নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্ণৱ গোস্বামীক গ্রেপ্তাৰৰ পূর্বে অগ্রিম জাননী দিব লাগিব মুম্বাই আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ টেলিভিছন ৰেটিং পইণ্ট (টি আৰ পি) কেলেংকাৰি গোচৰত যদি ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীক গ্রেপ্তাৰ কৰিব বিচাৰে, তেতিয়াহ’লে মুম্বাই আৰক্ষীয়ে তিনি দিন পূর্বে অগ্রিম জাননী দিব লাগিব৷ বুধবাৰে বোম্বে উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূর্ণ নির্দেশনা দিয়ে মুম্বাই আৰক্ষীক৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্ধে আৰু মনীষ পিটালে মুম্বাই আৰক্ষীক এই নির্দেশনা দিয়াৰ লগতে ৰাজ্য চৰকাৰৰ অধিবক্তা দীপক থাকৰেৰ আবেদন খাৰিজ কৰে৷ অধিবক্তা দীপক থাকৰেই অর্ণৱ গোস্বামীয়ে তদন্তৰ সন্মুখীন হোৱাৰ লগতে কোনো বিশেষ মর্যাদা দাবী কৰিব নোৱাৰিব বুলি উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন খাৰিজ কৰে বিচাৰপীঠে৷

ইপিনে, বিচাৰপীঠে উক্ত গোচৰ সন্দর্ভত মুম্বাই আৰক্ষীয়ে তিনি মাহ ধৰি অনুসন্ধান চলাই থকাৰ পিছতো উক্ত কেলেংকাৰি গোচৰত অর্ণৱ গোস্বামীক অভিযুক্ত হিচাপে নাম অন্তর্ভুক্ত কৰা নাই বুলি কয়৷ উল্লেখ্য যে অভিযোগনামাত অর্ণৱ গোস্বামীৰ নাম সন্দেহযুক্ত হিচাপে অন্তর্ভুক্ত কৰা হৈছে আৰু ইয়াৰ জৰিয়তে গোস্বামীক গ্রেপ্তাৰ কৰিবলৈ মূৰৰ ওপৰত তৰোৱাল ওলোমাই ৰখাৰ দৰে হৈছে বুলিও কয় বিচাৰপীঠে৷ বোম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠৰ সন্মুখত সাংবাদিক অর্ণৱ গোস্বামীৰ অধিবক্তা অশোক মুণ্ডাৰগীয়ে যুক্তি প্রদর্শন কৰি কয় যে দেশৰ অপৰাধমূলক আইনত কোনো লোকৰ নাম সন্দেহযুক্ত হিচাপে অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা আৰক্ষীৰ কাৰণে নাই৷ অভিযোগনামাত তেওঁৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা নাই৷

You might also like