বৰগোহাঞি যুগ
যোৱা ১১ মে’ৰ ৰাতি কিয় জানো কাঞ্চন বৰুৱাৰ কথা মনলৈ আহিছিল৷ শ্বিলঙৰ লাবানৰ সাৱিত্রী কুটীৰত জীৱনৰ বাকী কালছোৱা নিৰলে কটোৱা কাঞ্চন বৰুৱাৰ জীৱনৰ কথাবোৰ অসমীয়া মানুহে পঢ়িব পৰাকৈ যেন আজিও সহজলভ্য হোৱা নাই৷ কাঞ্চন বৰুৱাই কেৱল সাহিত্য চর্চাহে কৰিছিল বুলি সৰহসংখ্যক মানুহ অৱগত৷ বোধহয় অন্তর্মুখী চৰিত্রৰ বাবেই নীৰৱতাৰ মাজত চিগাৰেটক সংগী কৰি লোৱা কাঞ্চন বৰুৱা, ভূপেনদাই শ্বিলঙলৈ গ’লেই লগ ধৰা কাঞ্চন বৰুৱা, বহু কথাছবিৰ পৰিচালকক পৰামর্শ দিয়া কাঞ্চন বৰুৱা, মেঘালয়ৰ তেতিয়াৰ অসম বিধানসভাত ওলমি থকা বহু চিত্রৰ আঁৰৰ চিত্রকৰজন, বেহেলা আৰু ভায়োলিন বজোৱা মানুহজন, শ্বিলং কলা পৰিষদৰ লগত জডিত সংগীত, নৃত্য, নাটক ভাল পোৱা অভিযন্তাজন, বহু নাটকৰ স্রষ্টা অথচ নাটক নকৰা নাট্যকাৰ কাঞ্চন বৰুৱাক আমি যিদৰে জানিব লাগিছিল, ঠিক সেইদৰে নাজানিলোঁ৷ চর্চাও যথেষ্ট কম হ’ল৷ প্রায় ১৬খন উপন্যাসৰ ভিতৰত এখন উপন্যাসৰ বাবে আজি সৰহসংখ্যক অসমীয়াই ভুবন মোহন বৰুৱাক কাঞ্চন বৰুৱা বুলি জানে৷ মই ব্যক্তিগতভাৱে নীৰৱতাপ্রিয় হোমেন বৰগোহাঞিৰ লগত কাঞ্চন বৰুৱাৰ জীৱনৰ কিছু সাদৃশ্য দেখা পাওঁ৷ পিছদিনা পুৱা বিছনাতেই হোমেন বৰগোহাঞি ছাৰৰ মহাপ্রয়াণৰ খবৰটো পালোঁ৷ খবৰটো পোৱাৰ পিছত কথাটো এবাৰলৈও বিশ্বাস কৰিব পৰা নাছিলোঁ৷ বহু সময় ধৰি বাক্ৰুদ্ধ হৈ কোঠাতে বহি আছিলোঁ৷ বহুকেইটা প্রজন্মক, অসমীয়া মানুহক জীৱনৰ বিষয়ে, চিন্তাৰ উন্মেষণৰ বিষয়ে গভীৰভাৱে প্রভাৱিত কৰা জীৱন আৰু গদ্যৰ সাধকজন গ’লগৈ৷ পুৱা শুই উঠিবলৈ নাপাওঁতেই তোমাৰ লেখাটো পঢ়ি ভাল পালোঁ বুলি কোৱাৰ লগতে ৰৈ যোৱা খুটি–নাটিসমূহো আঙুলিয়াই দিছিল৷ বোধহয় অসমৰ অন্য কোনো সম্পাদকে এনেদৰে মানুহৰ লগত সংযোগ নাৰাখে৷ ফোন কৰি লগ কৰিবলৈ মতা অথবা সাম্প্রতিক বিষয়ত মতামত লোৱা আনকি মই কিছুমান শব্দ ব্যৱহাৰ কৰোঁতে এইটো শব্দ অভিযানত নাই, অর্থ কি হ’ব বুলি ফোন কৰি সুধিছিল৷ জি এন আৰ চি স্বাস্থ্যৰ অফিচত গীতিমালিকা বাইদেউৰ সন্মুখত ধমক খাওঁতে লাজ লাগিছিল যদিও আশীর্বাদ বুলিয়েই গ্রহণ কৰিছিলোঁ৷ ‘নিয়মীয়া বার্তা’ কাকতত স্তম্ভ লেখা লিখিবলৈ ছাৰে মোক একপ্রকাৰৰ নির্দেশ দিছিল৷ এই শিতানত আজি ছাৰৰ বিষয়েই লিখিব লগা হ’ল৷ কেতিয়াও জেনেৰেচন গেপক প্রশ্রয় নিদিয়া ছাৰে এজন ২৪–২৫ বছৰীয়া যুৱকৰ লগতো সমনীয়াৰ দৰেই আড্ডা মাৰিছিল৷ একমাত্র হোমেন বৰগোহাঞি ছাৰে মোক পলাশ জ্যোতি বুলি মাতিছিল৷ প্রথমবাৰ লগ পাওঁতে দুই–এখনৰ বাদে ছাৰৰ প্রায় সকলো কিতাপ পঢ়িছোঁ বুলি কওঁতে মোৰ মুখলৈ বহু সময় ধৰি চাইছিল৷ সেইদিনা ছাৰৰ কোঠাত সোমায়েই দেখিলোঁ মজিয়াত বহু কাগজ পৰি আছে৷ সোধাত তেওঁ কৈছিল আন সম্পাদকৰ কথা নাজানো, মোৰ সাংবাদিক জীৱনত মোলৈ ইমান লেখা আহে যে বহু লেখা প্রকাশৰ অনুপযোগী৷ সেই লেখাসমূহ মই এনেদৰে প্রত্যাখ্যান কৰিব লগা হয়৷ এদিন ছাৰৰ ওচৰত গৈ বহিছেছাগৈ মাথোন৷ ছাৰে ক’লে কথা পাতিলে মোৰ ডিঙিটো শুকাই যায়৷ কিন্তু তোমাৰ লগত কথা পাতিব লাগিব নহয়, সেইবাবে ছুইংগাম এটা চোবাই আছেছা৷ মাথোঁ স্মৃতিবোৰ থাকি গ’ল৷ স্মৃতিবোৰেই অনাগত সময়বোৰত প্রেৰণা দি যাব৷ জীৱনত যিয়েই কর্ম নকৰা কিন্তু কলমটো কেতিয়াও নেৰিবলৈ কোৱা ছাৰৰ কথাষাৰ সদায় মনত থাকিব৷ নৱকান্ত বৰুৱাই লিখিছিল– ‘হোমেন বৰগোহাঞিয়ে ভালপোৱা বা তেওঁক ভালপোৱা সকলো লোকৰে হয়তো মনত একোজন হোমেন বৰগোহাঞি আছে৷ সেইজনক ক’ত বিচাৰিম? তেওঁ যে ‘অধৰা মাধুৰী’– ধৰা দিয়াৰ আগতেই তেওঁৰ ৰূপান্তৰ ঘটে৷ কিন্তু তেওঁ যে তেওঁ, আন নহয়, সেইটো অনুভৱ কৰিব পাৰি৷’ অতি সাহসী, মনত দৃঢ়তা থাকিলেহে মানুহে মৃত্যুক জয় কৰিব পাৰে৷ ছাৰে কৈছিল আৰু লিখিছিল– মানুহে গোটেই জীৱন ধৰি জীয়াই থাকিবলৈ যিদৰে শিকিব লাগে, ঠিক তেনেকৈ কেনেকৈ মৰিব লাগে সেই কথাও শিকিব লাগে৷ অসমীয়া মানুহক লৈ সদা চিন্তিত হোমেন বৰগোহাঞি ছাৰক আমি কিতাপৰ মাজেৰে, কর্মৰাজিৰ মাজেৰে জীয়াই ৰাখিব লাগিব৷ আমি কেতিয়াও ছাৰক বিদায় জনাব নোৱাৰোঁ, কায়িকভাৱে নহ’লেও ছাৰ আমাৰ মাজত সদায় থাকিব৷ প্রজ্ঞা আৰু বিদগ্ধৰ সমাহাৰ ছাৰে তেখেতৰ প্রিয় ব্যক্তি নৱকান্ত বৰুৱাৰ বিষয়ে কৈছিল আৰু কথা পাতি দুয়োজনে দীঘলীপুখুৰীটো সাতপাক মাৰিছিল৷ নৱকান্ত বৰুৱায়ো বিবাহৰ সিদ্ধান্ত লওঁতে বোলে বৰগোহাঞি ছাৰৰ লগত দীঘলীপুখৰীটো চাৰিপাক ঘূৰিছিল৷ সেই নৱকান্ত বৰুৱাই লিখিছিল– ‘তুমি যদি সহ্য কৰা৷ মোৰ নৰকৰ পৰা এদিনৰ ছুটী লৈ৷ তোমাৰ আলহী হৈ ময়ো তাত খন্তেক থাকিম৷ অন্তত দুপৰ এটা… কপৌৱে নিস্তব্ধ কৰা৷ ব’হাগৰ এটা দুপৰীয়া৷ পাৰিলে কান্দিম৷ আৰু ঘূৰি আহিম, ঘূৰি আহি…?৷ হায় ঘূৰি যে আহিম৷’
ছমাৰছেট মমে লিখিছিল যে নিতৌ লাভ কৰা অভিজ্ঞতাৰ পৰাই সাহিত্যৰ সমল লোৱা হয় যদিও লেখকে দৰকাৰীখিনিহে লয়,বাকীখিনি পৰিহাৰ কৰে৷ চৰিত্র অংকনত তীব্র কেন্দ্রীভূতকৰণে সাধাৰণ পাঠকৰ মনত অনুভূতি জাগ্রত কৰে৷ এইক্ষেত্রত বৰগোহাঞিদেৱ সফল বুলি নিঃসন্দেহে ক’ব পাৰি৷ তদুপৰি জীৱনৰ বিভিন্ন সময়ত ভিন্ন ৰচনা কৰোঁতে উক্ত ৰচনাৰ চৰিত্রৰ মাজত সোমাই বা চৰিত্র হৈ কাহিনী আগবঢ়াই নিব পৰাটো তেখেতৰ অন্যতম কৃতিত্ব৷ খাটিখোৱা মানুহ আৰু ওপজা মাটিৰ হকে চিৰদিন চলোৱা কলমত ঠাই পাইছিল বার্ট্রাণ্ড ৰাছেল, ডষ্টয়ভস্কি,বর্হেছ, জ্যা পল ছার্ত্রে, টমাছ মান, উইল ডুৰাণ্ট, এইচ জি ৱেলছ ইত্যাদি বিখ্যাত লেখকৰ কথাই৷ অসমীয়া মানুহক বিশেষকৈ বিশ্ব সাহিত্যৰ সৈতে পৰিচয় কৰি দিয়াত বৰগোহাঞিৰ অৱদান অনস্বীকার্য৷ ষ্টইক দর্শন, ছেনেকা, মার্কাছ অৰেলিয়াছ আদিৰ বিষয়ে লিখা প্রবন্ধসমূহে তেওঁ সেই দর্শনৰ প্রতি অনুৰক্ত নাছিল যদিও আগ্রহো যে কমা নাছিল সেই কথাৰ উমান দিয়ে৷ কেন্দ্রীভূতকৰণ আৰু সংক্ষিপ্তকৰণৰ জৰিয়তে বস্তুনিষ্ঠতা আৰু বুদ্ধিদীপ্ততা জাগ্রত কৰি তোলাত বৰগোহাঞিৰ ৰচনাসমূহৰ যথেষ্ট প্রভাৱ আছে৷ সংক্ষিপ্তকৰণ আৰু ভাষাৰ মেদ বর্জন আদিত মনোযোগ দিয়াটো যে প্রয়োজন বৰগোহাঞিয়ে তেতিয়াই অনুধাৱন কৰিছিল৷ তেওঁৰ সতর্কবাণী কেৱল অন্ধ জাতীয়তাবাদৰ বিৰুদ্ধেই নহয়, অসমৰ অর্থনৈতিক স্বাৱলম্বিতাৰ সপক্ষেও আছিল৷ চিন্তাৰ স্বতন্ত্রতা আৰু স্বাধীনতাক কোনোদিনে বিসর্জন নিদিয়া বৰগোহাঞি জাতীয়তাবাদৰ নির্মম সমালোচক আছিল৷ কলমৰ যোগেদি এই কথা বুজাই দিছিল যে ৰূপান্তৰৰ বাবে উৎসাহ–উদ্দীপনাই যথেষ্ট নহয়, তাৰ বাবে লাগিব এক ভৱিষ্যৎমুখী ৰাজনৈতিক পৰিকাঠামো৷ কিন্তু জোৰ–জবৰদস্তি কৰি সৃষ্টিতো বাদেই, সমাজ পৰিৱর্তনো আশা কৰিব নোৱাৰি৷ আনহাতে বেজবৰুৱাই ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ত উল্লেখ কৰা ভেম+ ভণ্ডামি= অসমীয়া জাতি সংজ্ঞাৰ পৰা তেখেত মুক্ত আছিল৷ অলপ অন্তর্মুখিতা আৰু অধিক সময়ানুৱর্তিতাৰ বাবে বহু মানুহে তেখেতৰ ওচৰ চাপিবলৈ শংকাবোধ কৰিছিল বুলি বহুতেই মত পোষণ কৰে৷ অৱশ্যে কথাটো একেবাৰে অসত্যও নহয়৷ বৰগোহাঞিৰ ৰচনাসমূহৰ এক বৈশিষ্ট্য হৈছে বহুমুখিতা, যি বহুমুখিতা কেতিয়াও বস্তুনিষ্ঠতাৰ পৰিধিৰ বাহিৰত নহয়৷ এটা জাতিক পূর্ণাংগৰূপে গঢ়ি তুলিবলৈ প্রয়োজন হোৱা সকলো উপাদান, সমাধানৰ দিশ দায়িত্বসহকাৰে, জাতিৰ অভিভাৱক ৰূপে আঙুলিয়াই দিছিল৷ তেওঁ অনুভৱ কৰিছিল যে অধ্যয়নহীন এটা জাতিয়ে কেতিয়াও বিশ্বৰ আন উন্নত জাতিৰ লগত আগবাঢ়ি যাব নোৱাৰে৷ সাহিত্য আৰু সাংবাদিকতাৰ জৰিয়তে অসমীয়া জাতিক সঞ্জীৱিত কৰাৰ নিমিত্তে জীৱনৰ সৰহভাগ ব্যয় কৰা বৰগোহাঞিৰ অৱদানসমূহ সকলোৰে মাজত স্থায়ী ৰূপে জীন গৈছে৷ অসমীয়া ভাষা–সাহিত্যৰ চর্চা কৰিবলৈ, অসমীয়া ভাষাত লিখা–মেলা কৰিবলৈ যিসকল তৰুণ–তৰুণী ওলাই আহিছে, তাত অসম সাহিত্য সভাৰ দৰে বৃহৎ অনুষ্ঠানৰ তুলনাত হোমেন বৰগোহাঞি নামৰ স্বতন্ত্র সত্তাটোৰ আছে বৃহৎ বৰঙণি৷ অন্যথা যুক্তিনিষ্ঠ আৰু পৰিপক্ব প্রজন্ম এটা গঢ়ি উঠাত কঠিন হ’লহেঁতেন৷ বিশেষ মতাদর্শত দীক্ষিত হৈ নিজস্ব চিন্তাক সেই আদর্শৰে আগবঢ়াই নিয়াতকৈ সকলো আদর্শ অধ্যয়ন কৰি গঢ় লোৱা স্বতন্ত্রতা আৰু স্বাধীন চিন্তাহে প্রয়োজন– এইক্ষেত্রত বৰগোহাঞিক বহু লোকে সমালোচনা কৰিলেও ব্যক্তিগতভাৱে সমর্থন কৰিবলৈ কেতিয়াও দ্বিধাবোধ নকৰোঁ৷ বৰং ক’ব খোজেজা যে মুক্ত চিন্তাইহে বৌদ্ধিক প্রগতিশীলতাক প্রতিনিধিত্ব কৰে৷ বৰগোহাঞি ছাৰৰ চিন্তা, লেখা তথা সৃষ্টিসমূহ অসমীয়াৰ কাৰণে সদায় নতুন হৈ থাকিব, দুপৰীয়াৰ বেলিটোৰ দৰেই উজ্জ্বল হৈ থাকিব৷ সেইসমূহে আগলৈকো অসমীয়া মানুহক জাগ্রত কৰি ৰাখিব৷ নিঃস্বার্থভাৱে অসমীয়া ভাষা–সাহিত্যলৈ অৱদান আগবঢ়াওঁতা, গদ্যৰ সাধক, শব্দৰ সৈতে খেলিব পৰা সুনিপুণ খেলুৱৈ, জাতীয়তাবাদৰ আলোচক, যুৱপ্রজন্মৰ চিন্তাৰ ভেটি বান্ধোতা হোমেন বৰগোহাঞিৰ কথা লিখি থাকিলেও অন্ত নপৰে, লিখি শেষ কৰিবলৈও ভাগৰ লাগে৷ অসমীয়া গদ্য বা লিখন শৈলীক এক নতুন ধৰণেৰে তথা বিশ্ব সাহিত্যৰে অসমীয়াক অনুপ্রাণিত কৰা, গ্রন্থ আৰু সাহিত্য চর্চাৰ লগত অসমীয়াক একেডাল জৰীৰে নিকপকপীয়াকৈ বন্ধাটো তেখেতৰ অন্যতম কৃতিত্ব৷
হোমেন বৰগোহাঞিক বেয়া পোৱা মানুহো আছে৷ সেইসকলে মানুহজনৰ বিষয়ে ভিন্ন কথা পাতে, সমালোচনাও কৰে৷ কিন্তু অসমীয়া সাহিত্য, সমাজ জীৱনলৈ আগবঢ়োৱা তেখেতৰ বৰঙণিক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ হোমেন বৰগোহাঞিৰ লেখাবোৰ অধিক তাত্ত্বিক আৰু বুজিব নোৱাৰা কঠিন বিশ্লেষণ নহয়৷ সৰল ভাষাৰে সকলো পাঠকে বুজিব পৰাকৈ লিখা বাবে তেওঁ শিক্ষিত চামৰ মাজতে সীমাবদ্ধ হৈ থকা নাই৷ সকলো শ্রেণীৰ লোকে আদৰি লৈছে৷ ৰাজপত্রিত বিষয়াৰ পদ এৰি এক অনিশ্চিত ভৱিষ্যতৰ দিশে দৃঢ়তাৰে আগবাঢ়ি যোৱা ব্যক্তিজনক সুবিধাবাদী সজাবলৈ চেষ্টা কৰাটো অজ্ঞতা বা বৌদ্ধিক পংগুত্বৰ বাদে আন একো নহয়৷ কৰুণাধাৰাৰ উপৰি অসমীয়া বিশ্বকোষ প্রণয়ন, জীৱন, স্বাস্থ্য সম্পর্কীয় ৰচনাৰাজি চিৰদিন পঠনযোগ্য হৈ থাকিব৷ আন একো নহ’লেও তেখেত প্রাসংগিক হৈ থাকিব এপিটাফ, ইছমাইল শ্বেখৰ সন্ধানত আদি গল্পৰ বাবে, অনন্য অভিজ্ঞতাৰে পৰিপূর্ণ পাঁচটা খণ্ডৰ আত্মজীৱনী, কবিতা, কম পৰিসৰৰ মাজত সামাজিক বাস্তৱতাক ফুটাই তোলা উপন্যাসসমূহৰ দৰে চহকী সাহিত্য কৃতিৰ বাবে৷ তেখেতৰ সৃষ্টিসমূহত যুক্তিবাদ আৰু আর্থ–সামাজিক বাস্তৱতাৰ বাহিৰেও পাঠকে এনে কিবা এটা বিচাৰি পায়, যিয়ে পাঠকৰ মন হূদয় আন্দোলিত কৰে৷ সেই ‘কিবা এটা’ৰ উন্মেষ ঘটাব পৰাটোও এক ধৰণৰ উল্লেখনীয় সফলতা৷ হোমেন বৰগোহাঞিক যিসকলে ভালদৰে বিশ্লেষণ নকৰাকৈ কেৱল বিতর্কিত ৰূপত চায়, সেইসকল লোকে প্রজ্ঞাৰ সাধক হোমেন বৰগোহাঞিক বিচাৰি নাপাব৷ উপৰুৱা দৃষ্টিৰে চাই এজন ব্যক্তিয়ে জীৱনজুৰি কষ্ট আৰু সাধনাৰ ফলত লাভ কৰা শ্রদ্ধা আৰু কৃতজ্ঞতাক অৱমাননা কৰাটো জানো উচিত বুলিব পাৰি? নতুনত্ব, গতানুগতিকতাৰ বিপৰীতে সম্পৰীক্ষাধর্মিতাৰ মাজেৰে তেখেতে অংকন কৰা শব্দৰ ৰামধেনুত লুকাই আছে মানৱীয়তা আৰু আত্মকথাৰ গুণমালা৷ জীৱনৰ খলাবমা বাটতো সৃষ্টিৰ গোলাপ ৰোপণ কৰা, নিজকে সামান্য লেখক বুলি আত্মব্যংগ কৰা মানুহজনৰ মনত উদ্যম কোনোদিনেই হ্রাস পোৱা নাছিল৷ কবি অজিৎ বৰুৱাই নিজকে সংলাপৰ মানুহবুলি কোৱাৰ দৰে হোমেন বৰগোহাঞি সংলাপৰ মানুহেই আছিল৷ এই কথা অসমৰ মানুহে চাগৈ মানি ল’ব যে বাণীকান্ত কাকতিয়ে অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগটোক বেজবৰুৱা যুগ বুলি কোৱাৰ দৰে অসমীয়া সাহিত্যৰ এই সময়খিনিক অর্থাৎ বৰগোহাঞিদেৱৰ ৰচনা কালটো আমি বৰগোহাঞি যুগ বুলি কোৱাত নিশ্চয় কাৰো আপত্তি নাথাকিব৷