শিপিনীৰ তাঁতশালত ভমকা ফুলৰ বিহুৱান, নাচনীৰ দুহাতত জেতুকাৰ বোলঃ উছাহে নধৰা হিয়া
প্রাণৰ ৰঙালীলৈ মাজত মাথোঁ দুটা দিন
নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ বসন্তৰ পৰশত ন–সাজেৰে উদ্ভাসিত হৈ পৰিছে উতলা ফাগুনে লঠঙা কৰা প্রকৃতি৷ কোমল কুঁহিপাতে সেউজ কৰি তুলিছে ধৰা৷ বিনন্দীয়া হৈ পৰা গছ–গছনিৰ আঁৰত লুকাই মাতিছে কুলি–কেতেকীয়ে৷ গছৰ ডালত ফুলিছে কপৌ৷ এনে বিনন্দীয়া পৰিৱেশেই আগলি বতৰা আনিছে অসমীয়াৰ প্রাণৰ আপোন ৰঙালী বিহুৰ৷ চেনেহৰ বিহুটিলৈ মাজত মাথোঁ দুটা দিন৷ বিগত বর্ষত ক’ভিডৰ সংক্রমণৰ বাবে ৰঙালী বিহু উদ্যাপনৰ ক্ষেত্রত বাধাৰ সৃষ্টি হৈছিল যদিও এইবাৰ দুগুণ উৎসাহেৰে চেনেহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে অসমীয়া ৰাইজ৷ শালত ভমকা ফুলৰ বিহুৱানত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিপিনী৷ দুহাতত জেতুকা বুলাই বিহুত হেঁপাহ পলুৱাই এপাক নাচিবলৈ উদ্ভাউল হৈ পৰিছে নাচনী৷ সমান্তৰালভাৱে বিহুৰ দিনা পুৱা আত্মীয়–স্বজনক আপ্যায়ন কৰিবলৈ বিধে বিধে খাদ্য–সামগ্রী প্রস্তুত কৰিবলৈ আখলত ব্যস্ত হৈ পৰিছে গৃহিণী৷
মুঠতে প্রাণৰ আপোন ৰঙালী বিহু উদ্যাপন কৰিবলৈ ৰাজ্যৰ চাৰিওফালে এতিয়া দেখা গৈছে সীমাহীন ব্যস্ততা৷ আকাশে–বতাহে গুঞ্জৰিত হৈছে ঢ়োল–পেঁপাৰ মাত৷ আৰু দুদিন পাছত অর্থাৎ অহা বুধবাৰে ৰাজ্যবাসীয়ে পালন কৰিব গৰুবিহু৷ সেই দিনা গৰুক গা ধুৱাই পৰম্পৰা ৰক্ষা কৰিব অসমবাসীয়ে৷ তাৰ পিছদিনাই উদ্যাপন কৰা হ’ব মানুহ বিহু৷ এইদৰে সাত বিহু পালন কৰিব অসমবাসীয়ে৷ উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্রান্তত আয়োজন কৰা হৈছে ৰঙালী বিহুৰ কার্যসূচী৷ বিহু হুঁচৰি, বিহুৱতী প্রতিযোগিতাৰ লগতে ঠায়ে ঠায়ে আয়োজন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানৰ৷ এই অনুষ্ঠানসমূহত গীত পৰিৱেশনৰ বাবে সাজু হৈছে ৰাজ্যৰ শিল্পীসকল৷ ইতিমধ্যে ৰঙালী বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ নীতি–নির্দেশনা নির্ধাৰণ কৰি দিছে৷ নিশা ১১ বজাৰ ভিতৰত বিহুৰ কার্যসূচী সমাপ্ত কৰিবলৈ বিহু কমিটীসমূহক নির্দেশ দিছে চৰকাৰে৷ ইয়াৰ মাজতে প্রান্তে প্রান্তে তিনি–চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰঙালী বিহুৰ আকর্ষণীয় কার্যসূচী৷ সমান্তৰালভাৱে বিহু মঞ্চত বিহু হুঁচৰি প্রদর্শন কৰিবলৈ সাজু হৈছে বিহু হুঁচৰি দলসমূহ৷ শেষবাৰৰ বাবে আখৰাত ব্যস্ত হৈছে এই বিহু হুঁচৰি দলসমূহৰ লগতে শিল্পীসকল৷