অভিবাসী পক্ষ ঐক্যবদ্ধ হৈছেঃ আৰু আমি?
‘আমি’ শব্দৰে আজিৰ এই প্রসংগত অসমৰ খিলঞ্জীয়া শিবিৰভুক্ত লোকসকলকে সমূহীয়াকৈ বুজোৱা হৈছে৷ ৰাজ্যৰ খিলঞ্জীয়া কোন, তাৰ সংজ্ঞা দাঙি ধৰাটো আমাৰ এই লেখাৰ উদ্দেশ্য নহয়৷ অসমৰ সমাজ জীৱনত আজি দুটাই পক্ষ – খিলঞ্জীয়া আৰু অভিবাসী৷ দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ৰে পৰা পূর্বোক্ত শিবিৰভুক্ত জনসমষ্টি দুটাৰ মাজত অধিকাৰকেন্দ্রিক যুঁজখন অব্যাহত আছে৷ অসমৰ খিলঞ্জীয়া লোকসকলৰ পৰা সমস্ত অধিকাৰ কাঢ়ি ল’বলৈ আনটো পক্ষই আৰম্ভণিৰে পৰা অতিশয় পৰিকল্পিত ৰূপত কাম কৰি গৈছে৷ অভিবাসী পক্ষৰ সর্বপ্রধান লক্ষ্য হৈছে সম্প্রতি খিলঞ্জীয়া লোকসকলৰ হাতত থকা ৰাজনৈতিক অধিকাৰ হস্তগত কৰা৷ অভিবাসী শিবিৰৰ বিচক্ষণ নেতৃবর্গ এই সম্বন্ধে সম্যকভাৱে অৱগত যে এবাৰ ৰাজনৈতিক অধিকাৰ নিজৰ হাতলৈ আনিব পাৰিলে আন সকলো অধিকাৰ, যথা – সামাজিক, সাংস্কৃতিক, ধর্মীয়, ভাষিক আৰু সর্বোপৰি অর্থনৈতিক অধিকাৰ তেওঁলোকৰ বাবে সুলভ হৈ পৰিব৷ আন কথাত ক’বলৈ হ’লে ৰাজনৈতিক অধিকাৰেই আন সকলো অধিকাৰ লাভৰ চাবিকাঠী৷ অভিবাসী পক্ষৰ নেতাসকলক এই এটা কথা কোনেও শিকাব লগা হোৱা নাই৷ স্বাভাৱিক বুদ্ধিমত্তাৰেই তেওঁলোক অৱগত যে গণতন্ত্রত সংখ্যাই হৈছে সর্বোচ্চ নির্ণায়ক কাৰক৷ এই কথাৰ প্রতি দৃষ্টি ৰাখি অসমত অভিবাসী পক্ষৰ সংখ্যাগৰিষ্ঠতা প্রতিষ্ঠাৰ উদ্দেশ্যে সম্ভৱপৰ প্রতিটো উপায়েই তেওঁলোকে অৱলম্বন কৰি আহিছে৷ উদাহৰণস্বৰূপে নিজ সম্প্রদায়ৰ লোক বিদেশৰ পৰা আমদানি কৰি, অত্যধিক হাৰত সন্তান উৎপাদন কৰি অথবা ছলে–বলে–কৌশলে একাংশ খিলঞ্জীয়া লোকক নিজ শিবিৰভুক্ত কৰি৷ বিভিন্ন অসৎ কৌশলেৰে খিলঞ্জীয়া নাৰীসকলক বিয়া কৰোৱাটোও ইবিলাকৰ ভিতৰত অন্যতম৷
অভিবাসী পক্ষই একেবাৰে আৰম্ভণিতে এটা বিশেষ কথাৰ প্রতি দৃষ্টি ৰাখিছিল৷ পক্ষটোৰ নেতৃবর্গই এটা কথা সুন্দৰৰূপে অনুধাৱন কৰিবলৈ সমর্থ হৈছিল যে তেওঁলোক বাঞ্ছিত লক্ষ্যত উপনীত হ’বলৈ হ’লে এক বিশেষ মহলৰ ৰাজনৈতিক আশীর্বাদ লাভ কৰাটো অতীব প্রয়োজনীয়৷ স্বৰাজপূর্ব কালছোৱাত এই আশীর্বাদ তেওঁলোকে