কঠোৰ কিম জং–উনঃ বিদেশী চিনেমা চোৱা–জিন্ছ পিন্ধা অশালীন শব্দ কোৱা লোকক দিব মৃত্যুদণ্ড
নিয়মীয়া বাৰ্তা, ৮ জুনঃ কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্ত গ্রহণ কৰাৰ বাবেই বিশ্বজুৰি চর্চিত উত্তৰ কোৰিয়াৰ শাসক কিম জং–উন৷ পাৰমাণৱিক অস্ত্র পৰীক্ষণ চলাই বিশ্বৰ দেশসমূহ বিশেষকৈ পাশ্চাত্যৰ দেশক প্রত্যাহ্বান জনাই থকা উত্তৰ কোৰিয়াৰ একছত্রী সম্রাট উনে এইবাৰ অস্ত্র অবিহনে যুদ্ধ ঘোষণা কৰিছে৷ দেশখনত বিদেশৰ প্রভাৱ কিম্বা বিদেশ ৰাষ্ট্রৰ প্রত্যক্ষ–পৰোক্ষ প্রভাৱ দূৰ কৰাৰ লক্ষ্যৰে নতুন আইন বলৱৎ কৰিছে৷ কার্যতঃ দেশখনক বিদেশৰ প্রভাৱৰ পৰা মুক্ত কৰাৰ বাবে এই আইন বলৱৎ কৰা বুলি চৰকাৰী মাধ্যমত প্রচাৰ কৰা হৈছে৷ এমাহৰ মূৰকত ৰাজহুৱা স্থানত ভুমুকি মৰা একছত্রী সম্রাট উনে বলৱৎ কৰা নতুন আইন অনুসৰি বিদেশী চলচ্চিত্র কিম্বা বিদেশৰ সৈতে সম্পর্কিত যিকোনো বিষয়ৰ ছবি, জিন্ছ পিন্ধা আৰু অশালীন শব্দ প্রয়োগ কৰাসকলক মৃত্যুদণ্ড প্রদান কৰা হ’ব৷
ডেইলী এন কেৰ মুখ্য সম্পাদক লি ছাং ইয়ঙে বি বি চিৰ আগত প্রকাশ কৰা মতে উত্তৰ কোৰিয়াৰ নতুন আইনখনৰ প্রতিলিপি তেওঁৰ হাতত পৰিছে৷ আইনখন অনুসৰি নিষেধাজ্ঞা ভংগ কৰিলে ধৰা পৰা ব্যক্তিজনৰ মুৰব্বীক শাস্তি দিয়া হ’ব৷ যদি কোনো শ্রমিক কিম্বা কর্মচাৰী এই আইনৰ নিষেধাজ্ঞা ভংগ কৰে, তেতিয়াহ’লে কাৰখানা–উদ্যোগ–প্রতিৰক্ষা মুৰব্বীক শাস্তি দিয়াও হ’ব পাৰে৷ তেনেদৰে কোনো শিশুৱে যদি এই নিষেধাজ্ঞা ভংগ কৰে, তেতিয়াহ’লে তেওঁৰ পিতৃ–মাতৃকো শাস্তি দিয়া হ’ব পাৰে৷ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে দেশখনৰ অর্থনীতি দুর্বল হৈ পৰাৰ পৰিপ্রেক্ষিতত প্রতিক্রিয়াশীল ধাৰণাৰে উত্তৰ কোৰিয়াৰ শাসকজনে এই নতুন আইন বলৱৎ কৰা বুলিও সংবাদ মাধ্যমত চর্চিত হৈছে৷
দক্ষিণ কোৰিয়া, আমেৰিকা যুক্তৰাষ্ট্র অথবা জাপানৰ সংবাদ মাধ্যমৰ লোক যদি দেশখনত ধৰা পৰে, তেনেহ’লে তেনে ব্যক্তি মৃত্যুদণ্ডৰ সন্মুখীন হ’ব লাগিব৷ উল্লেখ্য যে দেশখনত নতুনকৈ বলৱৎ কৰা আইনৰ বাবে নাগৰিকসকল ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত৷ ক’ৰোনা মহামাৰীৰ বাবে দেশখনত ইণ্টাৰনেট, সামাজিক মাধ্যম বন্ধ হৈ আছে, কেৱল চৰকাৰৰ দ্বাৰা পৰিচালিত টেলিভিছন সম্প্রচাৰ হৈ আছে৷ এই সন্ধিক্ষণত শাসকগৰাকীয়ে কঠোৰ আইন বলৱৎ কৰি নির্দেশনা জাৰি কৰিছে৷