উপলা নদীৰ কাঠ হাঁহি
‘এতিয়া ভোকৰ এমুঠি ভাতৰ বাহিৰে মোৰ বাবে আন একো ডাঙৰ সকাহ নাই আইজনী৷’ –কথাষাৰ কৈ বাৰাণ্ডাতে মানুহগৰাকী ঢ়পচকৈ বহি দিলে৷
ফাগুনৰ আবেলিৰ বতাহজাকে শীর্ণকায় মানুহগৰাকীক হয়তো কঁপাই
দিছিল৷ ভৰি দুখন গাৰ ফালে কোঁচাই আঁঠুৰ মূৰত মূৰটো গুজি বহি পৰা মানুহগৰাকী দেখিয়েই গম পোৱা গৈছিল যে তেওঁ যথেষ্ট দুর্বল৷ মই বুজিলোঁ স্কুলৰ পৰা অহা মাৰ লগতে ৰাস্তাৰে গৈ থকা মানুহগৰাকী আমাৰ ঘৰলৈ আহিল৷ মায়ে মোক নির্দেশ দিলে মানুহগৰাকীৰ বাবে জলপানৰ যোগাৰ কৰিবলৈ৷ আথে–বেথে ডাঙৰ কাঁহৰ বাটি এটাত গৰম গাখীৰ আৰু চিৰা, মুড়িৰ জলপান মই তেখেতলৈ আগবঢ়াই দিলোঁ৷ মানুহগৰাকীয়ে জলপানৰ বাটিটো হাতত লৈয়েই ঘপাঘপ কেইবাগৰাহো জলপান খালে৷ তেওঁৰ দুচকুত লাজে যেন ভিৰ কৰিছিল৷ কাষতে ৰৈ থকা মোলৈ চাই কঁপা কঁপা মাতেৰে তেওঁ ক’লে– ‘এতিয়াহে গাটো অকণমান ভাল লাগিছে৷ আজি দুদিন ধৰি মই একোৱেই খোৱা নাই৷ তোমাৰ মাৰাই ৰাস্তাত মোক দেখি চিনি পালে আৰু জোৰকৈ তোমালোকৰ ঘৰলৈ মতাত গুচি আহিলোঁ৷’ মানুহগৰাকীৰ বিষয়ে মই তেতিয়ালৈকে একোৱেই জনা নাছিলোঁ৷ মাত্র মাৰ কথা মতেই তেওঁৰ বাবে খোৱাৰ যোগাৰ কৰিছিলোঁ৷ কাপোৰ–কানি সলাই সতেজ হৈ মাও আহি তেওঁৰ কাষ পালেহি৷ সেই মানুহগৰাকীৰ নাম বোলে মামণি৷ মোৰ মাৰ এসময়ৰ সহপাঠী৷ ভেবা লাগি মাৰ মুখলৈ চাই ৰ’লোঁ৷ হয়তো মই যে আচৰিত হৈছোঁ সেই কথা মায়ে বুজি পাইছিল৷ জলপান আৰু চাহ খাই বহু পৰিমাণে সুস্থিৰ হোৱা মানুহগৰাকীক মায়ে এযোৰ কাপোৰ সলাবলৈ দিলে৷ দেউতা অফিচৰ পৰা অহাৰ পিছতহে আচল কথাবোৰ ওলাল৷ মামণি বৰুৱা আছিল যোৰহাটৰ এখন গাঁৱৰ জীয়ৰী৷ দেখাততো তেওঁ ৰূপহী আছিলেই, কামে–কাজেও আছিল বহুততকৈ ওপৰত৷ পঢ়াত অৱশ্যে বৰ ৰাপ নাছিল৷ ৰাংঢ়ালী মামণিয়ে বিহু নাচি নিজৰ গাঁৱৰ লগতে ওচৰ–পাঁজৰৰ বহু গাঁৱলৈ নিজৰ গৰিমা বিয়পাই দিবলৈ সক্ষম হৈছিল৷ ন–যৌৱনৰ বা গাত লগা মামণিৰ প্রেম প্রার্থীৰো অভাৱ নাছিল আৰু এদিন নৱম শ্রেণীত পঢ়ি থাকোঁতেই পোৱাল নামৰ পাহুৱাল ঢুলীয়া ডেকাটোৰ লগত মামণি পলাই গৈছিল৷ মোৰ মা আৰু আন বান্ধৱীসকল