মুছলিম লীগৰ পৰা উভৈনদীকৈ পাই আছিল৷ কিন্তু স্বাধীনতা লাভৰ পাছতো এই পক্ষটোৱে এক ৰাজনৈতিক ‘গডফাডাৰ’ বিচাৰি হাবাথুৰি খাব লগা নহ’ল৷ স্বৰাজোত্তৰ যুগটোত মুছলিম লীগৰ অনুপস্থিতিত ৰাষ্ট্রীয় পর্যায়ৰ ৰাজনৈতিক দল কংগ্রেছ অসমৰ অভিবাসী পক্ষটোৰ ‘ধর্মপিতৃ’ হ’বলৈ স্বেচ্ছাই আগবাঢ়ি আহিল৷ স্বাধীনতাৰ অব্যৱহিত পৰৱর্তী মুহূর্তটোৰ পৰাই কংগ্রেছ দলে অসমৰ অভিবাসী শিবিৰভুক্ত লোকসকললৈ অকুণ্ঠ ৰাজনৈতিক পৃষ্ঠপোষকতা আগবঢ়াবলৈ আৰম্ভ কৰিলে৷ স্বাধীনতা সংগ্রামত অশেষ ত্যাগ স্বীকাৰ কৰা অসমৰ খিলঞ্জীয়া পক্ষটোৰ প্রতিও যে কিছু দায়বদ্ধতা কংগ্রেছী নেতৃবৃন্দই অনুভৱ কৰা উচিত আছিল, সেই কথা তেওঁলোকৰ মনলৈকে নাহিল৷ একে সময়তে অসমৰ অভিবাসী পক্ষটো আছিল ৰাজনৈতিক অভিভাৱকত্বৰ সন্ধানত আৰু আনহাতে কংগ্রেছ দলে অসমত বিচাৰিছিল এক আনুগত্যসম্পন্ন ভোটবেংক স্থাপন হোৱাটো৷ পাৰস্পৰিক স্বার্থৰ এই পৰিপূৰকতাই অসমৰ খিলঞ্জীয়া পক্ষটোক শোচনীয়ভাৱে ক্ষতিগ্রস্ত কৰিছিল৷ কিন্তু অভিবাসী শিবিৰটোৰ লগত কংগ্রেছ দলৰ এনে এক অঘোষিত বুজাবুজি হৈ যোৱাৰ পাছতো ৰাজ্যখনৰ খিলঞ্জীয়া পক্ষৰ লোকসকলে তাৰ অত্যন্ত অশুভ পৰিণতি সম্বন্ধে সুদীর্ঘ কাল ধৰি একো ভুকে পোৱা নাছিল৷ স্বাধীনতাৰ পাছৰ তিনি দশককাল অসমৰ খিলঞ্জীয়া জনসমষ্টিটোৱে কংগ্রেছ দলৰ প্রতি ধাৰাবাহিক পৃষ্ঠপোষকতা যোগাই গৈছিল৷ অসম আন্দোলন সংগঠিত হোৱাৰ সময়ছোৱাত কংগ্রেছ দলৰ অভিবাসী–বিষয়ক কূটনীতি সম্বন্ধে খিলঞ্জীয়া পক্ষটোলৈ কিছু সজাগতা আহিছিল যদিও বলিষ্ঠ নেতৃত্বৰ অভাৱত সেই ব্যাপক জনজাগৰণো ব্যর্থতালৈ পর্যৱসিত হৈছিল৷ অসম আন্দোলনৰ গতিবিধি প্রত্যক্ষ কৰি সেই সময়ত আমাৰ মনত এনে এক ধাৰণাই গঢ় লৈ উঠিছিল যে অসমৰ খিলঞ্জীয়া পক্ষৰ সমুখত কংগ্রেছ দলৰ মুখা চিৰকালৰ বাবে খোল খাই গৈছে আৰু এই শিবিৰভুক্ত কোনো এটা সম্প্রদায়েই পৰৱর্তী কালত কংগ্রেছ দলৰ প্রতি সমর্থন আগনবঢ়ায়৷ পিছে আমাৰ সেই ধাৰণা অশুদ্ধ প্রমাণিত হোৱা দেখিবলৈ বেছি সময় অপেক্ষা কৰিব লগা নহ’ল৷ ১৯৯১ চনত পুনৰ হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্রেছী