নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ ত বর্ণিল কেৰিয়াৰ সামৰিব লিয়েণ্ডাৰ পেজে

নিউজডেস্ক, ২৭ ডিচেম্বৰঃটেনিছক বিদায় জনোৱাৰ সিদ্ধান্ত ল’লে ভাৰতৰ কিংবদন্তি ডাবলছ খেলুৱৈ লিয়েণ্ডাৰ পেজে৷ ২০২০ বর্ষই তেওঁৰ পেছাদাৰী টেনিছ কেৰিয়াৰৰ অন্তিম বর্ষ হ’ব বুলি  লিয়েণ্ডাৰ পেজে বুধবাৰে নিশা ঘোষণা কৰে৷

১৯৯১ চনত পেছাদাৰী টেনিছত অভিষেক ঘটা লিয়েণ্ডাৰে অৱশ্যে ২০২০ বর্ষটোত অলিম্পিককে ধৰি কেইখনমান গুৰুত্বপূর্ণ প্রতিযোগিতাত অংশগ্রহণ কৰিব বুলি মন্তব্য কৰে৷

বর্ণিল কেৰিয়াৰত ১৮টাকৈ গ্রেণ্ডশ্লামৰ ডাবলছ আৰু মিক্সড ডাবলছৰ খিতাপ জয় কৰা ৪৬ বছৰীয়া লিয়েণ্ডাৰে ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকৰ ছিংগলছত ব্রঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল৷

প্রবীণ খেলুৱৈগৰাকীয়ে ১০০ৰো অধিক সংগীৰ সৈতে যুটি বান্ধি ৫৪টা ডাবলছৰ খিতাপ জয় কৰিবলৈ সক্ষম হয়৷ ডেভিছ কাপৰ ডাবলছৰ ৫৬খন মেচত অংশগ্রহণ কৰি ৪৪খনত বিজয় সাব্যস্ত কৰি ডেভিছ কাপৰ আটাইতকৈ সফল খেলুৱৈ ৰূপে অভিলেখ গঢ়া পেজ হ’ল দেশৰ একমাত্র খেলুৱৈ, যিয়ে ক্রমাগত সাতখন অলিম্পিকত অংশগ্রহণ কৰিছে৷

You might also like