মামণিৰ চঞ্চল স্বভাৱৰ লগত পৰিচিত আছিল যদিও তাই যে তেনে এটা সিদ্ধান্ত ল’ব সেই কথাহে ভবা নাছিল৷ মাহঁতৰ লগত মামণিৰ সম্পর্ক নোহোৱা হ’ল৷ পঢ়ি–শুনি মাৰ লগতে আন কেইবাগৰাকীও বিভিন্ন ক্ষেত্রত চাকৰি একোটা গোটাবলৈ সক্ষম হ’ল৷ ব্রহ্মপুত্রৰ পাৰৰ এখন গাঁৱৰ বোৱাৰী হৈ মামণি হৈ পৰিল পাকৈত গৃহিণী, সন্তানৰ মাতৃ৷ এদিন মামণিহঁতৰ গাঁৱৰ এখন বিদ্যালয়ত অনুষ্ঠিত সভা এখনত অংশগ্রহণ কৰিবলৈ যাওঁতে মায়ে মামণিক পুনৰ লগ পালে৷ গাঁৱৰ মহিলাসকলৰ ওপৰত ন্যস্ত আছিল সভালৈ অহা অতিথিসকলৰ বাবে আহাৰৰ যোগাৰ কৰাৰ দায়িত্ব৷ মামণি সেই মহিলাসকলৰ লগতে আছিল৷ বহুদিনৰ মূৰত পুৰণি সহপাঠীক লগ পাই তেওঁ আপোনপাহৰা হৈ পৰিছিল৷ মায়েও তেওঁৰ সকলো খবৰ লৈছিল৷ ব্রহ্মপুত্রখন দিনে দিনে মামণিহঁতৰ গাঁৱৰ কাষ চাপি অহাৰ কথাটোক লৈ যে সিহঁতে দুশ্চিন্তাত আছে সেই কথা মাক কৈছিল৷ সেই সময়ত ম’বাইল ফোনৰ ব্যৱস্থা নাছিল৷ মনৰ মাজতে বান্ধৱীৰ স্মৃতি সাঙুৰি মা ঘৰলৈ উভতি আহি নিজৰ সংসাৰ আৰু চাকৰিত ব্যস্ত হৈ পৰিল৷ আজি অতদিনৰ মূৰত মামণিক বিধ্বস্ত অৱস্থাত ৰাস্তাত লগ পাই মায়ে প্রথম অৱস্থাত চিনিয়ে পোৱা নাছিল৷ কিন্তু হূদয়ৰ টান থকাৰ বাবেই হয়তো বেকাৰী এখনত বিনামূলীয়াকৈ ব্রেড এটা বিচৰা মানুহগৰাকীক ভালদৰে নিৰীক্ষণ কৰাত সেইগৰাকী তেওঁৰ সহপাঠী মামণি বুলি মা নিশ্চিত হৈছিল৷ একালৰ মৰমৰ সহপাঠীগৰাকীক তেনে অৱস্থাত এৰি থৈ আহিবলৈ হয়তো মাৰ বিবেকে মাক অনুমতি নিদিলে আৰু তাৰ ফলশ্রুতিত তেওঁ এদিনৰ বাবে আমাৰ ঘৰৰ আলহী হ’ল৷ সেই যে এদিন মামণিয়ে মাক ব্রহ্মপুত্রই তেওঁলোকৰ গাঁওখনলৈ কঢ়িয়াই অনা বিপদৰ আশংকা ব্যক্ত কৰিছিল সেই আশংকা কিছুদিনৰ পিছত সঁচা হৈছিল৷ বাৰিষাৰ উপলা নৈখনে বুকুত সামৰি লৈছিল মামণিহঁতৰ গাঁওখনকে ধৰি আন কেইবাখনো গাঁও৷ নিশাটোৰ ভিতৰতে আশ্রয়হীন হৈ পৰা গাঁওকেইখনৰ আৱাসীসকলে আশ্রয় ল’লে ৰিলিফ কেম্পত৷ কিন্তু তিনি দিনলৈকে মামণিয়ে সম্ভেদ নাপালে পোৱালৰ৷ এমা–ডিমা ল’ৰা–ছোৱালীকেইটা লৈ পোৱালৰ বাবে কেইবাদিনো বাট চালে তাই৷ এদিন পুৱতি নিশাতে খবৰ পালে যে কোনো