নিয়মীয়া বাৰ্তা, ১৫ মে’: ভাৰত সাহস হেৰুৱাই পেলোৱা দেশ নহয়৷ ভাৰতে কেতিয়াও সাহস নেহেৰুৱায় আৰু দেশবাসীয়েও সাহস নেহেৰুৱায়৷ আমি যুঁজিম আৰু জিকিম৷ –এই দৃঢ় মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ক’ভিডসৃষ্ট বিপজ্জনক পৰিস্থিতিত দেশবাসীক সাহস দি এই মন্তব্য আগবঢ়ায় প্রধানমন্ত্রী মোদীয়ে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰৰ মাজতে পি এম কিষাণৰ অষ্টম কিস্তিৰ ধন মুকলি কৰি মহামাৰী ভাইৰাছটোৰ যুঁজক লৈ এই মন্তব্য আগবঢ়ায় প্রধানমন্ত্রী মোদীয়ে৷
পি এম কিষাণৰ অষ্টম কিস্তিৰ বাবে দেশৰ ৯.৫ কোটিতকৈ অধিক কৃষকলৈ ১৯ হাজাৰ কোটি টকা প্রধানমন্ত্রী মোদীয়ে মুকলি কৰি দিয়ে৷ প্রধানমন্ত্রী কিষাণ সন্মান নিধি (পিএম কিষাণ) আঁচনিৰ অধীনত কৃষকলৈ বছৰত তিনিটা কিস্তিত প্রতিটো কিস্তিত ২,০০০ টকাকৈ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হয়৷ এই ধ্বজাবাহী আঁচনিখনৰ আজি অষ্টম কিস্তি মুকলি কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেইবাখনো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ কৃষকৰ সৈতে বার্তালাপ কৰে৷ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰৰ উপস্থিতিত নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেঞ্চযোগে আঁচনিৰ ধন মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে উত্তৰপ্রদেশ, মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ, মেঘালয়, জম্মু–কাশ্মীৰ আৰু আন্দামান নিকোবৰৰ কৃষকৰ সৈতে বার্তালাপ কৰে৷
মন কৰিবলগীয়া যে এই আঁচনিত প্রথমবাৰৰ বাবে পশ্চিমবংগৰ ৭ লাখতকৈ অধিক কৃষকক অন্তর্ভুক্ত কৰা হৈছে৷ মোদী চৰকাৰৰ ধ্বজাবাহী আঁচনি পিএম কিষাণৰ অধীনত কৃষকসকলক বছৰি ৬ হাজাৰ টকাৰ বিত্তীয় সাহায্য প্রদান কৰা হয়৷ প্রতিটো কিস্তিত দুহাজাৰকৈ তিনিটা কিস্তিত এই ধন কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰে৷ প্রথম কিস্তিটো ডিচেম্বৰ–মার্চ মাহৰ ভিতৰত, দ্বিতীয়টো এপ্রিল–জুলাইৰ ভিতৰত, তৃতীয়টো আগষ্ট–নৱেম্বৰ মাহৰ ভিতৰত প্রদান কৰা হয়৷ যোৱা কিস্তিটো ২৫ ডিচেম্বৰত দেশৰ কৃষকসকলক প্রদান কৰা হৈছিল৷
ইপিনে, কৃষকসকলৰ সৈতে বার্তালাপ কৰি প্রধানমন্ত্রী মোদীয়ে অদৃশ্য শক্তি ক’ৰোনা সন্দর্ভতো তাৎপর্যপূর্ণ মন্তব্য কৰে৷ দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ ধাৰণ কৰাৰ বিষয়টোক গভীৰভাৱে ল’বলৈ দেশবাসীক আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে৷ মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বর্তাই ৰখাৰ লগতে ক’ভিড নির্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায়৷ কেন্দ্রীয় চৰকাৰে অদৃশ্য শত্রু ক’ভিড–১৯ৰ বিৰুদ্ধে জটিল যুঁজখন জয়ী হ’বলৈ অহোপুৰুষার্থ কৰি আছে বুলিও উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– এশ বছৰ পাছত ভয়াৱহ মহামাৰীয়ে বিশ্বক পৰীক্ষণ কৰে৷ সন্মুখত এতিয়া আমাৰ এক অদৃশ্য শত্রু, যাৰ বহুতো প্রকৰণ আছে৷ আমি এই শত্রুৰ বিৰুদ্ধে যুঁজি প্রাৰম্ভিক পর্যায়ত কঠিনতা অতিক্রম কৰিবলৈ সক্ষম হ’লেও ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দ্রুত গতিত দেশত সংহাৰী ৰূপ লৈছে৷ এই মহামাৰীৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ চৰকাৰে যুদ্ধংদেহী পদক্ষেপ গ্রহণ কৰি আছে৷
আনপিনে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণ দ্রুতগতিত গ্রামাঞ্চললৈ সম্প্রসাৰিত হৈছে বুলি প্রধানমন্ত্রী মোদীয়ে উদ্বিগ্ণতা প্রকাশ কৰে৷ প্রধানমন্ত্রীগৰাকীয়্ কয়– ক’ৰোনা সম্পর্কে মই আপোনালোকক সতর্ক কৰি দিব বিচাৰোঁ৷ গ্রামাঞ্চললৈ দ্রুত গতিত এই মহামাৰী বিয়পি পৰিছে, প্রত্যেকখন চৰকাৰে মহামাৰী প্রতিৰোধৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ গ্রাম্য জনতাৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে পঞ্চায়তে পঞ্চায়তে অধিক পদক্ষেপ গ্রহণ কৰিব লাগিব৷
ইপিনে, প্রধানমন্ত্রী মোদীয়ে ভেকচিন, অক্সিজেন আৰু অত্যাৱশ্যকীয় ঔষধ সন্দর্ভতো মন্তব্য কৰি চৰকাৰে ইয়াৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰি থকা বুলিও কয়৷ কৃষকসকলক সম্বোধন কৰি ক’ভিড যুঁজত সকলো দেশবাসীৰ সহযোগিতা কামনা কৰে প্রধানমন্ত্রীয়ে৷ উল্লেখ্য যে আজি প্রধানমন্ত্রীয়ে মুকলি কৰা ধন দেশৰ বিভিন্ন ৰাজ্যৰ কৃষকসকলৰ একাউণ্টলৈ হস্তান্তৰ কৰা হয়৷ ইয়াৰ ভিতৰত অসমৰ ১২,৪৬,২৭৭জন কৃষক আছে৷