চৰকাৰ এখনকে অসমৰ মানুহে দিছপুৰত ক্ষমতাধিষ্ঠ কৰিলে৷ আকৌ বিভিন্ন অজুহাতত ২০০১ চনৰ পৰা ২০১৬ চন পর্যন্ত তৰুণ গগৈৰ নেতৃত্বত গঠিত তিনিখন কংগ্রেছ চৰকাৰে ধাৰাবাহিকভাৱে অসম শাসন কৰাৰ সুযোগ পালে৷ কিন্তু সেই বুলিয়েই কংগ্রেছ দলৰ অভিবাসী–তোষণৰ মৌলিক নীতিত একো পৰিৱর্তন নঘটিল৷ তাৰ স্পষ্ট প্রমাণ ৰূপে আঙুলিয়াব পাৰি খিলঞ্জীয়াৰ অধিকাৰ চূর্ণ কৰিবলৈ সদাতৎপৰ হৈ থকা এজন অভিবাসী পক্ষৰ ব্যক্তিৰ হাতত গৃহ দপ্তৰ তৰুণ গগৈয়ে অর্পণ কৰা কথাৰ প্রতি৷ এবাৰ এটা নির্বাচনৰ আগে আগে একেজন তৰুণ গগৈয়ে ‘হু ইজ বদৰুদ্দিন আজমল’ বুলি এটা সংলাপ মাতিয়েই ৰাজ্যখনৰ সমুদায় খিলঞ্জীয়া লোকক আভুৱা–ভাঁৰিবলৈ সমর্থ হৈছিল৷ অসমৰ হোজা খিলঞ্জীয়া লোকসকলৰ আজমল নামৰ অভিবাসী পক্ষৰ প্রমুখ নেতাজনৰ প্রতি থকা বিতৃষ্ণাৰ সুযোগ ল’বৰ বাবেহে যে প্রকৃততে তেনে এটা ভাওনাৰ বচন মাতিছিল, সেই কথা ইতিমধ্যে সুস্পষ্ট হৈ উঠিছে৷ ৰাজ্য বিধানসভাৰ আসন্ন নির্বাচনৰ পূর্বে অসমৰ অভিবাসী পক্ষক সমুখৰ পৰা নেতৃত্ব প্রদান কৰি অহা বদৰুদ্দিন আজমলৰ ইউডিএফ দলৰ সৈতে খিলঞ্জীয়াৰ স্বার্থৰ পৰিপন্থী কংগ্রেছে ‘মহাজোঁট’ গঠন কৰি ইয়াৰ আচল ৰূপ এইবাৰ সম্পূর্ণভাৱে উদঙাই দেখুৱালে৷ অৱশ্যে ৰাষ্ট্রীয় দলটোৰ এই অভিবাসী–প্রীতিত আমি তিলমাত্রও আশ্চর্য অনুভৱ কৰা নাই৷ কিয়নো ৰাষ্ট্রীয় পর্যায়তো মুছলমান–তোষণেই হৈছে কংগ্রেছ দলৰ অন্যতম মৌলিক নীতি৷ এই মুহূর্তত আমাৰ বাবে পৰম বিস্ময় হৈ ধৰা দিছে আন এটা কথাইহে৷ সেইটো হৈছে, অসমৰ খিলঞ্জীয়া শিবিৰৰ লোকসকলে বিগত সাত দশকৰ কালছোৱাত কংগ্রেছ দলৰ সকলো তালুকি–ভালুকি দেখাৰ পাছতো এই দলটোৰ প্রতি মোহ একেবাৰে ত্যাগ কৰিব নোৱৰাটো৷ এই প্রসংগতে উল্লেখযোগ্য যে ১৯৮৫ চনৰ পাছত ১৯৯৬ চনত প্রফুল্ল কুমাৰ মহন্তই অনেক কিটিপ–কায়দা খটুৱাই অগপ দলৰ নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিও সেইবাৰ আঞ্চলিক দলৰ সমর্থনত ১৯৮৫ চনত সৃষ্টি হোৱা অভূতপূর্ব জনজাগৰণৰ ৰেশ মাত্রহে দৃষ্টিগোচৰ হৈছিল৷ প্রকৃতপক্ষে অসমৰ ৰাজনীতিত ১৯৮৫ চনৰ নির্বাচনতকৈয়ো