এঠাইত পানীত উটি যোৱা পোৱালৰ মৃত শৰীৰ উদ্ধাৰ হৈছে৷ ভেটি–মাটি আৰু স্বামী হেৰুৱাই পাগলী হোৱাৰ দৰেই হ’ল মামণি৷ গাঁৱৰ আন মানুহৰো দুখ–দুর্দশাৰ অন্ত নাই৷ ৰিলিফ কেম্পৰ পৰা কিছুদিনৰ পিছত অস্থায়ীভাৱে মথাউৰিত সজা ঘৰলৈ আহিল মামণি৷ ভূতৰ ওপৰত দানহ পৰাদি বানপানীৰ পিছতে মানুহবোৰৰ ডায়েৰীয়া আৰম্ভ হ’ল৷ কেইবাটাও সৰু সৰু শিশুৰ লগতে মামণিৰ ল’ৰা–ছোৱালীহালো ঢুকাল৷ মামণিৰ ককায়েকে ভনীয়েকৰ জীৱনলৈ নামি অহা অথন্তৰৰ কথা গম পাই তাইক নিজৰ ঘৰলৈ লৈ আনিলে৷ কিন্তু কিছুদিনৰ পিছত মামণিৰ আচৰণত ফুটি উঠিল মানসিক ৰোগীৰ লক্ষণ৷ মামণিৰ বৌৱেকে ককায়েকৰ সিদ্ধান্তত পূর্বৰে পৰাই অসন্তুষ্ট আছিল৷ এতিয়া তেওঁ ককায়েকক হেঁচা দিবলৈ ধৰিলে যাতে মামণিক পগলা ফাটেকত থৈ আহেগৈ৷ গাঁৱৰ বহু লোকৰ পৰামর্শ মানি মামণিক ককায়েকে তেজপুৰ মানসিক চিকিৎসালয়ত থৈ আহিলগৈ৷ প্রথমতে ককায়েকে নিয়মীয়াকৈ মামণিৰ খবৰ ৰাখিছিল যদিও এসময়ত মামণিৰ ককায়েকেও তাইৰ ফালে পিঠি দিলে৷ এসময়ত মামণি ভাল হৈ মানসিক চিকিৎসালয়ৰ পৰা ওলাই আহিল৷ কিন্তু তাই এতিয়া অঘৰী৷ য’তেই ৰাতি তাতেই কাতি– কথাষাৰ তাইৰ ক্ষেত্রত সম্পূর্ণ প্রযোজ্য হৈছিল৷ কোনোবাই মৰমতে খাদ্য দিয়ে যদিও বাসস্থান দিবলৈ কোনো ৰাজি নহয়৷ তদুপৰি মুক্তভাবে ঘুৰি ফুৰাৰ অভ্যাসে মামণিকো যিকোনো এঠাইত স্থায়ীকৈ থকাৰ ইচ্ছা নোহোৱা কৰিলে৷ মামণিৰ কথাবোৰ শুনাৰ পিছত মোৰ চিনাকি সূত্রেই মই এখন বৃদ্ধাশ্রমৰ সৈতে কথা পাতিছিলোঁ যাতে মামণিয়ে সুৰক্ষিত আশ্রয়স্থল এটি পাব পাৰে৷ কিন্তু মামণিয়ে মোৰ ইচ্ছাত সন্মতি নজনালে৷
মামণিৰ লগতে তেওঁলোকৰ গাঁওখনৰ সর্বহাৰা মানুহবোৰৰ কথাই সেইদিনা মোক চকু টিপ মাৰিবলৈকে নিদিলে৷ বানপানী অসমৰ এটা জ্বলন্ত সমস্যা৷ প্রতিবছৰেই বানত হাজাৰ হাজাৰ মানুহ অঘৰী হয়৷ সপোনৰ সমাধিত পুনৰ জীৱনৰ আখৰা কৰে সেই মানুহবোৰে৷ নৈপৰীয়া মানুহবোৰে তথাপি নৈক ভাল পাবলৈ নেৰে৷ খেতিৰ মাটি হেৰুৱাই বিকল্প জীৱিকাৰ সন্ধানত ব্যস্ত হৈ পৰে তেওঁলোক৷ মামণিৰ দৰে বহুতেই হেৰুৱায় কপালৰ সেন্দূৰ আৰু বুকুৰ সন্তান৷ কিন্তু