জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি
কথাশিল্পৰ অসামান্য দক্ষতাৰ অধিকাৰী, বৰেণ্য সাহিত্যিক, বর্ষীয়ান সাংবাদিক হোমেন বৰগোহাঞিৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্র ৰাজ্য৷ শোকত ম্রিয়মাণ হৈছে ‘নিয়মীয়া বার্তা’ আৰু ‘নিউজ লাইভ’ পৰিয়াল৷ ৮৯ বছৰীয়া লেখকগৰাকীৰ জীৱনাৱসানে অসমীয়া সাহিত্যৰ ক্ষেত্রখনত হঠাতে সৃষ্টি কৰিছে বিৰাট এক শূন্যতাৰ৷ মাত্র কিছুদিন পূর্বে ক’ভিড–১৯ মহামাৰীৰ পৰা সুস্থ হৈছিল সু–লেখক বৰগোহাঞি৷ অতি দৃঢ় মনৰ অধিকাৰী সাহিত্যিকগৰাকীয়ে ক’ভিডক জয় কৰি হাস্পতালৰ পৰা ঘৰলৈ উভতিছিল যদিও ইতিমধ্যে তেওঁৰ স্বাস্থ্য ভাগি পৰিছিল৷ হঠাতে পুৱতিনিশা ঘটিল অঘটন৷ বিছনাৰ পৰা পৰি যোৱা বিশিষ্ট বুদ্ধিজীৱীগৰাকীক ততাতৈয়াকৈ জিএনআৰচি হাস্পতালত ভর্তি কৰা হয় যদিও চিকিৎসকৰ অশেষ প্রচেষ্টা সত্ত্বেও বৰগোহাঞিৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ নহ’ল৷ এটা নতুন পুৱা জাতিটোৱে লাভ কৰিবলগীয়া হ’ল দুখৰ সংবাদটো৷ বিশিষ্ট সাহিত্যিকগৰাকী আৰু নাই৷ সূৰুযৰ প্রভাতী কিৰণে যেন লৈ আহিল এক দুখৰ হুমুনিয়াহ৷ লগে লগে শোকত ম্রিয়মাণ হৈ পৰিল লেখকগৰাকীৰ অযুত অনুৰাগী৷ হোমেন বৰগোহাঞি আধুনিক অসমীয়া সাহিত্য ক্ষেত্রখনৰ এগৰাকী অন্যতম কাণ্ডাৰী৷ অকল্পনীয় গদ্যশৈলীৰে বৰগোহাঞিয়ে পাঠকসকলৰ হূদয় জিনিবলৈ সক্ষম হৈ পৰিছিল৷ বিগত শতিকাৰ পঞ্চাশৰ দশকৰ পৰাই সাহিত্যৰ ক্ষেত্রখনলৈ অৱদান আগবঢ়াই আহিছিল লেখকগৰাকীয়ে৷ ১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢ়কুৱাখনাত জন্মগ্রহণ কৰা বৰগোহাঞিয়ে ১৯৫৪ চনত কটন কলেজৰ পৰা ইংৰাজীত সন্মানসহকাৰে স্নাতক ডিগ্রী লাভ কৰিছিল৷ অতি অধ্যৱসায়ী বৰগোহাঞিয়ে ১৯৫৪ চনত ঢ়কুৱাখনা মাধ্যমিক বিদ্যালয়ত ছমাহৰ বাবে শিক্ষকতা কৰিছিল যদিও ১৯৫৫ চনত অসম প্রশাসনীয় সেৱাৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত বিভিন্ন স্থানত উপ–প্রতিসমাহর্তা হিচাপে চাকৰি কৰিছিল৷ লক্ষণীয়ভাৱে প্রশাসনীয় সেৱাৰ বিষয়া হৈও সাহিত্যৰ ক্ষেত্রখনত সদায় নিৰলস সাধনাত ব্যস্ত আছিল বৰগোহাঞি৷ ১৯৫৭ চনত বৰগোহাঞিৰ প্রথমখন গ্রন্থপুথি ‘বিভিন্ন কোৰাছ’ প্রকাশ পায়৷ সাহিত্যৰ প্রতি থকা দুর্বাৰ তাড়নাৰ বাবেই ১৯৬৮ চনত চৰকাৰী চাকৰি ইস্তফা দি ‘সাপ্তাহিক নীলাচল’ কাকতৰ সম্পাদকৰ দায়িত্ব লৈছিল লেখকগৰাকীয়ে৷ তেতিয়াৰ পৰা বৰগোহাঞিৰ জীৱনৰ বর্ণিল সাংবাদিক জীৱনৰ আৰম্ভণি হৈছিল৷ সাপ্তাহিক নীলাচলৰ সময়ৰ পৰা আৰম্ভ হোৱা সাংবাদিক জীৱন