অন্তৰ্বাসো হ’ব পাৰে পুৰুষৰ ভগ্নস্বাস্থ্যৰ কাৰণ
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ শুনাত আচহুৱা যেন লাগিলেও এই কথা সত্য যে এগৰাকী পুৰুষৰ ভগ্নস্বাস্থ্যৰ লগত সম্পৰ্ক থাকে তেওঁ পৰিধান কৰা অন্তৰ্বাসৰ। প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক পুৰুষে অন্তৰ্বাস পৰিধান কৰে। কিন্তু এইক্ষেত্ৰত সাৱধান হোৱা দৰকাৰ।
বিভিন্ন গৱেষণামূলক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, অন্তৰ্বাসে শুক্ৰাণুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। হাৰ্ভাৰ্ডৰ এদল গৱেষকে ২০০০ চনৰ পৰা ২০১৭ চনৰ ভিতৰত এটা চিকিৎসা কেন্দ্ৰত প্ৰজননজনিত বিষয়ত অহা ৭০০ গৰাকী পুৰুষৰ শুক্ৰাণুৰ নমুনা পৰীক্ষা কৰিছিল।
পুৰুষসকলৰ গড় বয়স আছিল ৩৫। শুক্ৰাণুৰ তাৰতম্যলৈ লক্ষ্য কৰি উক্ত লোকসকলে কেনে অন্তৰ্বাস পৰিধান কৰে সম্ভেদ লৈছিল। এই পৰীক্ষাটোত দেখা গৈছিল যে ঢিলা অন্তৰ্বাস পৰিধান কৰা লোকসকলৰ শুক্ৰাণুৰ ঘনত্ব টাইট অন্তৰ্বাস পৰিধান কৰা সকলতকৈ প্ৰায় ২৫ শতাংশ অধিক আৰু শুক্ৰাণুৰ সংখ্যাও ১৭ শতাংশ অধিক।
আনহাতে, টাইট অন্তৰ্বাসে অণ্ডকোষক প্ৰভাৱিত কৰাৰ লগতে ছালৰ ৰোগৰো সৃষ্টি কৰিব পাৰে। এই সমস্যা পৰিহাৰ কৰাৰ উপায় হিচাপে টান অন্তৰ্বাস পিন্ধিব নালাগে। ৰেচম, নাইলন আৰু লাইক্ৰা কাপোৰৰ অন্তৰ্বাস পৰিধান কৰিব লাগে। এইক্ষেত্ৰত ঢিলা অন্তৰ্বাস পৰিধান কৰাটো সকলো পুৰুষৰ বাবে উপযোগী।