আজি পশ্চিমবংগতো ৩০ সমষ্টিত নির্বাচন, নিৰ্বাচনৰ দিনাই বিজেপি নেতাক হত্যা
জয়পুৰত টিএমচিৰ কার্যালয়ত বিস্ফোৰণ, আহত ৫জন
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ দেশৰ ৰাজনৈতিক পর্যবেক্ষকসকলৰ বাবে আকর্ষণীয় হৈ পৰা অসমৰ আৰু পশ্চিমবংগ বিধানসভা নির্বাচনৰ আজি প্রথম পর্যায়ৰ ভোটদান চলি আছে। অসমৰ ৪৭ সমষ্টিৰ লগতে পশ্চিমবংগত প্ৰথম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব ৩০টা সমষ্টিত৷
অৱশ্যে পশ্চিমবংগৰ নির্বাচনলৈ মাজত মাত্র কেইঘণ্টামান সময় বাকী থকা অৱস্থাতে কালি শাসকীয় তৃণমূল কংগ্রেছ (টিএমচি)ৰ কার্যালয় এটাত সংঘটিত বিস্ফোৰণত ৫গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে৷
বাকুৰা জিলাৰ জয়পুৰ অঞ্চলত তৃণমূল কংগ্রেছৰ কার্যালয়ত এই বিস্ফোৰণটো সংঘটিত হয়৷
অসমত এতিয়ালৈ সুকলমে নিৰ্বাচন অনুষ্ঠিত হৈ আছে যদিও পশ্চিমবংগত আজি নিৰ্বাচনৰ দিনাই কেছিয়াৰী অঞ্চলত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটো তথা ৰাজ্যখনত ভোটগ্ৰহণ স্পৰ্শকাতৰ হৈ পৰিছে। বিজেপি নেতাজন মংগল ছোৰেনক মৰিয়াই হত্যা কৰা বুলি প্ৰাথমিক তদন্তত সন্দেহ কৰা হৈছে।