নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপায়ী চালকঃ পহিলা দিনটোতে ৩৫২ খন চালান কাটিলে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ নতুন বৰ্ষৰ উৎসাহ-উদ্দীপনা আৰু আনন্দৰ মাজতে একাংশ সুৰাপায়ী চালকৰ পৰা ৩৫২ খন জৰিমনাৰ ৰচিদ কাটিলে আৰক্ষীয়ে । দেশৰ ৰাজধানী নতুন দিল্লীত নতুন বৰ্ষৰ প্ৰাকক্ষণত সষ্টম হৈ থকা আৰক্ষী আৰু যান-বাহন আৰক্ষীৰ তৎপৰতাত জৰিমনা বিহা হৈছে এইসকল সুৰাপায়ী চালকক । ৰাজধানী চহৰৰ ভিন্ন স্থানত তদলদাৰী বাহিনীয়ে চলায় থকা অভিযানৰ পাচতেই দিল্লী আৰক্ষীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই কথা ।

থাৰ্টীফাষ্ট আৰু পহিলা জানুৱাৰীৰ বাবে প্ৰশাসনে প্ৰয়োগ কৰা কেতবোৰ নীতি-নিয়ম উলংঘাৰ অপৰাধত এইসকল সুৰপায়ীক জৰিমনা বিহা হৈছে । দিল্লী আৰক্ষীৰ উপ আৰক্ষী আয়ুক্ত ইশ্ব সিংঘালে জনোৱা অনুসৰি দেশৰ ৰাজধানীত মহিলাৰ সুৰক্ষাৰ দিশটোক অধিক গুৰুত্ব আৰোপ কৰা হৈছে নৱবৰ্ষ উদযাপনৰ দিনটোত ।

You might also like