নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৰোগীৰ বাবে ৰাজ্যত মজুত আছে ৪,৪৪০খন বিছনা

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ ক’ভিড ৰোগীৰ বাবে ৰাজ্যত মজুত আছে ৪,৪৪০খন বিছনা৷ শনিবাৰে স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, অক্সিজেন নোহোৱাকৈ বর্তমান ৩,৩০১খন বিছনা আছে৷ ইয়াৰে ৫৯২খন বিছনাত ৰোগী আছে৷

বর্তমান আই চি ইউসহ মুঠ ৮১১খন বিছনা আক্রান্তৰে ভৰি আছে৷ ইফালে অসমত পুনৰ লকডাউন নহয় বুলি স্বাস্থ্যমন্ত্রীগৰাকীয়ে স্পষ্ট কৰে৷

মন্ত্রী ড০ শর্মাই কয়– লকডাউন বা সান্ধ্য আইনৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই৷ আনহাতে, শিক্ষক–শিক্ষয়িত্রীস ক’ভিড ভেকচিন দিয়াৰ বাবে প্রতি জিলাৰ উপায়ুক্তক ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ উপায়ুক্তসকলক স্পষ্ট কৰা হৈছে যে বিদ্যালয়সমূহত ভেকচিন প্রদানৰ এক শিবিৰ পতা হওক আৰু ৪৫ৰ ঊর্ধ্বৰ শিক্ষক–কর্মচাৰীসক ভেকচিন প্রদান কৰা হওক৷ কোনো শিক্ষক–কর্মচাৰীয়ে যাতে ভেকচিনৰ বাবে চিকিৎসালয়লৈ আহিব লগা নহয়৷

You might also like