চিনেমাৰ চুম্বনৰ বাবে পত্নীৰ পিটন খাইছিল ইমৰান হাছমিয়ে
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ইমৰান হাছমী। বলীউডৰ অতি জনপ্ৰিয় চেলিব্ৰিটী ৰূপে পৰিচিত নহ’লেও তেওঁৰ আছে এক সুকীয়া পৰিচয়। অতি ৰোমাণ্টিক দৃশ্যাংশৰ বাবে তেওঁ সদায়ে সকলোৰে ওপৰত।
কালি এইগৰাকী অভিনেতাৰ আছিল জন্মদিন। ১৯৭৯ চনত জন্ম লভা অভিনেতাগৰাকীয়ে ৪২ বৰ্ষত ভৰি থ’লে। ২০০৪ চনত মুক্তি পোৱা ‘মাৰ্ডাৰ’ ছবিয়ে তেওঁক বিখ্যাত কৰি তোলে চেলিব্ৰেটীৰ জগতখনত। ইয়াৰ পিছত গেংষ্টাৰ, কলিযুগ, ৰাজ-৩ৰ দৰে ছবিবোৰ যোগ হৈছিল কেৰিয়াৰত।
কিন্তু নিজ ফিল্ম কেৰিয়াৰত তেওঁ বেছ জনপ্ৰিয় চুম্বনৰ বাবে। চুম্বনৰ দৃশ্য তেওঁৰ দৰে পৰ্দাত ইমান সাৱলীল কোনেও যেন কৰিব নোৱাৰে। এনে কোনো ছবি নাই, য’ত ইমৰানৰ চুম্বনৰ দৃশ্য নাই। বহু লোকে আনকি ইমৰান হাছমিৰ নাম ইমৰান কিছমি বুলিও কৈছিল।
কিন্তু আপুনি জানেনে ইমৰানে তেওঁৰ নান্দনিক চুম্বনৰ বাবে ঘৰুৱা সংসাৰত কেনে সমস্যাত পৰিছিল? এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে তেওঁৰ পত্নী পাৰবীন চাহানিয়ে এই চুম্বনৰ দৃশ্যবোৰ ভাল পোৱা নাছিল। পাৰবীনে সহ্য কৰিব পৰা নাছিল যে তেওঁৰ স্বামীয়ে পৰ্দাত আন এগৰাকী মহিলাক চুম্বন কৰি আছে। এই দৃশ্যবোৰৰ বাবে পত্নী অতি অসন্তুষ্ট আছিল। ইমৰানে লগেতে কয়- ‘এতিয়া চুম্বনৰ দৃশ্য দেখিলে তেওঁ নামাৰে, কিন্তু আগতে বেগেৰে কোবাইছিল। প্ৰতিখন চিনেমা ৰিলিজৰ সময়ত ময়েই বেগটো কিনি দিছিলো কোবাবৰ বাবে। ‘