এছ-৪ নিনজা-৩০০তকৈ মাত্ৰ ২০,০০০ বেছি। জাপানীজ কোম্পানীটোৱে বি এছ-৬ নিনজা-৩০০ক যুৱচামৰ বাবে অতি আকৰ্ষণীয় ৰূপত উলিয়াই দিছে।
কাৱাছাকিৰ নিনজা ৩০০-ৰ নতুন মডেলৰ ডিজাইন আগৰ (বিএছ৪)ৰ দৰেই আছে। দ্বৈত হেডলেম্প, ইণ্টিগ্ৰেটেড টাৰ্ন ইনডিকেটৰ, স্কাল্পটেড ফুৱেল টেংক, স্পিল্ট ছীট আদি সকলোবোৰ পুৰণি মডেলৰ পৰা বহন কৰা।
মটৰচাইকেলখনত ক্ৰেটাই নতুনকৈ ডেকল লাভ কৰিব, আৰু মুঠ তিনিটা ৰঙৰ বিকল্প উপলব্ধ- লাইম গ্ৰীন (কেআৰটি), কেণ্ডি লাইম গ্ৰীন, আৰু ইবোনি। ইঞ্জিন আগৰ দৰে একে ২৯৬চিচি, লিকুইড-কুল, পাৱাৰপ্লাণ্টে আগৰ দৰে একে সৰ্বাধিক শক্তি সৃষ্টি কৰে-৩৯ পিএছ (১১,000 আৰপিএমত)।
অৱশ্যে, শীৰ্ষ টৰ্কটো অলপ হ্ৰাস হৈছে ২৬.১ এন এম (১০,০০০আৰিপএম হিচাপে)। ৬-স্পীডৰ গীয়েৰবক্স। নিনজাৰ টুইন-চিলিণ্ডাৰ ইঞ্জিন আছে, আনহাতে ইয়াৰ প্ৰতিদ্বন্দ্বী বাইকৰ আছে একক চিলিণ্ডাৰ।
উল্লেখ্য, কাৱাছাকিয়ে ভাৰতত ভেৰ্চিছ এক্স-৩০০ বাইকখনো অতি সোনকালে আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে।