নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন চৰকাৰৰ আন্তৰিকতা আৰু ৰাইজৰ আস্থা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শপতগ্রহণৰ পিছদিনাই প্রথমখন কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছিল৷ এক লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিয়োগ, মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নির্বাচনী প্রতিশ্রুতি পূৰণৰ বাবে প্রয়োজনীয় পদক্ষেপ লোৱাৰ লগতে আন কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হৈছিল সেই বৈঠকত৷ শপতগ্রহণৰ ২৪ ঘণ্টাৰ ভিতৰতে অনুষ্ঠিত সেই কেবিনেট বৈঠকখনৰ পৰাই মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ চৰকাৰখনৰ সম্পর্কত অসমৰ জনসাধাৰণক এটা স্পষ্ট ধাৰণা দিবলৈ সক্ষম হৈছিল৷ পৰৱর্তী এটা মাহত মুখ্যমন্ত্রী আৰু তেওঁৰ কেবিনেট সতীর্থসকলৰ কর্ম তৎপৰতাই নতুন চৰকাৰখনৰ আন্তৰিকতা আৰু সদিচ্ছাকে প্রকট কৰিছে আৰু চৰকাৰখনে যে প্রকৃতার্থত সু–শাসন প্রদান কৰিব, সেই বিষয়ত ৰাইজক আশ্বস্ত কৰিব পাৰিছে৷
অসমক দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰূপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ পথ ইতিমধ্যে নিশ্চয় নতুন চৰকাৰখনে নিৰূপণ কৰিছে৷ কিন্তু এই লক্ষ্যত উপনীত হোৱাৰ বাবে যে ৰাজ্যৰ মূল সমস্যাসমূহ সমাধান কৰি বিকাশৰ পথত অসমক আগুৱাই নিব লাগিব, সেই কথা উপলব্ধি কৰি ৰাজ্যখনৰ শাসনভাৰ গ্রহণ কৰাৰ পিছতে আলফাকে ধৰি ৰাজ্যৰ উগ্রপন্থী সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই তৎপৰতাৰে পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্রীৰ সদিচ্ছাৰ প্রতি সন্মান জনাই আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো ইতিমধ্যে সঁহাৰি দিছে৷ এইবাৰ অসমৰ এই চাৰি দশকজোৰা সমস্যাটোৰ এটা সকলোৰে গ্রহণযোগ্য ৰাজনৈতিক সমাধান ওলাব বুলি আশা কৰা হৈছে৷ এই সমস্যাটোৰ সমাধান হ’লে অসমৰ বাবে এটা ডাঙৰ সকাহ হ’ব৷ মুখ্যমন্ত্রীৰ সদিচ্ছাই এই আশা দৃঢ় কৰিছে৷
সুদীর্ঘ কালৰ মন্ত্রিত্বৰ অভিজ্ঞতাৰে পৰিপুষ্ট মুখ্যমন্ত্রী ড০ শর্মাৰ প্রশাসনিক দক্ষতা আৰু ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় ইতিমধ্যে দেশবাসীয়ে পাইছে৷ ৰাজ্যখনক কেনেদৰে কোনটো পথেৰে আগবঢ়াই নিলে আকাংক্ষিত লক্ষ্যত উপনীত হ’ব পৰা যাব, সেই বিষয়ে যে ড০ শর্মাৰ মনত এটা স্পষ্ট পৰিকল্পনা আছে সেয়া কার্যভাৰ গ্রহণৰ মুহূর্তৰ পৰাই আৰম্ভ কৰা তৎপৰতাৰ পৰা স্পষ্ট হৈছে৷ অসমৰ উন্নয়নৰ বাবে সমর্পিত মন এটা লৈ তেওঁ আগবাঢ়িছে যেতিয়া নিশ্চয় সফল হ’বই৷
সুদক্ষ প্রশাসক মুখ্যমন্ত্রী ড০ শর্মাই সেই সময়ত আলফাৰ কবলত থকা ৰিতুল শইকীয়াৰ ঘৰলৈ গৈ তেওঁৰ পিতৃ–মাতৃ, পত্নী–সন্তানক সাহস দিয়াৰ লগতে অপহূতক মুক্তি দিবলৈ আলফাক অনুৰোধ জনাইছিল৷ মুখ্যমন্ত্রীৰ অনুৰোধত আলফাই ৰিতুল শইকীয়াক মুকলি কৰি দিছিল৷ জনদৰদী নেতাগৰাকীৰ তৎপৰতাতে ৰিতুল শইকীয়াই মুক্তি লাভ কৰি পৰিয়ালৰ ওচৰ পাইছেহি৷ আনকি টিংৰাইত গ্রেনেড বিস্ফোৰণত নিহতজনৰ ঘৰলৈ গৈও মুখ্যমন্ত্রীয়ে সমবেদনা জনাই আহিছে৷ জনসাধাৰণৰ ওচৰত বিপদৰ সময়ত থিয় দি তেওঁ প্রকৃত নেতাৰ পৰিচয় দিছে৷
ক’ভিড মহামাৰীৰ প্রথমটো ঢ়ৌৰ সময়ত স্বাস্থ্যমন্ত্রী হিচাপে ড০ শর্মাই দিনে–নিশাই তৎপৰ হৈ থাকি ৰাইজক সাহস দিছিল৷ এইবাৰ দ্বিতীয়টো ঢ়ৌত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ লগতে মুখ্যমন্ত্রী ড০ শর্মায়ো পূর্বৰ দৰেই তৎপৰতাৰে চিকিৎসা ব্যৱস্থাটোৰ তদাৰক কৰি আছে৷ ৰাজ্যখনত চিকিৎসা সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰি তুলিবলৈ ব্যাপক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ভেকচিন অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে জনোৱা আহ্বানৰ প্রতি ৰাইজে ব্যাপক সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে৷ চিকিৎসালয়সমূহত নিশাৰ ভাগতো অভিজ্ঞ চিকিৎসক থকাৰ ব্যৱস্থা কৰা হৈছে আৰু নিয়মিত ৰূপত উপায়ুক্ত সহিতে প্রশাসনিক বিষয়াসকলে সকলো দিশ তদাৰক কৰি আছে৷ এই সকলো সম্ভৱ হৈছে মুখ্যমন্ত্রী ড০ শর্মাৰ তৎপৰতাৰ বাবে৷ শেহতীয়াভাৱে ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকসকলৰ সন্তানৰ শিক্ষা আৰু ভৰণ–পোষণৰ বাবেও চৰকাৰে এখন আঁচনি গ্রহণ কৰিছে৷ এই সকলো ব্যৱস্থাই জনসাধাৰণক যথেষ্ট সকাহ দিছে৷
কার্যভাৰ গ্রহণৰ পিছতে মুখ্যমন্ত্রীয়ে জাৰি কৰা নির্দেশক্রমে অসম আৰক্ষীয়ে নতুন প্রজন্মক পংগু কৰি জাতিটোক ধবংস কৰিবলৈ ষডযন্ত্র কৰা ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে৷ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন ঠাইত বহুসংখ্যক ড্রাগ্ছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে আৰু কেইবাকোটি টকাৰ ড্রাগ্ছ আৰক্ষীয়ে জব্দ কৰিছে৷ এই অভিযান পূর্ণগতিত অব্যাহত থাকিলে অসমত বৰবিহৰ প্রচলন বন্ধ হোৱাটো নিশ্চিত৷ অৱশ্যে আৰক্ষীয়ে ইয়াৰ প্রতি অহর্নিশে চোকা নজৰ ৰাখিব লাগিব৷ নতুন চৰকাৰখনৰ এই পদক্ষেপ সঁচাকৈয়ে প্রশংসনীয়৷
ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰি ল’ব পাৰিলে বিকাশৰ পথত অসমক আগবঢ়াই নিয়াটো সহজ হ’ব৷ চৰকাৰখনে ইতিমধ্যে তেনে কেইবাটাও সমস্যা সমাধানৰ বাবে চিন্তা–চর্চা আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে অসম চুক্তিৰ ষষ্ঠ দফাৰ ৰূপায়ণ সম্পর্কত মন্তব্য কৰি কৈছে যে বিষয়টো আৱেগেৰে নহয়, বুদ্ধিৰে সমাধান কৰিব লাগিব৷ চৰকাৰখনে এই বিষয়তো নিশ্চয় চিন্তা–চর্চা কৰিছে৷ এই সময়ছোৱাত গ্রহণ কৰা পদক্ষেপসমূহে চৰকাৰখনৰ প্রতি ৰাইজৰ আস্থা বৃদ্ধি কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ কার্যালয় ২৪ ঘণ্টাই খোলা ৰাখিবলৈ গ্রহণ কৰা সিদ্ধান্তই এই কথাকে প্রতীয়মাণ কৰিছে যে চৰকাৰখনে প্রশাসনৰ সেৱা ২৪ ঘণ্টাই উপলব্ধ কৰিবলৈ বদ্ধ পৰিকৰ৷ চৰকাৰখনৰ ওপৰত ৰাইজৰ ভাৰসা আছে৷ সেয়েহে এতিয়ালৈকে প্রতিটো বিষয়তে ৰাইজে চৰকাৰলৈ পূর্ণ সহযোগিতা আগবঢ়াইছে৷
চৰকাৰখনৰ আন এটা সাহসী আৰু দূৰদর্শী সিদ্ধান্ত হ’ল নুমলীগড শোধনাগাৰ লিমিটেডত অসম চৰকাৰৰ অংশ ২৬ শতাংশলৈ বৃদ্ধি কৰা৷ এই সিদ্ধান্ত পূর্বতে ঘোষণা কৰা হৈছিল যদিও প্রয়োজনীয় ধনৰাশি অইল ইণ্ডিয়া লিমিটেডলৈ এতিয়া মুকলি কৰা হৈছে৷ ইয়াৰ বাবে প্রয়োজনীয় সম্পূর্ণ ধনৰাশি অহা ছেপ্ঢেম্বৰ মাহৰ ভিতৰত আদায় দিয়া হ’ব৷ অসম চৰকাৰে অসম চুক্তিৰ ফচল নুমলীগড শোধনাগাৰ লিমিটেডৰ ২৬ শতাংশ অংশীদাৰিত্ব ল’বলৈ গ্রহণ কৰা সিদ্ধান্তই অসমবাসীক আনন্দিত কৰিছে৷ কাৰণ এই অংশীদাৰিত্বই শোধনাগাৰটোৰ ওপৰত ৰাজ্য চৰকাৰক কর্তৃত্ব স্থাপনৰ সুযোগ দিব৷ আনহাতে, শোধনাগাৰটোৰ শোধন ক্ষমতা পর্যায়ক্রমে তিনিগুণলৈ বৃদ্ধিৰ লগতে ইয়াৰ কার্যৰ পৰিসৰ সম্প্রসাৰণৰ বাবে গ্রহণ কৰা ব্যৱস্থাই অসম চৰকাৰকো লাভৱান্বিত কৰিব৷ শোধনাগাৰটোৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ লগে লগে ৰাজ্য চৰকাৰে লাভ কৰিবলগীয়া লাভাংশৰ পৰিমাণো বাঢ়ি গৈ থাকিব৷ ভৱিষ্যতলৈ এই শোধনাগাৰৰ পৰা আমাৰ ৰাজ্যখনে এক বৃহৎ পৰিমাণৰ ৰাজহ বছৰি লাভ কৰি থাকিব৷ নিঃসন্দেহে চৰকাৰখনৰ ই এক দূৰদর্শী পদক্ষেপ৷
মুখ্যমন্ত্রীৰ লগতে আটাইকেইগৰাকী মন্ত্রীয়ে এই সময়ছোৱাত নিজৰ বিভাগীয় কামত সম্পূর্ণ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই অহর্নিশে ৰাজ্যখনৰ চিকিৎসালয়সমূহ পৰিদর্শন কৰি ক’ভিড চিকিৎসা ব্যৱস্থাৰ বুজ লৈ আছে৷ আনহাতে, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই ৰাজ্যখনৰ বিভিন্ন জিলালৈ গৈ মথাউৰিসমূহ পৰিদর্শন কৰি সেইসমূহৰ মেৰামতিৰ বাবে ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছে৷ নির্বাচনৰ সময়ত পৰৱর্তী পাঁচ বছৰত অসমক বানমুক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি বিজেপিৰ নেতৃবর্গই ঘোষণা কৰিছিল আৰু সেই ঘোষণা কার্যকৰী কৰাৰ বাবে আৰম্ভণিৰে পৰাই জলসম্পদ মন্ত্রীগৰাকীয়ে কার্যক্ষেত্রত নামি পৰিছে৷ বান আৰু খহনীয়া সমস্যা সমাধান কৰিব পাৰিলে আমাৰ ৰাজ্যখন এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিব৷ প্রতি বছৰে বান আৰু খহনীয়াই ৰাজ্যখনৰ কেইবাহাজাৰ কোটি টকাৰ সা–সম্পত্তি বিনষ্ট কৰি আহিছে৷ সেয়েহে চৰকাৰখনৰ এই তৎপৰতাই ৰাইজক কিছু আশ্বস্ত কৰিব পাৰিছে৷ চৰকাৰখনে ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাটো শৃংখলাবদ্ধ কৰিবলৈও বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷
ৰাজনৈতিক ক্ষেত্রতো মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ বিচক্ষণতাৰ পৰিচয় দিছে৷ মিত্রজোঁটৰ আটাইকেইটা দলক আস্থাত লৈ তেওঁ প্রথমটো দিনৰ পৰাই কামত অগ্রসৰ হৈছে৷ আনকি মুখ্যমন্ত্রীগৰাকীয়ে নিজেই তেওঁলোকৰ অন্যতম মিত্রদল অসম গণ পৰিষদৰ মুখ্য কার্যালয়লৈ গৈ দলটোৰ নেতা–কর্মীসকলৰ সৈতে মত বিনিময় কৰিছে৷ তেওঁলোকে ভৱিষ্যতলৈও সহযোগিতাৰ মনোভাবেৰে কাম কৰি যাব বুলি দৃঢ় মতপোষণ কৰিছে৷ আনটো মিত্রদল ইউপিপিএলৰ কার্যালয়লৈও তেওঁ যাব বুলি জনাইছে৷ মুখ্যমন্ত্রীগৰাকীয়ে বিৰোধী দলৰ বিধায়কসকলকো আস্থাত লৈ আগবাঢ়িব বুলি বিধানসভাত প্রকাশ কৰিছে৷ ইতিমধ্যে কংগ্রেছ, ইউডিএফ আদি বিৰোধী দলৰ বিধায়কসকলেও চৰকাৰৰ বিভিন্ন কাম–কাজৰ প্রশংসা কৰিছে৷
পাঁচ বছৰীয়া কার্যকালৰ তুলনাত এটা মাহ সময়ৰ হিচাপত যথেষ্ট কম৷ কিন্তু এইটো মাহ এই কাৰণে গুৰুত্বপূর্ণ যে এইটো চৰকাৰখনৰ কার্যভাৰ গ্রহণ কৰাৰ প্রথমটো মাহ৷ ভৱিষ্যতলৈ চৰকাৰখনে কেনেধৰণে কাম কৰিব, সেয়া তেওঁলোকৰ আৰম্ভণি পদক্ষেপসমূহৰ পৰাই বুজিব পাৰি৷ অকণো সময় বিলম্ব নকৰাকৈ শপতগ্রহণৰ পিছতে চৰকাৰখনে বিভিন্ন ক্ষেত্রত কার্যব্যৱস্থা গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এই চৰকাৰখনৰ পৰা অসমৰ ৰাইজে বহু আশা কৰিছে৷ মুখ্যমন্ত্রীগৰাকীৰ ওপৰত যে ৰাইজৰ গভীৰ আস্থা আৰু বিশ্বাস আছে, সেয়া ইতিমধ্যে বিভিন্ন সময়ত প্রমাণ পোৱা গৈছে৷ চৰকাৰখন পৰিচালনা কৰাত নিশ্চয় মুখ্যমন্ত্রীগৰাকীয়ে ৰাইজৰ পূর্ণ সহযোগিতা লাভ কৰিব৷ সকলোৰে সহযোগিতাত নিশ্চয় আমাৰ ৰাজ্যখনক সকলো ধৰণৰ সমস্যাৰ পৰা মুক্ত কৰি দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্যৰ এখন ৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পৰা যাব৷

ভূপেন্দ্র নাথ ভট্টাচার্য

ফোন ঃ ৯৪৩৫০–১১১২৮

 

You might also like