ৰাজ্যখনৰ খিলঞ্জীয়া শিবিৰৰ বাবে ২০১৬ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনটো অধিক তাৎপর্যপূর্ণ আছিল৷ তাৰ আগলৈকে কংগ্রেছ আৰু অভিবাসী শিবিৰৰ বিৰুদ্ধে ৰাজ্যৰ খিলঞ্জীয়া পক্ষই ইমান বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল৷ সেই বিবেচনাৰে ২০১৬ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনটোৱে অসমৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছিল৷ উক্ত নির্বাচনৰ জৰিয়তে প্রতিষ্ঠিত ৰাজ্যিক মন্ত্রীসভাখন এটা দৃষ্টিকোণৰ পৰা অসাধাৰণ আছিল৷ কিয়নো উক্ত মন্ত্রীসভাত অভিবাসী পক্ষৰ এজনো সদস্যই স্থান পোৱা নাছিল৷ এয়া স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাসত আছিল যথার্থতে এক অভূতপূর্ব ঘটনা৷ অভিবাসী পক্ষটোৰ আগ্রাসী মনোভাবৰ এনে বলিষ্ঠ প্রত্যুত্তৰ ইয়াৰ আগলৈকে খিলঞ্জীয়া শিবিৰৰ লোকসকলে দিয়াটো দৃষ্টিগোচৰ হোৱা নাছিল৷ এইপর্যন্ত খিলঞ্জীয়া আৰু অভিবাসীৰ বিৱেচনাৰে এনে সুস্পষ্ট মেৰু–বিভাজন একমাত্র ২০১৬ চনতহে ঘটিছিল৷ আজিৰ পৰা পাঁচ বছৰ পূর্বে অনুষ্ঠিত ৰাজ্যৰ বিধানসভা নির্বাচনত খিলঞ্জীয়া পক্ষই লাভ কৰা এই বৃহৎ সাফল্যত আন এক কাৰকেও প্রভাৱ বিস্তাৰ কৰিছিল৷ এনেয়ে ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দি অহা অভিবাসী পক্ষৰ ভোট ২০১৬ চনত বিভাজিত হৈছিল কংগ্রেছ আৰু ইউডিএফ দলৰ মাজত৷ তাৰ বিপৰীতে খিলঞ্জীয়া পক্ষটো প্রায় ঐক্যবদ্ধ হৈছিল বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ সমর্থনত৷ এই দুয়োটা কাৰকৰ সন্মিলিত প্রভাৱত উক্ত মিত্রজোঁটে ৰাজ্যৰ বিধানসভাত দুই–তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাটো সম্ভৱ হৈ উঠিছিল৷ লক্ষণীয়ভাৱে বিগত পাঁচ বছৰৰ কালছোৱাত অসমৰ সমাজ জীৱনলৈ খিলঞ্জীয়া আধিপত্যৰ প্রথমবাৰৰ বাবে আগমন ঘটিছিল৷ তাৰ আগলৈকে কংগ্রেছৰ ছত্রছায়াত থাকি ইটোৰ পাছত সিটোকৈ খিলঞ্জীয়াৰ স্বার্থৰ ওপৰত চলাই যোৱা কুঠাৰাঘাতৰ পৰম্পৰাত দর্শনীয়ভাৱে যতি পৰিছিল৷ ইয়াকে দেখি সুদীর্ঘ কাল খিলঞ্জীয়াৰ স্বার্থৰ সুৰক্ষাৰ প্রতীক্ষাত থকা লোকসকলে স্বস্তি অনুভৱ কৰিছিল৷ কিন্তু খিলঞ্জীয়া শিবিৰৰ এই উত্থানত অভিবাসী পক্ষ স্বাভাৱিকতে হৈ পৰিছিল সন্ত্রস্ত৷ ২০২১ত যাতে ২০১৬ চনৰ পুনৰাবৃত্তি ঘটিব নোৱাৰে, তাৰ প্রতি দৃষ্টি ৰাখি অভিবাসী মহল পুনৰ খিলঞ্জীয়াৰ বিৰুদ্ধে অভিসন্ধি ৰচাত ব্যস্ত হৈছিল৷ এই উদ্দেশ্য লৈ এই শিবিৰৰ লোকসকল শৰণাপন্ন হৈছিল পুৰাতন মন্ত্রদাতা কংগ্রেছ দলৰ৷ কংগ্রেছৰ নেতৃবৃন্দও এনে এক সুযোগৰ অপেক্ষাতে আছিল৷ অসমৰ খিলঞ্জীয়া লোকসকলক সততে শঠা–মিতিৰালিৰে ছলনা কৰি অহা কংগ্রেছ দলে এইবাৰ সকলো লাজ–মান কাতি কৰি থৈ অভিবাসী–হিতৈষণাক প্রকাশ্যে তুলি ধৰিলে৷ খিলঞ্জীয়াৰ উত্থান প্রতিহত কৰিবলৈ কংগ্রেছৰ নেতৃত্বতে গঠন হ’ল এক মহাজোঁট, যি জোঁটত সাপ, বেং, কেঁকোৰা সকলো একেলগ হৈ পৰা দেখা গৈছে৷ এই বহুৰঙী মহাজোঁটৰ উদ্দেশ্য আমি দেখাত এটাই – অসমত খিলঞ্জীয়া আধিপত্যৰ অৱসান ঘটাই পুনৰ অভিবাসী পক্ষৰ টিঘিলঘিলনিৰ বাট মুকলি কৰি দিয়া৷
এতিয়া কথা হৈছে, যোৱা পাঁচ বছৰ ধৰি খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত কৰিবলৈ দেহে–কেহে লগা চৰকাৰখনক ক্ষমতাৰ পৰা অপসাৰণ কৰিবলৈ অতিশয় দুর্ভাগ্যজনকভাৱে খিলঞ্জীয়াৰ মাজৰ পৰাই সম্প্রতি বহুসংখ্যক দল–সংগঠনৰ জন্ম হৈছে৷ যি সময়ত খিলঞ্জীয়া পক্ষটোক নিজ গৃহভূমিতে ভগনীয়াত পৰিণত কৰিবলৈ এক বৃহৎ অভিসন্ধি চলি আছে, তেনে এক মুহূর্ততে ভূমিপুত্রসকলৰ মাজৰে একাংশই অভিবাসীৰ পক্ষত থিয় দিয়া দেখি আমি মর্মাহত হৈছোঁ৷ একমাত্র ব্যক্তিগতভাৱে লাভৱান হোৱাৰ স্বার্থত যিসকল খিলঞ্জীয়াই অভিবাসীৰ ত্রাণকর্তা কংগ্রেছ দলৰ সৈতে হাত মিলাইছে, সেইসকলৰ এনে স্বার্থান্বেষী ভূমিকাই অসমীয়া জাতিৰ ইতিহাসত নতুনকৈ এক ক’লা অধ্যায়ৰ সূচনা কৰিব৷ সেইসকলক এনে স্বজাতিদ্রোহী কার্যকলাপৰ পৰা বিৰত থাকিবলৈ আমি মুকলি আহ্বান জনালোঁ৷ অসমৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যতৰ প্রতি যিসকলে তিলমাত্রও দায়বদ্ধতা অনুভৱ কৰে, তেওঁলোকে কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোঁটক দূৰতে বিদূৰ কৰক৷