আমৃত্যু পর্যন্ত চলি আছিল৷ সাংবাদিকতাৰ ক্ষেত্রখনত অতি বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা বৰগোহাঞিয়ে সাহিত্যৰ জগতখনলৈ অতুলনীয় অৱদান আগবঢ়াই গৈছে৷ নীলাচলৰ উপৰি ‘লোকায়ত’, ‘নাগৰিক’, ‘আজকাল’, ‘সমকাল’, ‘সূত্রধাৰ’, শিশু আলোচনী ‘কিশোৰ’, ‘অসমবাণী’, ‘দৈনিক বাতৰি’, ‘আমাৰ অসম’, ‘সাতসৰী’, জিএনআৰচিৰ ‘স্বাস্থ্য’ আদি বিভিন্ন কাকত–আলোচনীত সাংবাদিক তথা সম্পাদকৰ দায়িত্ব পালন কৰিছিল বৰগোহাঞিয়ে৷ ‘নিউজ লাইভ’ৰ ‘কথা–বার্তা’ অনুষ্ঠানৰ অন্যতম আকর্ষণেই আছিল বৰগোহাঞি৷ ২০১৫ চনত ‘নিয়মীয়া বার্তা’ কাকতত সম্পাদনা উপদেষ্টাৰ দায়িত্ব লাভ কৰা বর্ষীয়ান সাংবাদিকগৰাকীয়ে মৃত্যুপর্যন্ত একেখন কাকতৰ মুখ্য–সম্পাদকৰ পদত কার্যনির্বাহ কৰি আছিল৷
এগৰাকী লেখক হিচাপে বিশিষ্ট কথাশিল্পীগৰাকীয়ে বহুমুখী প্রতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ প্রাচ্য আৰু পাশ্চাত্যৰ সাহিত্যৰ ওপৰত আছিল বৰগোহাঞিৰ বিশেষ দখল৷ বিভিন্ন কোৰাছ গল্পপুথিৰ উপৰি ‘প্রেম আৰু মৃত্যুৰ কাৰণে’, ‘স্বপ্ণ, স্মৃতি, বিষাদ’, ‘গল্প আৰু নক্সা’ আদি জনপ্রিয় গল্প সংকলনো অসমীয়া সাহিত্যৰ ক্ষেত্রখনলৈ আগবঢ়াই গৈছে লেখকগৰাকীয়ে৷ ইয়াৰ উপৰি ‘সুবালা’, ‘তান্ত্রিক’, ‘কুশীলৱ’, ‘পিতা–পুত্র’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘অস্ত্রৰাগ’, ‘সাউদৰ পুতেকে নাও মেলি যায়’, ‘নিঃসংগতা’, ‘বিষণ্ণতা’, ‘এদিনৰ ডায়েৰী’ আদি বহুকেইখন জনপ্রিয় উপন্যাসৰ স্রষ্টা হৈছে বৰগোহাঞি৷ একমাত্র কাব্য সংকলন ‘হৈমন্তী’ৰ জৰিয়তেও পাঠক সমাজৰ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল সাহিত্যিকগৰাকী৷ বহু প্রবন্ধ সংকলন আৰু আত্মজীৱনীমূলক গ্রন্থৰ জৰিয়তে অসমীয়া সাহিত্যৰ ক্ষেত্রখনত এক নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হৈছিল লেখকগৰাকীয়ে৷ সাহিত্য অকাডেমি, অসম উপত্যকা সাহিত্য বঁটা, শংকৰদেৱ বঁটা আদি বহু সন্মানেৰে বিভূষিত বৰগোহাঞিয়ে অকল সাহিত্যৰ ক্ষেত্রখনত নিজস্ব অৰিহণা আগবঢ়োৱাই নহয়, প্রজন্মৰ পাছত প্রজন্মৰ বহু ন ন লেখক–লেখিকাক সৃষ্টি কৰি এক নজিৰ গঢ়িবলৈ সক্ষম হৈছিল৷ মানৱ দৰদী বৰগোহাঞিৰ দৃষ্টিভংগীত ৰুছ সাহিত্যিক লিও টলষ্টয়ৰ ‘এভ্রিৱান থিংকছ অৱ চেনজিং দ্য ৱ’ল্ড, বাট ন’ ৱান থিংকছ অৱ চেনজিং হিমছেলফ্’ উক্তিৰ প্রতিফলন ঘটা দেখিবলৈ পোৱা যায়৷ কথাশিল্পী বৰগোহাঞিৰ মৃত্যু সংবাদ জগত অথবা সাহিত্যৰ ক্ষেত্রখনৰেই নহয় অসমৰ জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি৷