বানপানীৰ সমস্যাৰ সু সমাধানৰ কথা চিন্তা নকৰে সেইসকলে, যিসকলে কৰিব পাৰে৷ ভগ্ণ মথাউৰিৰ মেৰামতিৰ কাম কৰিবলৈকো তেওঁলোকে বাট চাই থাকে বাৰিষা অহালৈহে৷ লাখ লাখ টকাৰ আঁচনিয়ে সমাধান দিব নোৱাৰে বানপানীৰ সমস্যাৰ৷ বানপানীক লৰাধেমালি বুলি গণ্য কৰাসকলে নাজানে কোন বানাক্রান্তৰ গাভৰু জীয়ৰী মানৱ সৰবৰাহকাৰীৰ কবলত পৰিল৷ তেওঁলোকে খবৰ নাৰাখে কাৰ নাবালিকা কন্যা একো নুবুজাকৈয়ে দৰিদ্রতাৰ বাবেই বিবাহপাশত আবদ্ধ হ’ল৷ বানপানী যিসকলৰ বাবে টকা ঘটাৰ উৎসৱ, সেইসকলে নাজানে কাৰ ঘৰৰ প্রসূতি অপুষ্টিত ভুগি মৃত্যুৰ মুখত পৰিল অথবা বানপানীয়ে যাতায়াতৰ অনুপযোগী কৰি তোলা পথৰ বাবে সময়ত চিকিৎসকৰ কাষ চাপিব নোৱৰাত কোন নাৰীৰ সন্তান জন্ম হৈয়েই ঢুকাল৷ বানপানীয়ে কেৱল স্থাৱৰ সম্পত্তি ধ্বংস কৰিয়েই ক্ষান্ত নহয়, বহুজনৰ বুকুত দি যায় কাহানিও নুশুকোৱা দেগদেগীয়া ঘা– যেনেদৰে মামণিৰ বুকুত দিলে৷ এবাৰ শৰণার্থী শিবিৰত কিছু সামগ্রী বিতৰণ কৰিবলৈ গৈছিলোঁ৷ আমাৰ সমবয়সীয়া ছোৱালীবোৰৰ অবর্ণনীয় যন্ত্রণাই দুচকু সেমেকাইছিল৷ লাজ, সংকোচ আৰু কৃতজ্ঞচিত্তেৰে তেওঁলোকে আঁজলি পাতি লৈছিল আমি লৈ যোৱা ছেনিটাৰী পেড আৰু অতি প্রয়োজনীয় বস্ত্র৷ লাজ ঢ়কাটোৱেই তেওঁলোকৰ বাবে এক বৃহৎ প্রত্যাহ্বান হৈ পৰিছিল৷ ৰাতিপুৱা শুই উঠিয়েই গা ধুই মামণি আমাৰ ঘৰৰ পৰা যাবলৈ ওলাল৷ বেগ এটাত কেইটামান প্রয়োজনীয় বস্তু আৰু নষ্ট নোহোৱা অলপ খাদ্য মায়ে তেওঁৰ হাতত গুজি দিলে৷ মই য’তেই নাথাকো ভালকৈ থাকিম বুলি তেওঁ আমাৰ ঘৰৰ পৰা ওলাই গ’ল৷ মই মন কৰিছিলোঁ যে দুদিনমানলৈকে মোৰ মায়ে ভালদৰে খাব–শুব পৰা নাছিল৷ মামণিক বিচাৰি পাব পৰা সম্ভাব্য স্থানসমূহত মায়ে সময় পালেই তেওঁক বিচাৰি গৈছিল৷ কিন্তু বতাহত মিলি যোৱাৰ দৰেই ক’ৰবাত হেৰাই গ’ল মামণি৷ ভৰ ফাগুনৰ আবেলিত বাৰিষাৰ মানুহৰ দুর্দশা শুনি বুকুখন কঁপি উঠিছে মোৰ৷ বাৰিষা অহালৈ ৰৈ নাথাকি বানপানী ৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাবোৰ আগতীয়াকৈ লোৱাৰ কথা সংশ্লিষ্ট বিভাগবোৰে ভাবিব নোৱাৰেনে বাৰু?